মণিপুৰৰ ব্যক্তি
২৮ প্ৰবন্ধ
-
মেৰী কম
মেৰী কম (Mary Kom; সম্পূৰ্ণ নাম: মাংগ্তে চাংগ্নেইজেং মেৰী কম, Mangte Chungneijang Mary Kom; জন্ম: ২৪ নৱেম্বৰ, ১৯৮২) ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা।
-
কুৰংগনয়নী
কুৰংগনয়নী (Kuranganayani) বা তেখাও-লেইমা মণিপুৰৰ ৰাজকুমাৰী তথা অসমৰ বৰকুঁৱৰী আছিল। তেওঁ মেইটেই শাসক চিঙ থাং খমবাৰ জীয়ৰী তথা আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পত্নী আৰু প্ৰধান ৰাণী আছিল।
-
সাইখোম মীৰাবাই চানু
সাইখোম মীৰাবাই চানু (Saikhom Mirabai Chanu, জন্ম: ৮ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত কেইবাবাৰো পদক লাভ কৰিছে।
-
এন. বিৰেন সিং
নংথমবাম বিৰেন সিং (ইংৰাজী: Nongthombam Biren Singh;জন্ম ১ জানুৱাৰী, ১৯৬১) হ'ল এজন ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সাংবাদিক। বিৰেন সিং বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী।
-
বোম্বাইলা দেৱী লাইশ্ৰাম
বোম্বাইলা দেৱী লাইশ্ৰাম (Bombayla Devi Laishram; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী খ্যাতনামা ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ২০০৭ চনৰ পৰা বিভিন্ন আন্তঃজাৰ্তিক প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। মণিপুৰৰ পশ্চিম ইম্ফলত জন্ম গ্ৰহণ কৰা বোম্বাইলায়ে ১৯৯৭ চনত জাতীয় স্তৰত প্ৰথম আত্মপ্ৰকাশ কৰে।
-
ৰাণী গাইডিনলিউ
ৰাণী গাইডিনলিউ (Rani Gaidinliu) এগৰাকী ভাৰতীয় স্বাধীনতা অন্দোলনৰ সেনানী। উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী সমাজসংগঠক আৰু বিপ্লৱী নেত্ৰী। ৰাণী গাইডিনলিউয়ে ব্ৰিটিছৰ সাম্ৰাজ্যবাদ আৰু ধৰ্মান্তকৰণৰ বিৰুদ্ধে যুঁজ দি প্ৰবল আন্দোলন চলাইছিল।
-
এম. কে. বিনোদিনী দেৱী
মহাৰাজ কুমাৰী বিনোদিনী দেৱী চমুকৈ এম. কে. বিনোদিনী দেৱী (M. K. Binodini Devi, ৬ ফেব্ৰুৱাৰী ১৯২২ - ১৭ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ। তেওঁ মণিপুৰ ৰাজপৰিয়ালৰ সদস্য আছিল। তেওঁৰ গ্ৰন্থ সমূহত কেৱল বিনোদিনী দেৱী নাম ব্যৱহাৰ কৰে।
-
টিকেন্দ্ৰজিৎ
টিকেন্দ্ৰজিৎ সিং (২৯ ডিচেম্বৰ ১৮৫৬ – ১৩ আগষ্ট ১৮৯১) এওঁ স্বাধীন মণিপুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ আছিল। এখেতক বীৰ টিকেন্দ্ৰজিৎ তথা কৈৰেং বুলি জনা যায়। তেওঁ মণিপুৰী সেনাবাহিনীৰ কামাণ্ডাৰ আছিল। তেওঁ ১৮৯১ চনৰ মণিপুৰ 'মহল-বিপ্লৱ'ৰ গুৰি ধৰিছিল এই বিপ্লৱৰ পৰিণতিত ব্ৰিটিছ আৰু মণিপুৰী সকলৰ মাজত যুদ্ধৰ সূচনা হয়।
-
হাওবম ওংবি ঙাংবি দেৱী
হাওবম ওংবি ঙাংবি দেৱী (Haobam Ongbi Ngangbi Devi; ১ আগষ্ট ১৯২৪ – ১২ জুন ২০১৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, সংগীতজ্ঞ। তেওঁ মণিপুৰী নৃত্যৰ লাই হাৰাওবা আৰু ৰাস নৃত্যৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত। ১৯৯৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
-
ৰতন থিয়াম
ৰতন থিয়াম (Ratan Thiyam; জন্ম: ২০ জানুৱাৰী, ১৯৪৮-২৩ জুলাই ২০২৫) এজন ভাৰতীয় নাট্যকাৰ আৰু থিয়েটাৰ পৰিচালক৷ ১৯৭০ চনৰ পৰা আৰম্ভ হোৱা ভাৰতীয় নাট্যক্ষেত্ৰৰ "শিপাৰ থিয়েটাৰ" (theatre of roots) আন্দোলনৰ অগ্ৰগণ্য ব্যক্তি হিচাপে ১৯৮৭ চনত তেওঁ সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
