বাদল সৰকাৰ (Badal Sarkar; ১৫ জুলাই, ১৯২৫ – ১৩ মে', ২০১১) এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঙালী নাট্য ব্যক্তিত্ব। তেওঁ থাৰ্ড থিয়েটাৰ নামক এক ভিন্ন ধাৰাৰ নাটকৰ প্ৰবক্তা হিচাপে পৰিচিত। সত্তৰৰ দশকৰ নক্সাল আন্দোলনৰ সময়ত তেওঁ প্ৰতিষ্ঠান বিৰোধী নাট ৰচনাৰ বাবে পৰিচিত হৈছিল, বাদল চৰকাৰৰ প্ৰথম কাম আছিল মঞ্চৰ বাহিৰৰ সাধাৰণ ৰাইজৰ মাজত নাটক বিয়পাই দিয়া। ১৯৭৬ চনত তেওঁৰ নিজা নাট্যদল শতাব্দী গঠন হয়। ভাৰতত আধুনিক নাট্যকাৰ হিচাপে হাবিব তনবীৰ, বিজয় তেণ্ডুলকাৰ, মোহন ৰাকেশ আৰু গিৰীশ কাৰ্ণাডৰ সমান্তৰালকৈ বংগত বাদল সৰকাৰৰ নাম উচ্চাৰিত হয়।
প্ৰাথমিক জীৱন
বাদল সৰকাৰৰ জন্ম ১৯২৫ চনত কলকাতাত। স্কুলীয়া আৰু কলেজীয়া জীৱনত তেওঁৰ নাম আছিল সুধীন্দ্ৰনাথ সৰকাৰ। কিন্তু পাছলৈ বাদল সৰকাৰ নামেৰে পৰিচিত হ’ল। স্কটিছ চাৰ্চ কলেজৰপৰা বিজ্ঞান শাখাত স্নাতক হোৱাৰ পাছত শিৱপুৰ বেংগল ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰে। পেছাত তেওঁ আছিল এজন টাউন প্লেনাৰ। শিৱপুৰ বেংগল ইঞ্জিনিয়াৰিং কলেজত তেওঁৰ সহপাঠী আছিল সাহিত্যিক নাৰায়ণ সান্যাল। চিভিল ইঞ্জিনিয়াৰিং পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ভাৰত আৰু বিভিন্ন দেশত টাউন প্লেনাৰ হিচাপে তেওঁ কাম কৰিছিল। ইংলেণ্ড আৰু নাইজেৰিয়ালৈ পেছাগত কামত গৈছিল৷ সাহিত্য আৰু নাটকৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ বৃদ্ধ বয়সত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ তুলনামূলক সাহিত্য শ্ৰেণীত নামভৰ্তি কৰিছিল৷ ১৯৯২ চনত তাৰ পৰাই এই বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷
নাটকৰ জগত
পঞ্চাশৰ দশকৰ আৰম্ভণিতে তেওঁৰ নাট্য জীৱন আৰম্ভ হৈছিল। প্ৰাথমিক জীৱনত অপেছাদাৰী থিয়েটাৰত অভিনয় কৰাৰ পাছত তেওঁ ‘শতাব্দী’ নামৰ এক নতুন নাট্যগোষ্ঠী এটা গঢ়ি তুলিছিল। কলকাতাৰ কাৰ্জন পাৰ্কত এই গোটৰ হৈ নিয়মিতভাৱে বাদল সৰকাৰে থাৰ্ড থিয়েটাৰত অভিনয় কৰিছিল। নাটক ৰচনাত তেওঁ মূলতঃ এবচাৰ্ড নাট্যদৰ্শনৰদ্বাৰা প্ৰভাবিত হৈছিল। ‘এবং ইন্দ্ৰজিৎ’ তেওঁৰদ্বাৰা ৰচিত সৰ্বাধিক জনপ্ৰিয় নাটক। কেৱল নাটকেই নহয়, বহু বিদেশী গল্পৰ অনুসৰণত তেওঁ বাংলা গল্পও ৰচনা কৰিছিল। বাংলা থিয়েটাৰেৰ ইতিহাসত অন্যধাৰাৰ শিল্পী হিচাপে তেওঁ আজিও স্মৰণীয়।
মৃত্যু
কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০১১ চনৰ ১৩ মে’ত কলকাতাত তেওঁৰ মৃত্যু হয়। যদিও তেওঁৰ নাটক বহু চৰ্চিত আৰু অভিনীত হৈ আহিছে, তথাপি জীৱনৰ শেষৰ দুটা দশক তেওঁ লোকচকুৰপৰা প্ৰায় আঁতৰি আছিল।
সন্মান
১৯৬৮ চনত সংগীত নাটক অকাডেমী বঁটা আৰু ১৯৭২ চনত পদ্মশ্ৰী লাভ কৰে৷ ১৯৯৭ চনত ভাৰত চৰকাৰে সংগীত নাটক অকাডেমী ফেল'শ্বিপৰ পৰা সংস্থাটোৰ সৰ্বোচ্চ বঁটা "ৰত্ন সদস্য" প্ৰদান কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাদল সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৪৩৮৬ (২২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।