অসমীয়া নৃত্যশিল্পী
১৫ প্ৰবন্ধ
-
গজেন বৰুৱা
গজেন বৰুৱা এজন অসমীয়া নৃত্যশিল্পী আৰু সাংস্কৃতিক কৰ্মী। ১৯১৫ চনত শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত গজেন বৰুৱাৰ জন্ম হয়। নৃত্যশিল্পীৰূপে তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছিল।
-
যতীন গোস্বামী
নৃত্যাচাৰ্য যতীন গোস্বামী এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু যতীন গোস্বামী বিশেষভাৱে জনাজাত। তেখেত গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্য।
-
মাধুৰীমা চৌধুৰী
মাধুৰীমা চৌধুৰী (Madhurima Choudhury) অসমৰ এগৰাকী অভিনয় শিল্পী আৰু নৃত্য পটীয়সী। তেওঁ বহুকেইখন অসমীয়া কথাছবি, ভিচিডি আৰু ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ দূৰদৰ্শণ কেন্দ্ৰ গুৱাহাটীৰ এগৰাকী ঘোষিকা হিচাপেও কৰ্মৰত আছিল। চৌধুৰী আছিল অসমৰ লতাশিল বিহুতলীৰ প্ৰথমগৰাকী বিহুৰাণী।
-
ৰসেশ্বৰ শইকীয়া বৰবায়ন
ৰসেশ্বৰ শইকীয়া বৰবায়ন একাধাৰে বৰবায়ন, নৃত্যবিদ, সত্ৰীয়া সংস্কৃতিৰ সাধক। তেওঁ কমলাবাৰী সত্ৰৰ বৰবায়ন আছিল। সঙ্গীত-নাটক অকাডেমি বঁটা লাভ কৰা ৰসেশ্বৰ শইকীয়া বৰবায়নে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অগ্ৰনী ভূমিকা পালন কৰি থৈ গৈছে।
-
ইন্দিৰা পি পি বৰা
গুৰু ইন্দিৰা প্ৰফুল্ল প্ৰসাদ বৰা চমুকৈ ইন্দিৰা পি পি বৰা (India P P Bora) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যপটীয়সী।
-
গৰিমা হাজৰিকা
গৰিমা হাজৰিকা অসমৰ এগৰাকী শাস্ত্ৰীয় নৃত্য পটিয়সী। তেওঁ সত্ৰীয়া আৰু ওড়িছী নৃত্য বিশাৰদ। ভাৰতৰ বিভিন্ন আগশাৰীৰ মহানগৰীত নৃত্য পৰিৱেশন কৰি হাজৰিকাই সুনাম অৰ্জন কৰিছে। তেখেতে কেইবাখনো নৃত্য-নাটিকা ৰচনা কৰিছে। হাজৰিকা ৰচিত আৰু পৰিচালিত চেতনা নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে।
-
পুষ্পা ভূঞা
পুষ্পা ভূঞা (১৯৪৬–২০১৫) এগৰাকী ভাৰতীয় নৃত্যশিল্পী। তেওঁ মূলতঃ ভাৰতনাট্যম আৰু সত্ৰীয়া নৃত্য চৰ্চা কৰিছিল। তেওঁৰ অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০২ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
ভৱকৃষ্ণ গোস্বামী
ভৱকৃষ্ণ গোস্বামী অসমৰ সত্ৰীয়া গীত-নৃত্যৰ বিশিষ্ট শিল্পী। শ্ৰীশ্ৰীবৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীয়ে সৰুৰে পৰা সত্ৰীয়া পৰিৱেশত ডাঙৰ হৈ তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাত জড়িত হৈ আছিল।
-
গোপীৰাম বৰগায়ন বুঢ়াভকত
ওজা গোপীৰাম বৰগায়ন বুঢ়াভকত (Oja Gopiram Barbayan Burhabhakat, জন্ম: ১ জানুৱাৰী ১৯২৫) মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ গুণী, সাধক, প্ৰচাৰক, অধ্যাপক, বৰগায়ন, বৰ ওজা, নামলগোৱা, চৰিত্ৰ তোলা নামঞ্জনীয়া বুঢ়াভকত।
-
জিতুমণি কলিতা
জিতুমণি কলিতা (Jeetumoni Kalita, জন্ম: ২৮ আগষ্ট, ১৯৯৯) হৈছে অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল। পুৰস্কাৰ হিচাপে জিতুমণিয়ে তিনি লাখ টকা নগদ ধন পোৱাৰ লগতে এটা ট্ৰফী লাভ কৰিছিল।
-
মেনকা পি পি বৰা
মেনকা প্ৰফুল্ল প্ৰসাদ বৰা চমুকৈ মেনকা পি পি বৰা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যপটীয়সী। ইয়াৰ লগতে তেওঁ কেৰালাৰ সমৰনৃত্যকলা কলৰীপায়াট্টুৰ এগৰাকী শিল্পী।
-
ৰঞ্জনা শৰ্মা বৰদলৈ
ৰঞ্জনা শৰ্মা বৰদলৈ (Ranjana Sharma Bordoloi; জন্ম: ০৮ ফেব্ৰুৱাৰী, ১৯৪৮ ) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যাংগণা। ২০২৫ চনৰ ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ JJM হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।
-
ঘনকান্ত বৰা বৰবায়ন
ঘনকান্ত বৰা বৰবায়ন (১৯৫০-) অসমৰ সত্ৰীয়া নৃত্যৰ এগৰাকী প্ৰসিদ্ধ গুৰু। তদুপৰি তেওঁ এগৰাকী বাদক (instrumentalist), কৰিঅ’গ্ৰাফাৰ আৰু লেখক। বৰবায়নে ২০০১ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০১৩ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
-
মানু
মানু এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। সৰ্ণ কদল মান্নান (১৯৯৯) অভিনয়ৰ দ্বাৰা তেওঁৰ আত্মপ্ৰকাশ পোৱাৰ পিছিত মানুৱে অভিনয় জীৱনক বাছি লৈছিল আৰু এগৰাকী নৃত্যশিল্পী হিচাপে তেওঁৰ আবেগক আগবঢ়াই গৈ পাৰফৰ্মিং আৰ্টচ সংন্থা স্থাপন কৰে আৰু গোটেই বিশ্বত নৃত্য-গীতত অংশ লয়।
-
শাৰদী শইকীয়া
শাৰদী শইকীয়া (Sarodi Saikia) অসমৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, নৃত্যৰ শিক্ষাগুৰু আৰু চেতাৰ বাদক। সত্ৰীয়া নৃত্যৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। ৰসেশ্বৰ শইকীয়া বৰবায়নৰ কাষত সত্ৰীয়া নৃত্যৰ আদিপাঠ গ্ৰহণ কৰা শইকীয়াই ২০১৫ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।