ভাৰতৰ বক্সাৰ
১৬ প্ৰবন্ধ
-
লাভলীনা বৰগোহাঁই
লাভলীনা বৰগোহাঁই অসমৰ এগৰাকী ভাৰতীয় বক্সাৰ, যিয়ে আন্তৰ্জাতিক পৰ্যায়ত ৬৯ কেজি শাখাত পদক অৰ্জন কৰি পৰিচিতি লাভ কৰে। তেওঁ টকিঅ’ অলিম্পিকত বক্সিঙৰ ৬৯ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জ পদক লাভ কৰে।
-
মেৰী কম
মেৰী কম (Mary Kom; সম্পূৰ্ণ নাম: মাংগ্তে চাংগ্নেইজেং মেৰী কম, Mangte Chungneijang Mary Kom; জন্ম: ২৪ নৱেম্বৰ, ১৯৮২) ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা।
-
বিজেন্দৰ সিং
বিজেন্দৰ সিং বেনিৱাল (Vijender Singh Beniwal; জন্ম: ২৯ অক্টোবৰ ১৯৮৫) এজন ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ। এজন অপেছাদাৰী হিচাপে, তেওঁ ২০০৮ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় বক্সাৰ আছিল।
-
শিৱ থাপা
শিৱ থাপা (Shiva Thapa; জন্ম: ৮ ডিচেম্বৰ, ১৯৯৩) অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হ'বলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে।
-
যমুনা বড়ো
যমুনা বড়ো (Jamuna Boro; জন্ম: ৭ মে' ১৯৯৭) এগৰাকী ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ। তেওঁ ৰাছিয়াৰ উলান-উড়েত অনুষ্ঠিত ২০১৯ চনৰ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত তেওঁ সোণৰ পদক অৰ্জন কৰে।
-
লাইশ্ৰাম চৰিতা দেৱী
লাইশ্ৰাম চৰিতা দেৱী ( জন্ম ১ মাৰ্চ, ১৯৮২) মণিপুৰৰ এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ এগৰকী জাতীয় চেম্পিয়ন আৰু প্ৰাক্তন আন্তৰাষ্ট্ৰীয় চেম্পিয়ন। ২০০৯ চনত তেওঁ ক্ৰীড়াৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ’অৰ্জুন বঁটা’ প্ৰদান কৰে।
-
সতীশ কুমাৰ
সতীশ কুমাৰ যাদৱ (জন্ম ৪ মে ১৯৮৯) বুলন্দ চহৰৰ এজন ভাৰতীয় বক্সাৰ। তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত ইনচিয়নত অনুষ্ঠিত ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জিকিছিল। আৰু ললগতে তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় বক্সাৰ।
-
অঙ্কুশিতা বড়ো
অঙ্কুশিতা বড়ো (Ankushita Boro; জন্ম ২০০০ চন) এগৰাকী ভাৰতীয় বক্সাৰ তথা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ বিজয়ী। ২০১৭ চনৰ বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কিলোগ্ৰাম শাখাত অঙ্কুশিতাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
-
অভিজিত বৰুৱা
অভিজিত বৰুৱা (Abhijit Baruah, জন্ম: ১৯৯০ চন) হৈছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত স্বীকৃতিপ্ৰাপ্ত এজন অসমীয়া ক্ৰীড়াবিদ। তেওঁ অসম আৰক্ষী বিভাগৰ এজন কৰ্মচাৰী। অভিজিত এজন সুদক্ষ সমৰ কলাবিদ।
-
পূজা ৰাণী
পূজা ৰাণী বুৰা (Pooja Rani Boora, জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় মিডলৱেইট বক্সাৰ। ২০১৪ চনৰ এছিয়ান গেমছৰ ৭৫ কিলোগ্ৰাম শাখাত তেওঁ ব্ৰঞ্জৰ পদক বিজেতা। ২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত সোণৰ পদক, এছিয়ান চেম্পিয়নশ্বিপৰ ৭৫ কিলোগ্ৰাম শাখাত ৰূপ (২০১২) আৰু ব্ৰঞ্জ (২০১৫) পদক বিজেতা।
-
ভাগ্যৱতী কছাৰী
ভাগ্যৱতী কছাৰী (Bhagyabati Kachari জন্ম: ১ জানুৱাৰী, ১৯৯২) এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ ছাৰ্বিয়াৰ চম্বৰত অনুষ্ঠিত নৱম নেশ্বনছ কাপ বক্সিং টুৰ্ণামেণ্টত ৰূপৰ পদক অৰ্জন কৰে।
-
মনীষ কৌশিক
চুবেদাৰ মনীষ কৌশিক (জন্ম ১১ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় বক্সাৰ। তেওঁ ভাৰতীয় সেনাৰ সৈতে এজন কনিষ্ঠ কমিছনড অফিচাৰ (জেচিঅ')। কৌশিকে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলত দোহা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত স্বৰ্ণ পদক জিকিছিল। দুবছৰ পিছত, মনীষে ২০১৭ চনৰ ৰাষ্ট্ৰীয় বক্সিং গেমছত স্বৰ্ণ জয় কৰে।
-
কবিতা গোয়াত
কবিতা গোয়াত (জন্ম: ১৫ আগষ্ট ১৯৮৮) ভাৰতৰ এগৰাকী মহিলা বক্সাৰ। তেওঁ ৬৯-৭৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। চীনৰ গুয়াংজোত অনুষ্ঠিত ২০১০ চনৰ এছিয়ান গেমছত কবিতাই ব্ৰঞ্জৰ পদক জিকিছিল। ২০১০ চনৰ এছিয়ান গেমছৰ ছেমিফাইনেলত তেওঁ চীনৰ জিনজি লিৰ হাতত ১:৩ পয়ণ্টত পৰাজিত হয়।
-
ছোনিয়া লাথাৰ
ছোনিয়া লাথাৰ ( Sonia Lather; জন্ম: ১০ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অপেশাদাৰী বক্সাৰ। ২০১৬ চনৰ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী হোৱাৰ লগতে এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ৰূপৰ পদক বিজয়ী হৈছিল।
-
নিখত জৰীন
নিখত জৰীন ( Nikhat Zareen; জন্ম: ১৪ জুন ১৯৯৬) এগৰাকী ভাৰতীয় বক্সাৰ আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন। ২০১১ চনত আন্টালিয়াত অনুষ্ঠিত হোৱা এআইবিএ মহিলা যুৱ আৰু জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে।
-
নিশান্ত দেৱ
নিশান্ত দেৱ (জন্ম: ২৩ ডিচেম্বৰ ২০০০) এজন ভাৰতীয় মুষ্টিযোদ্ধা। উজবেকিস্তানৰ টাছকেণ্টত অনুষ্ঠিত হোৱা আই বি এ পুৰুষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ ৭১ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।