অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গাই যাত্ৰা

গাই যাত্ৰা (নেপালী: গই জাত্ৰ), যাক ইয়াৰ সমাৰ্থক নাম সা পাৰু বুলিও জনা যায়, নেপালৰ এটা উৎসৱ যিটো প্ৰধানকৈ কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ লোকে পালন কৰে। পাৰ হৈ যোৱা বছৰৰ ভিতৰত মৃত্যু হোৱা তেওঁলোকৰ নিকট আত্মীয়ৰ শ্ৰদ্ধাঞ্জলি হিচাপে এই উৎসৱ পালন কৰা হয়।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৪৫৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

গাই যাত্ৰা (নেপালী: গই জাত্ৰ), যাক ইয়াৰ সমাৰ্থক নাম সা পাৰু বুলিও জনা যায়, নেপালৰ এটা উৎসৱ যিটো প্ৰধানকৈ কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ লোকে পালন কৰে।১২ পাৰ হৈ যোৱা বছৰৰ ভিতৰত মৃত্যু হোৱা তেওঁলোকৰ নিকট আত্মীয়ৰ শ্ৰদ্ধাঞ্জলি হিচাপে এই উৎসৱ পালন কৰা হয়। ল’ৰা-ছোৱালীৰ বেলেগ বেলেগ গোটে গৰু বা অন্য ধৰ্মীয় জীৱৰ অনুকৰণত সাজ-পোছাক পিন্ধি দলবদ্ধ হৈ চহৰত ঘূৰি ফুৰে৷

সাধাৰণতে ভদ্ৰ মাহত (আগষ্ট/ছেপ্টেম্বৰ) ইয়াক পালন কৰা হয়।৩ চান্দ্ৰ মাহ নেপালী চাম্বাত কেলেণ্ডাৰ অনুসৰি এই যাত্ৰাৰ তাৰিখ নিৰ্ধাৰণ কৰা হয় আৰু গুণলা মাহৰ কৃষ্ণ পক্ষৰ প্ৰথম দিনটোত এই গাই যাত্ৰা পৰে।

উৎপত্তি

নেপালৰ ৰজা প্ৰতাপ মল্লই তেওঁৰ শাসন কাল ১৬৪১ চনৰ পৰা ১৬৭১ খ্ৰীষ্টাব্দৰ মাজতে এই গাই যাত্ৰা অনুষ্ঠান আৰম্ভ কৰিছিল৷৪ তেওঁৰ কিশোৰ পুত্ৰ চক্ৰৱৰ্তেন্দ্ৰ মল্লৰ অকাল মৃত্যু হৈছিল আৰু ৰাণীয়ে পুত্ৰক হেৰুৱাই শোক প্ৰকাশ কৰি বাউলী হৈছিল। ৰজা প্ৰতাপ মল্লই নিজৰ পুত্ৰৰ আত্মাক পৰৱৰ্তী জীৱনলৈ উন্নীত কৰাত সহায় কৰিবলৈ আৰু শোকত ভাগি পৰা ৰাণী আৰু যিসকলৰ আপোনজনৰ মৃত্যু হৈছিল, তেওঁলোকৰ পৰিয়ালৰ শোক পাতলাবলৈ এই পৰম্পৰা আৰম্ভ কৰিছিল৫৬

ব্যুৎপত্তি

এই উৎসৱটো নেৱাৰ ভাষা বা নেপালী ভাষাত সা পাৰু বুলিও জনা যায়। নেপালী ভাষাত সাৰ অৰ্থ গৰু আৰু পাৰুৰ অৰ্থ হ'ল প্ৰতিপদ তিথি(হিন্দু পঞ্জিকা পদ্ধতি অনুসৰি পষেকৰ প্ৰথম দিন)। ভাদ্ৰ (হিন্দু পঞ্জিকা) মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিত ল’ৰা-ছোৱালীবোৰে গৰুৰ দৰে সাজ-পোছাক পিন্ধি পালন কৰা হয় বাবে এই উৎসৱক সা-পাৰু (চা-পাৰু) বোলা হয়॥ নেপালী ভাষাত আৰু নেপাল আৰু বিশ্বৰ অন্যান্য অঞ্চলত ইয়াক গাই যাত্ৰা নামেৰে জনা যায়।৭