-
ইৰম চানু শৰ্মীলা
ইৰম চানু শৰ্মীলা ১৯৭২ চনৰ মাৰ্চ মাহৰ ১৪ তাৰিখে মণিপুৰত জন্মগ্ৰহণ কৰে। তেওঁক মণিপুৰৰ লৌহ মহিলা "Iron Lady of Manipur" বা "Menghoubi" ("the fair one") বুলিও কোৱা হয়।
-
কুঞ্জৰাণী দেৱী
নামেইৰাকপাম কুঞ্জৰাণী দেৱী (জন্ম ১ মাৰ্চ ১৯৬৮) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৪ আৰু ৪৬ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছত কেইবাবাৰো পদক লাভ কৰিছে। বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় ভাৰোত্তোলন দলৰ প্ৰশিক্ষক।
-
পোখৰাম্বাম সুশীলা চানু
পোখৰাম্বাম সুশীলা চানু (Pukhrambam Sushila Chanu) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ হকী খেলুৱৈ। তেওঁ বৰ্তমান ভাৰতৰ জুনিয়ৰ মহিলা হকী দলৰ অধিনায়িকা। তেওঁ মণিপুৰৰ ইম্ফলৰ নিবাসী।
-
লাইশ্ৰাম চৰিতা দেৱী
লাইশ্ৰাম চৰিতা দেৱী ( জন্ম ১ মাৰ্চ, ১৯৮২) মণিপুৰৰ এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ এগৰকী জাতীয় চেম্পিয়ন আৰু প্ৰাক্তন আন্তৰাষ্ট্ৰীয় চেম্পিয়ন। ২০০৯ চনত তেওঁ ক্ৰীড়াৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ’অৰ্জুন বঁটা’ প্ৰদান কৰে।
-
অনুৰাধা থোকচোম
অনুৰাধা থোকচোম (Anuradha Thokchom, জন্ম: ২ ফেব্ৰুৱাৰী ১৯৮৯, ভাৰতৰ মণিপুৰৰ টৌবুলত) ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলৰ সদস্য। মণিপুৰৰ টৌবুলত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা অনুৰাধাই কম বয়সতে হকী খেলিবলৈ আৰম্ভ কৰে আৰু ২০০৬ চনৰ মহিলা হকী চেম্পিয়নছ ট্ৰফীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে।
-
এলাম ইন্দিৰা দেৱী
এলাম ইন্দিৰা দেৱী (Elam Endira Devi, জন্ম:১ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ মণিপুৰী নৃত্যৰ লগত জড়িত। তেওঁ লাই হাৰাওবা আৰু মণিপুৰী ৰাসৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত।
-
চেমিনলেন দংগেল
চেমিনলেন দংগেল Seminlen Doungel (জন্ম- ৩ জানুৱাৰী) এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগত শ্বিলং লাজং দলত আৰু ইণ্ডিয়ান চুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলত ফৰৱাৰ্ড স্থানত খেলে।
-
নীলমণি দেৱী
নীলমণি দেৱী (Neelamani Devi, জন্ম: ১ ছেপ্টেম্বৰ ১৯৩৮) এগৰাকী ভাৰতীয় মৃৎ শিল্পী। মণিপুৰৰ পাৰম্পৰিক মৃৎ শিল্পক পুনৰুদ্ধাৰ প্ৰচেষ্টাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ এগৰাকী গুৰু কুমাৰ।
-
বিজিয়াশান্তি টংব্ৰাম
বিজিয়াশান্তি টংব্ৰাম (Bijiyashanti Tongbram; জন্ম:১৯৯৩) হৈছে মণিপুৰৰ এগৰাকী ভাৰতীয় মহিলা উদ্যোগী। তেওঁ সৰু আকাৰৰ মাফলাৰ আৰু ষ্টল বনাবলৈ পদুম ফুলৰ কাণ্ড ব্যৱহাৰ কৰে। তেখেতৰ এই প্ৰচেষ্টাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙকে ধৰি বহুলোকৰ দৃষ্টি আকৰ্ষণ কৰে।
-
বিনালক্ষ্মী নেপ্ৰাম
