বিস্কা যাত্ৰা বা বিস্কেট যাত্ৰা এপ্ৰিল মাহত ভক্তপুৰ, থিমি আৰু আদি ঠাইত এপ্ৰিল মাহত পালন কৰা বাৰ্ষিক উৎসৱ।১ ভক্তপুৰ, থিমিকে ধৰি বহু ঠাইত ইয়াক বছৰৰ মূল উৎসৱ হিচাপে উদযাপন কৰা হয়৷ আন নেপালৰ উৎসৱৰ দৰে বিস্কা চন্দ্ৰ কেলেণ্ডাৰৰ পৰিৱৰ্তে সৌৰ কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি কৰা হয়।২
বিস্কা নামেৰে এসময়ৰ ভক্তপুৰ ৰাজ্যৰ অংশ; ভক্তপুৰ, থিমি, বোডে, নাগাদেশ, ধাপাছি, টোখা, ধুলিখেল, কাটুঞ্জে, গুণ্ডু আৰু সাংগাত আদিত প্ৰায় একে সময়তে পালন কৰা উৎসৱসমূহক সামৰি লৈছে।১ বিস্কাৰ উৎপত্তি হৈছে ভক্তপুৰত এডাল দীঘল কাঠৰ খুঁটাত বান্ধি বেনাৰ প্ৰদৰ্শন কৰা মাৰ্চৰ বিষুৱ আৰু সৌৰ নৱবৰ্ষ উদযাপন কৰা উৎসৱ হিচাপে৷২ মল্ল বংশৰ কালত এই উৎসৱ ৰাজ্যৰ অন্যান্য প্ৰান্তলৈ বিয়পি পৰে আৰু ভক্তপুৰত ভৈৰৱ আৰু তেওঁৰ পত্নী ভদ্ৰকালিৰ ৰথ যাত্ৰা, থিমিৰ সেন্দূৰ দলিওৱা উৎসৱকে ধৰি বহু নতুন পৰম্পৰা সংযোজন কৰা হয়, যি দুয়োখনেই আটাইতকৈ চিনাকি অংশ আজিৰ এই উৎসৱ।৩ প্ৰতিখন চহৰৰ এই উৎসৱ উদযাপনৰ নিজস্ব সুকীয়া পদ্ধতি আছে।
শব্দৰ উৎপত্তি
নেপাল ভাষাত এই উৎসৱৰ বৰ্তমানৰ নাম বিস্কা, নেৱাৰৰ ধ্ৰুপদী বিস্কিয়াটা শব্দৰ পৰা উদ্ভৱ হৈছে৷৩৪ এই ধ্ৰুপদী শব্দ, "বিস্কিয়াতা" দুটা পৃথক শব্দৰ যোগফল; "বিসিকা"(বা "বিস্কা") আৰু "কেতু", যিয়ে নেৱাৰৰ প্ৰাচীন ভাষাত মাৰ্চ বিষুৱক বুজায়৷ ই সংস্কৃত নাম বিষুৱদৰ পৰা উদ্ভৱ হোৱা যাৰ বৈশাখ শব্দৰো ব্যুৎপত্তিগত উৎস৷২ সমান্তৰালভাৱে ‘কেতু’ সংস্কৃতৰ পৰা আহৰণ কৰা শব্দই ‘নিচান’ বুজাই ‘বিস্ক্যাত’ গঠনত অৰিহণা যোগায়।৩৫ যাত্ৰা, এই অভিধাটোৰ মূল সংস্কৃত য়াত্ৰা (यात्रा)ত পোৱা যায়, যাৰ অৰ্থ হৈছে 'যাত্ৰা' বা 'শোভাযাত্ৰা'। নেপালী ভাষাত এই উৎসৱক বিস্কেট যাত্ৰা বুলি কোৱা হয়, থলুৱা শব্দ বিস্কাঃ যাত্ৰৰ নেপালী অভিযোজন।৩
স্থানীয় কিংবদন্তি অনুসৰি বিস্কাঃ নামটো দুটা নেৱাৰ শব্দ বি আৰু ছিকাৰ সংমিশ্ৰণৰ পৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয়, যিটো যাত্ৰাৰ সৈতে সংযুক্ত হ'লে ইয়াৰ অৰ্থ হয় "সৰ্পৰ মৃত্যুৰ স্মৃতিত পালিত উৎসৱ"৷৩৬
উৎস
উৎসৱৰ সৃষ্টিৰ সৈতে জড়িত বহুতো কিংবদন্তি ভক্তপুৰত জনপ্ৰিয়ভাৱে লোককথা হিচাপে চলি আহিছে, সকলোবোৰ কাহিনীৰ শেষত দুটা সাপক হত্যা কৰা হয় আৰু তেওঁলোকৰ মৃতদেহ এটা দীঘল কাঠৰ খুঁটাত বান্ধি প্ৰদৰ্শন কৰা হয়।৩
পৰম্পৰা
