নৃত্যাচাৰ্য যতীন গোস্বামী এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু যতীন গোস্বামী বিশেষভাৱে জনাজাত।১ তেখেত গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্য।২ তেখেত সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য আছিল। তেখেত আলোক শিল্পী সংঘ নামৰ নৃত্য একাডেমী আৰু প্ৰাগজ্যোতি কলা পৰিষদ নামৰ সংস্কৃতিক সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল।৩ তেখেত সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।৪ ২০০৮ চনত ভাৰত চৰকাৰে তেখেতক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৫ ২০১৯ চনত সংগীত নাটক একাডেমীয়ে গুৰু যতীন গোস্বামীক ২০১৮ চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ বা সদস্য ৰত্ন প্ৰদান কৰে।৬ মহেশ্বৰ নেওগ আৰু ভূপেন হাজৰিকাৰ পিছত এই সন্মান লাভ কৰা তেখেত তৃতীয়গৰাকী অসমীয়া। ২০২৫ বৰ্ষত যতীন গোস্বামীয়ে পদ্মভূষণ বঁটা লাভ কৰে।৭
প্ৰাৰম্ভিক জীৱন
১৯৩৩ চনৰ ২ আগষ্ট তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও দাধৰাৰ আধাৰ সত্ৰত যতীন গোস্বামীৰ জন্ম হৈছিল। তেখেতৰ পিতৃ সত্ৰীয়া সংগীতৰ এগৰাকী সু-প্ৰতিষ্ঠিত শিল্পী স্বৰ্গীয় ধৰণীধৰ দেৱগোস্বামী আৰু মাতৃ স্বৰ্গীয়া চন্দ্ৰপ্ৰভা দেৱী। সত্ৰীয়া পৰিৱেশত জন্মগ্ৰহণ কৰা গোস্বামীদেৱে সৰু থাকোঁতেই পিতৃৰ তত্ত্বাৱধানত সত্ৰীয়া নাচৰ চৰ্চা আৰম্ভ কৰিছিল। পিছলৈ তেখেতে কমলাবাৰী সত্ৰৰ প্ৰসিদ্ধ সত্ৰীয়া শিল্পী মণিৰাম দত্ত মুক্তিয়াৰ আৰু স্বৰ্গীয় ৰসেশ্বৰ শইকীয়া বৰবায়নৰ তত্ত্বাৱধান্ত নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। সত্ৰীয়াৰ উপৰিও তেখেতে জয়পুৰত গুৰু গণেশ হীৰালালৰ তত্ত্বাৱধানত কথক আৰু গুৰু অটম্বা সিংৰ তত্ত্বাৱধানত মণিপুৰী নৃত্যৰ শিক্ষাও লাভ কৰিছিল।৩
তেখেত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ একান্ত অনুৰাগী আছিল। তেখেত কুৰি বছৰ বয়সতেই ৰাভাদেৱৰ সংস্পৰ্শলৈ আহিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত গোস্বামীদেৱে সত্ৰীয়া নৃত্য আৰু নাটকৰ উপৰিও অসমীয়া লোকসংগীতৰ শিক্ষা গ্ৰহণ কৰে।৮
কৰ্মজীৱন
১৯৬০ চনত প্ৰথম অসমীয়া শিল্পী হিচাপে গোস্বামীদেৱে দিল্লী দূৰদৰ্শনত সত্ৰীয়া সংগীতৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। ১৯৬২ চনত বিষ্ণুপ্ৰসাদ ৰাভা, ৰসেশ্বৰ শইকীয়া বৰবায়ন আৰু তেখেত অংকীয়া নাট ভাওনাৰ প্ৰথম আৰু একমাত্ৰ ভ্ৰাম্যমাণ দল “প্ৰাগজ্যোতিষ কলা পৰিষদ” গঠন কৰিছিল।৩ ১৯৬৩ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিকল্পনা অনুসৰি আধুনিক মঞ্চত প্ৰথমবাৰৰ বাবে “ৰুক্মিণী হৰণ” নাট তেখেতৰ অধীনত পৰিৱেশন কৰা হৈছিল। ইয়াৰ লগতে যতীন গোস্বামীয়ে উজনি অসমৰ প্ৰথম ভ্ৰাম্যমাণ নাট্যদল “ভাস্কৰ থিয়েটাৰ”৯ গঠন আৰু ‘খাজুৰাহো নৃত্য উৎসৱ’ত অনুষ্ঠান পৰিৱেশন কৰিছিল। তেখেতৰ অহোপুৰুষাৰ্থৰ ফলতে ‘নৃত্যাঞ্জলি উৎসৱ' আৰম্ভ হৈছিল। প্ৰতি বছৰে অনুষ্ঠিত এই উৎসৱ আধুনিক মঞ্চত সত্ৰীয়া নৃত্যৰ সংৰচনা আৰু সম্পৰীক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছে।
