অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কাজাখাস্তান

কাজাখাস্তান (কাজাখ্ ভাষা: Қазақстан ক্বজ়ক্ব্‌স্তন্‌ ) মধ্য এছিয়াৰ এক গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই বিশ্বৰ ৯ম বৃহত্তম ৰাষ্ট্ৰ আৰু বৃহত্তম স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে ৰাছিয়া, পূবে চীন, দক্ষিণে কিৰগিজস্তান, উজবেকিস্তান, আৰু তুৰ্কমেনিস্তান আৰু পশ্চিমে কাস্পিয়ান সাগৰ আৰু ৰাছিয়া।

হালনাগাদ: ২৭ জুন ২০২৬ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কাজাখাস্তান (কাজাখ্ ভাষা: Қазақстан ক্বজ়ক্ব্‌স্তন্‌ ) মধ্য এছিয়াৰ এক গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই বিশ্বৰ ৯ম বৃহত্তম ৰাষ্ট্ৰ আৰু বৃহত্তম স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে ৰাছিয়া, পূবে চীন, দক্ষিণে কিৰগিজস্তান, উজবেকিস্তান, আৰু তুৰ্কমেনিস্তান আৰু পশ্চিমে কাস্পিয়ান সাগৰ আৰু ৰাছিয়া। কাজাখস্তান প্ৰায় সম্পূৰ্ণভাবে এছিয়া মহাদেশত অৱস্থিত। দেশখনৰ কিছু অংশ য়ুৰাল নদীৰ পশ্চিমে ইউৰোপ মহাদেশত পৰিছে। দেশৰ উত্তৰ অংশত অৱস্থিত আস্তানা নগৰ ইয়াৰ ৰাজধানী।

কাজাখ্ ভাষা কাজাখাস্তানৰ চৰকাৰী ভাষা। কাজাখ নামৰ তুৰ্কীয় জাতি ইয়াৰ প্ৰধান জনগোষ্ঠী। ১৯২২ চনৰ পৰা ১৯৯১ পৰ্যন্ত কাজাখাস্তান ছোভিয়েট সংঘৰ অংশ আছিল। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। স্বাধীনতাৰ পিছৰে পৰা দেশখনত ৰাষ্ট্ৰপতি শাসিত ব্যৱস্থা বিদ্যমান। ১৯৯৫ চনত এক নতুন সংবিধান প্ৰণয়ন কৰা হয়, যাতে ৰাষ্ট্ৰপতিক একচ্ছত্ৰ ক্ষমতা দিয়া হয়।

ৰাজনীতি

কাজাখাস্তানৰ ৰাজনীতি এক ৰাষ্ট্ৰপতি শাসিত গণতন্ত্ৰ। ৰাষ্ট্ৰপতি হল ৰাষ্ট্ৰৰ প্ৰধান। চৰকাৰৰ প্ৰধান ৰাষ্ট্ৰপতি কৰ্তৃক মনোনীত হয়। ৰাষ্ট্ৰৰ সকলো ক্ষমতা চৰকাৰৰ ওপৰত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু দ্বিকাক্ষিক বিধানসভা উভয়ৰ ওপৰত ন্যস্ত।

ভূগোল

কাজাখাস্তানৰ মানচিত্ৰ
কাজাখাস্তানৰ মানচিত্ৰছবি: Public domain

কাজাখাস্তানৰ আয়তন ২.৭ মিলিয়ন বৰ্গকিলোমিটাৰ (১.০৫ মিলিয়ন বৰ্গমাইল), যি দেশখনক পৃথিৱীৰ নবম বৃহত্তম দেশৰ মৰ্যাদা দিছে। কাজাখাস্তান পৃথিৱীৰ বৃহত্তম স্থলভূমি-বেষ্টিত দেশ। ইয়াৰ আয়তন পশ্চিম ইউৰোপৰ আয়তনৰ সমতুল্য।

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশইউৰোপৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহপোখালি (দেশ)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাজাখাস্তান” প্ৰবন্ধৰ সংশোধন ৬১৪৬৬৮ (২৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।