ভক্তপুৰ তৌমাধিৰ স্বাক্ষৰ অনুষ্ঠানৰ আৰম্ভণিতে বিস্কা যাত্ৰা "দ্যা কোহা বিজ্যইগু" অৰ্থাৎ উৎসৱৰ বাবে ভৈৰৱ দেৱতাক ইয়াৰ মন্দিৰৰ পৰা বাহিৰলৈ অনা হয়, ই চহৰৰ থানে(উপৰ) আৰু কনে(তল)ৰ মাজত হোৱা ৰছী টনা খেলৰ অংশ। দুয়োফালৰ পৰা ৰথখন টানি অনা হয় আৰু চহৰৰ সেই অংশত যিয়ে জয়ী হয় তেওঁ ৰথখন সুযোগ বুজি নিজৰ ঠাইলৈ লৈ যাব পাৰে আৰু আনফালে নিজৰ পাললৈ অপেক্ষা কৰি থাকে। অৱশেষত ৰথখন গাহিটিলৈ টানি অনা হয়, য’ত ৰথখন দুদিন ধৰি ৰখা হয় আৰু নেপালী নৱবৰ্ষৰ প্ৰাকক্ষণত পুনৰ লিয়াছিংখেললৈ টানি অনা হয়। যোছি খ্যোত প্ৰায় ২৫ মিটাৰ দৈৰ্ঘ্যৰ যোহ ছি দ্যো স্থাপন কৰা হয়। তাৰ পিছত ৰথখন লিয়াছিংখেললৈ টানি আনি পিছদিনালৈকে ৰখা হয়। নৱবৰ্ষৰ প্ৰাকক্ষণত যোহ ছিটো তললৈ টানি অনা হয়। তাৰ পিছত আকৌ ৰথ টানি গাহিটিলৈ আৰু শেষৰ দিনা যাক দ্যা থাহা বিজ্যইগু বুলিও কোৱা হয়; যাৰ অৰ্থ ভৈৰৱ দেৱতাক পুনৰ মন্দিৰলৈ অনা, সকলো মানুহ আহে, ৰথখন পুনৰ দুয়োফালে টানি শেষত ৫ মহলীয়া মন্দিৰৰ চৌহদত থিতাপি লোৱা হয়। মধ্যপুৰ থিমি (থিমি, নাগাদেশ আৰু বড়ে)ৰ কেইবাখনো স্থানত বিস্কা যাত্ৰা উদযাপন কৰা হয়। মধ্যপুৰ থিমিৰ বিভিন্ন ঠাইৰ পৰা লোকসকলে নিজৰ ৰথ লৈ লায়েকু থিমিত গোট খায়। মানুহে আনন্দ-উল্লাস কৰে আৰু শুভেচ্ছা ভাগ-বতৰা কৰাৰ লগতে সেন্দূৰৰ গুড়ি ছটোয়ায় আৰু ধিময় সংগীত বজায়। ব’ড়ে জিভা বিন্ধোৱাৰ অনুষ্ঠানৰ সাক্ষী হয়। এজন বাসিন্দাই গোটেই দিনটো এডাল লোহাৰ তাঁৰেৰে জিভা বিন্ধাই থয় আৰু কান্ধত একাধিক অগ্নিময় জোঁৰ লৈ চহৰত ঘূৰি ফুৰে। জুজু ভাই শ্ৰেষ্ঠা জিভা বিন্ধোৱাৰ চহৰবোৰৰ ভিতৰত আটাইতকৈ বিখ্যাত৷৭৮৯
তথ্যসূত্ৰ
- ↑ (13 April 2022). बिस्का जात्राको संस्कृति र इतिहास. Majdoor
- ↑ Vajracharya, Gautama Vajra. (6 November 2018). Nepal Saṃvat and Vikrama Saṃvat; Discerning Original Significance. Asian Art
- ↑ Shrestha, Purushottam Lochan. (13 April 2020). biksah bare yek bichara. Majdoor
- ↑ Shrestha, Purushottam Lochan. (June 2023). wākupati cāṁgunārāyaṇa, yeka adhyayana. Wākupati cāṁgunārāyaṇa. Bhaktapur Municipality. পৃ. 27–28
- ↑ ketu; Sanskrit Dictionary
- ↑ Levy 1990, পৃ. 453
- ↑ Biska Jatra-Unique Nepali Festival Only Celebrated In various places of Nepal. www.iciclesadventuretreks.com
- ↑ Biska Jatra: Festival of Legends. www.hoteltravel.com
- ↑ Bisket Jatra commences in Bhaktapur. kathmandupost.ekantipur.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিস্কা যাত্ৰা” প্ৰবন্ধৰ সংশোধন ৪৫৩১৭২ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।