পৰিৱেশন

হিন্দু ধৰ্মত গাই(গৰু) লক্ষ্মীৰ দৰে পৱিত্ৰ আৰু মাতৃ হিচাপে গণ্য কৰা হয়। যিসকলৰ পৰিয়ালৰ মৃত্যু হৈছিল, তেওঁলোকৰ সন্তান হনুমান ধোকা প্ৰাসাদলৈ গৈছিল আৰু নেৱাৰ পুৰোহিতে ওলাই যোৱাসকলৰ বাবে প্ৰাৰ্থনা কৰে। শিশোৱে সাধাৰণতে দীঘল চোলা পিন্ধে আৰু কঁকালত কমৰবন্ধ এডাল মাৰে যাৰ দুয়োটা মূৰ সোঁ আৰু বাওঁফালে ওলমি থাকিব লাগে, যাতে খোজ কঢ়াৰ সময়ত মাটিত আঁচ বহি থাকে। তেওঁলোকে আঁচ বহুৱাই যোৱাটো প্ৰয়োজনীয় কাৰণ ই মৃত্যু হৈ পৃথিৱীৰ পৰা স্বৰ্গলৈ আৰোহণ কৰা আপোনজনৰ বাবে মাটি(পৃথিৱী) স্পৰ্শ কৰে। এইটো খোজকাঢ়োঁতে কাপোৰ চোঁচৰাই নিয়াৰ উৎসৱ। ল’ৰা-ছোৱালীবোৰে মূৰত এনে পোছাক পিন্ধে যাৰ ওপৰত গৰুৰ ছবি অংকন কৰা থাকে যিটো এই উৎসৱৰ বাবে গুৰুত্বপূৰ্ণ; আৰু তেওঁলোকে মুখত গোঁফ অংকন কৰে। নেৱাৰ সম্প্ৰদায়ৰ বাবে এই যাত্ৰা ধৰ্মীয় যেন লাগে, কাৰণ এই অনুষ্ঠানৰ জৰিয়তে আপোনজনক পৃথিৱীৰ পৰা স্বৰ্গলৈ পাৰ হৈ যোৱাত সহায় কৰে আৰু পৰি ৰোৱা শোকাহতসকলক উৎসাহিত কৰে। এই শোভাযাত্ৰা শিশুসকলে ৰাতিপুৱা কৰে আৰু সন্ধিয়া শোকত ভাগি পৰা ৰাণী আৰু অন্যান্যৰ বাবে হনুমান ধোকা ডাবালিত কৌতুক অনুষ্ঠান অনুষ্ঠিত কৰে।

১৬০০ চনৰ পৰাই এই ব্যংগ আৰু কৌতুক বিকশিত হৈ আহিছে আৰু বৰ্তমান টিভি শ্ব'ত ইয়াক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ ৰাজনৈতিক ব্যংগও অন্তৰ্ভুক্ত কৰা হৈছে। সাধাৰণতে পুৰুষ কমেডিয়ানসকলে মহিলাৰ কাপোৰ পিন্ধি নাটকৰ পুৰুষ আৰু মহিলা উভয় চৰিত্ৰ প্ৰদৰ্শন কৰে। এইটো এটা মজাৰ অনুষ্ঠান, নেৱাৰ সম্প্ৰদায়ৰ লগতে আন সকলো নেপালী সম্প্ৰদায়ৰ বাবে।৮

গাই যাত্ৰা প্ৰধানকৈ কাঠমাণ্ডু উপত্যকাৰ কাঠমাণ্ডু চহৰত, পাতন আৰু ভক্তপুৰত উদযাপন কৰা হয়।৯ এই উৎসৱ উদযাপন দেশৰ অন্যান্য অঞ্চলতো বিয়পি পৰিছে, য’ত উল্লেখযোগ্যভাবে নেৱাৰ সম্প্ৰদায়ৰ লোক আছে।

তথ্যসূত্ৰ

  1. ↑ Chettri, Prabhakar. Festivals of Nepal: Gai Jatra. nepalhomepage.com
  2. ↑ Setopati, सेतोपाटी. गाईजात्रा सुरु. Setopati
  3. ↑ Setopati, सेतोपाटी. गाईजात्रा सुरु. Setopati
  4. ↑ (2021-07-19). गाईजात्रा कहाँ, किन र कसरी मनाइन्छ?. BBC News नेपाली
  5. ↑ (2021-08-23). Devotees celebrate Gai Jatra in Kathmandu for the salvation of departed souls. ANI News
  6. ↑ Gaijatra being observed in Kathmandu Valley. kathmandupost.com
  7. ↑ 'सा पारु' अर्थात् गाईजात्रा. 'सा पारु' अर्थात् गाईजात्रा
  8. ↑ गाईजात्रा: मृत्यु शोकको अनौठो उत्सव. Online Khabar
  9. ↑ Khaiju, Ishwor Kaji. (2020-07-19). Gai Jatra in Bhaktapur to be marked without iconic dances. The Annapurna Express

সম্পৰ্কিত শ্ৰেণী

লোক-সংস্কৃতিধৰ্মীয় উৎসৱনেপালৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাই যাত্ৰা” প্ৰবন্ধৰ সংশোধন ৬০২১৭০ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।