বিনালক্ষ্মী নেপ্ৰাম (Binalakshmi Nepram) এগৰাকী মানৱসেৱা কৰ্মী, লেখিকা আৰু সমাজসেৱিকা৷ তেওঁ উত্তৰ-পূব ভাৰত বিশেষকৈ মণিপুৰৰ হিংসা আৰু সন্ত্ৰাসৰ বিৰুদ্ধে জনমত গঠন কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷ হিংসাৰ বলি হোৱা মহিলা আৰু পৰিয়ালসমূহৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈকো তেওঁ অৱদান আগবঢ়াইছে৷ এইক্ষেত্ৰত…
-
বিশেষ হুইৰেম
বিশেষ হুইৰেম এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ অন্তৰ্গত। তেওঁ থাইলেণ্ডৰ পাত্তায়াত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল কুইন (ট্ৰান্সজেণ্ডাৰ) ২০১৬ সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম ভাৰতীয় হিচাপে বিশেষভাৱে পৰিচিত।
-
য়ুমলেম্বম গম্ভিনী দেৱী
য়ুমলেম্বম গম্ভিনী দেৱী (Yumlembam Gambhini Devi, জন্ম: ১ জানুৱাৰী ১৯৪৫) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা নৃত্য শিল্পী। তেওঁ মূলতঃ মণিপুৰৰ নাট সংকীৰ্তন আৰু মণিপুৰী ৰাসৰ লগত জড়িত। তেওঁ জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীৰ অনুষদৰ সদস্য। তেওঁ ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটাৰ লাভ কৰিছিল।
-
লিচিপ্ৰিয়া কাংগুজাম
লিচিপ্ৰিয়া কাংগুজাম (Licypriya Kangujam, জন্ম: ২ অক্টোবৰ ২০১১) ভাৰতৰ এগৰাকী শিশু পৰিৱেশ কৰ্মী। তেওঁ বিশ্বব্যাপী সৰ্বকনিষ্ঠ জলবায়ু কৰ্মীসকলৰ ভিতৰত অন্যতম আৰু স্পেইনৰ মাদ্ৰিডত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন ২০১৯ (চিওপি২৫)ত বিশ্বৰ নেতাসকলক সম্বোধন কৰি তেওঁলোকক তাৎক্ষণিক জলবায়ু ব্যৱস্থা গ্ৰহণ কৰিবলৈ…
-
সাবিত্ৰী হৈস্নাম্
সাবিত্ৰী হৈস্নাম্ (Sabitri Heisnam, জন্ম: ৫ জানুৱাৰী ১৯৪৬) বা হৈস্নাম্ সাবিত্ৰী এগৰাকী ভাৰতীয় মঞ্চ অভিনেত্ৰী আৰু মণিপুৰী থিয়েটাৰৰ অন্যতম উল্লেখযোগ্য থিয়েটাৰ ব্যক্তিত্ব। তেওঁ মধুশ্ৰী দত্তৰ দ্বাৰা পৰিচালিত সমালোচনামূলকভাৱে প্ৰশংসিত চুটি ছবি 'স্ক্ৰিবেলছ অন আক্কা'ত অভিনয় কৰিছিল।
-
নামুন চাওবি
নামুন চাওবি আছিল প্ৰাচীন কাংগলেইপাক (আৰম্ভণি মণিপুৰ)ৰ খুমান বংশৰ এগৰাকী সম্ভ্ৰান্ত মহিলা, যিটো ধ্ৰুপদী মেইটেই সাহিত্যিক গ্ৰন্থ চাইনাৰল (এন একাউণ্ট অৱ কম্বেটছ)ৰপৰাই বেছিকৈ পৰিচিত।
-
মাখনমণি মংছাবা
মাখনমণি মংছাবা (ইংৰাজী: Makhonmani Mongsaba, জন্ম: ১ মাৰ্চ ১৯৫৯) ইম্ফল, মণিপুৰৰ এগৰাকী ভাৰতীয় লেখক, অভিনেতা, প্ৰযোজক আৰু দৰ্শক। তেওঁ মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি অৰ্জন কৰিছিল। ২০১৩ চনত তেওঁ তেওঁৰ ভ্ৰমণবৃত্তান্তমূলক কিতাপ চিংলোন আমাডাগি আমাডাৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
লাইশ্ৰাম মনিকা দেৱী
লাইশ্ৰাম মনিকা দেৱী (Laishram Monika Devi, জন্ম ১ মাৰ্চ ১৯৮৩) মণিপুৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ ২০০৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
-
ৰালেংনাও খাথিং
ৰালেংনাও খাথিং (১৯১২–১৯৯০), বব খাথিং নামেৰেও পৰিচিত, এজন ভাৰতীয় সৈনিক, চৰকাৰী কৰ্মচাৰী আৰু কূটনীতিবিদ আৰু ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰা জনজাতীয় মূলৰ প্ৰথমজন ব্যক্তি। ভাৰত চৰকাৰে ১৯৫৭ চনত তেওঁক জাতিলৈ কৰা সেৱাৰ বাবে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।