যতীন গোস্বামীয়ে অসমৰ লগতে গোটেই ভাৰততে সত্ৰীয়া নৃত্যৰ কৰ্মশালা পাতি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগভাগ লৈছিল।১১০ ১৯৯৪ চনত তেখেত সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদলৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।৮ তেখেত দেশে-বিদেশে বহু ঠাইত সত্ৰীয়া নৃত্য পৰিবেশন কৰিছে।১১ ২০০০ চনত সংগীত নাটক একাডেমীৰ তত্ত্বাৱধানত গুৱাহাটীত স্থাপন হোৱা সত্ৰীয়া একাডেমীৰ তেখেত প্ৰথম সঞ্চালক আছিল।
সাহিত্য-কীৰ্তি
নৃত্যাচাৰ্য যতীন গোস্বামীৰ বৰ্তমানলৈকে পাঁচখন গ্ৰন্থ প্ৰকাশিত হৈছে। সেইকেইখন হ'ল,
- মাটি আখৰা
- নৃত্য পৰিভাষিক শব্দ আৰু সংজ্ঞা
- ঝুমুৰা নাচ - নাদু ভংগী
- নৃত্য শিক্ষা আৰু
- নৃত্যৰ প্ৰাথমিক হস্ত পৰিচয়
বঁটা আৰু সন্মান
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক হিচাপে খ্যাতি লভা যতীন গোস্বামীয়ে পৰবৰ্ত্তী সময়ত ‘নৃত্যাচাৰ্য্য’ সন্মানেৰে ভূষিত হৈ প্ৰসিদ্ধি লাভ কৰে। তেখেতে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল,
- পদ্মভূষণ৭
- শিল্পী দিৱস পুৰস্কাৰ (১৯৯৪)
- অসম নাট্য সমিতি ভ্ৰাম্যমাণ থিয়েটাৰ পুৰস্কাৰ (১৯৯৫-৯৬)
- অসম চৰকাৰৰ শ্ৰেষ্ট নৃত্য নিৰ্দেশক পুৰস্কাৰ (১৯৯৭)
- নৃত্যাচাৰ্য ৰ্সন্মান (১৯৯৯)
- ভাৰতীয়ম সন্মান, সাংস্কৃতিক মন্ত্ৰণালয়, ভাৰত চৰকাৰ (২০০২)
- চন্দ্ৰকান্ত-হিৰাপ্ৰভা পুৰস্কাৰ (২০০২)
- সংগীতজ্যোতি পুৰস্কাৰ (২০০৪)
- সংগীত নাটক একাডেমী বঁটা (২০০৪)
- অসম নাট্য সন্মিলন পুৰস্কাৰ (২০০৪)
- দ্ৰোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা৷১২
- নৃত্য শিৰোমণি, অসম সত্ৰ মহাসভা (২০০৭)
- ওৱাইজমেন আন্তৰ্জাতিক বঁটা (২০০৮)
- পদ্মশ্ৰী (২০০৮)
- নৃত্য কলা-ৰত্ন পুৰস্কাৰ (২০০৯)
- লিঅ'-এক্সপ' বঁটা (২০০৯)
- শঙ্কৰাচাৰ্য্য অৱতাৰ পুৰস্কাৰ (২০১০)
- আনন্দ মোহন ভাগৱতী নৰ্টন পুৰস্কাৰ (২০১২)
- ভবেন শইকীয়া ভ্ৰাম্যমাণ থিয়েটাৰ পুৰস্কাৰ (২০১৩)
- ওদিছি গুৰু দেৱপ্ৰসাদ দাস পুৰস্কাৰ (২০১৪)
- মঘাই ওজা সৃজন বঁটা (২০১৫)
- সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ বা সদস্য ৰত্ন (২০১৮)১৩
- প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড প্ৰদত্ত জীৱনজোৰা সাধনা বঁটা (২০২৩)
তথ্যসূত্ৰ
- ↑ (15 July 2006). Spotlight on Sattriya dance. The Hindu
- ↑ (2016). Sattriya Kendra - Advisory Committee. Sangeet Natak Akademi
- ↑ (28 August 2012). Dance, a path to inner happiness. The Telegraph
- ↑ (2016). SNA Awardees. Sangeet Natak Akademi
- ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ assamese.sentinelassam.com/news/assam-artistes-w
- ↑ পদ্ম বঁটা ২০২৫
- ↑ (20 April 2012). Bred on beauty. The Hindu
- ↑ পৃষ্ঠা: ৬৯ গ্ৰন্থ: ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰি বছৰ। লেখক: অতুল মজুমদাৰ। প্ৰকাশক: শৰাইঘাট সাহিত্য প্ৰকাশ। প্ৰথম প্ৰকাশ: মাৰ্চ, ২০২৪
- ↑ (4 November 2011). The seventh surprise. Indian Express
- ↑ (2016). Jatin Goswami and Troupe. Zomato
- ↑ নৃত্যাচাৰ্য যতীন গোস্বামীক দ্ৰোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা. দৈনিক অসম. পৃ. ৭
- ↑ assamese.sentinelassam.com/news/assam-artistes-w
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যতীন গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬৪০১৭৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।