অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মাঘে সংক্ৰান্তি

মাঘে সংক্ৰান্তি'বিক্ৰম সম্বত(B.S) বা য়েলে পঞ্জিকামতে মাঘৰ প্ৰথম দিনটোত পুহ মাহৰ হাড়-কঁপোৱা শীতৰ অন্ত পেলোৱা নেপালী লোক-উৎসৱ। থাৰুসকলে এই বিশেষ দিনটোক নতুন বছৰ হিচাপে পালন কৰে৷ ইয়াক মগৰ সম্প্ৰদায়ৰ মুখ্য চৰকাৰে ঘোষণা কৰা বাৰ্ষিক উৎসৱ হিচাপেও পালন কৰা হয়।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৪ ৪৯৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

'মাঘে সংক্ৰান্তি'বিক্ৰম সম্বত(B.S) বা য়েলে পঞ্জিকামতে মাঘৰ প্ৰথম দিনটোত পুহ মাহৰ হাড়-কঁপোৱা শীতৰ অন্ত পেলোৱা নেপালী লোক-উৎসৱ।১ থাৰুসকলে এই বিশেষ দিনটোক নতুন বছৰ হিচাপে পালন কৰে৷ ইয়াক মগৰ সম্প্ৰদায়ৰ মুখ্য চৰকাৰে ঘোষণা কৰা বাৰ্ষিক উৎসৱ হিচাপেও পালন কৰা হয়।২ মাঘে সংক্ৰান্তি উৎসৱৰ সৈতে অন্যান্য সৌৰ কেলেণ্ডাৰৰ ধৰ্মীয় পৰম্পৰাৰ লগত মিল আছে।৩

এই উৎসৱ পালন কৰা হিন্দুসকলে লোকাচাৰমতে স্নান কৰে। ইয়াৰ ভিতৰত জনকপুৰধাম, পাটনৰ সমীপৰ বাগমতীত থকা শংমামুল; গণ্ডক/নাৰায়ণী নদীৰ অৱবাহিকাৰ ত্ৰিবেণী সংগম, চিতৱান উপত্যকাৰ ওচৰৰ দেৱঘাট আৰু কালিগণ্ডকী নদীৰ ৰিডিত৪; আৰু সূৰ্য্য কোশীৰ কোশী নদীৰ অৱবাহিকা দোলালঘাটত। উৎসৱত পৰম্পৰাগত খাদ্য, যেনে লাড়ু, ঘিউ, মিঠা আলু বিতৰণ কৰা হয়। ভাগিন আৰু ভতিজাসকলে সাধাৰণতে মামা-খুড়াৰ ঘৰলৈ গৈ তিলক আৰু আশীৰ্বাদ আৰু উপহাৰ লৈ আহে।

তাৰিখ আৰু গুৰুত্ব

মাঘে সংক্ৰান্তিৰ খাদ্যসম্ভাৰ
মাঘে সংক্ৰান্তিৰ খাদ্যসম্ভাৰছবি: Gaurav Dhwaj Khadka · CC BY-SA 4.0

সাধাৰণতে মাঘে সংক্ৰান্তি ১৪ জানুৱাৰীত পৰে আৰু ভাৰতীয় উপমহাদেশত ইয়াক মকৰ সংক্ৰান্তি বা মাঘী বুলিও কোৱা হয়। মাঘে সংক্ৰান্তি নেপালত পালন কৰা এক প্ৰধান শস্য চপোৱা উৎসৱ। সূৰ্যই এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গতি কৰাক সংক্ৰান্তি বোলা হয় আৰু সূৰ্যই মকৰ নামেৰে জনাজাত মকৰ ৰাশিলৈ গতি কৰাৰ লগে লগে এই অনুষ্ঠানটোক পাহাৰী প্ৰসংগত মকৰ সংক্ৰান্তি নামেৰে নামাকৰণ কৰা হয়। মধেচী, মাগৰ আৰু থাৰু লোকে ইয়াক নিৰ্দিষ্ট তাৰিখ অৰ্থাৎ ১৪ জানুৱাৰীত পালন কৰে৷ নেপালীসকলৰ আন কেইটামান উৎসৱৰ ভিতৰত ই অন্যতম, কাৰণ সূৰ্য দেৱতাৰ সন্মানত এই সৌৰ উৎসৱটো বিক্ৰমী পঞ্জিকাৰ সৌৰচক্ৰ অনুসৰণ কৰে, ইয়াৰ পিছৰ আন আন উৎসৱবোৰৰ দৰে নহয় চান্দ্ৰ চক্ৰমতে নকৰে।৫৬

মাঘে সংক্ৰান্তিক নেপালী ভাষা সংস্কৃতিৰ এক শুভ পৰ্যায়ৰ আৰম্ভণি বুলি গণ্য কৰা হয়। ইয়াক ‘পৰিৱৰ্তনৰ পৱিত্ৰ পৰ্যায়’ বুলি উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা এটা অশুভ পৰ্যায়ৰ অন্ত পৰে, যিটো হিন্দু পঞ্জিকা অনুসৰি ডিচেম্বৰৰ মাজভাগৰ আশে-পাশে আৰম্ভ হয়। বিশ্বাস কৰা হয় যে, যিকোনো শুভ আৰু পৱিত্ৰ অনুষ্ঠান যিকোনো নেপালী পৰিয়ালত, এই দিনটোৰ পৰাই শুভাৰম্ভ কৰিব পাৰি। বৈজ্ঞানিকভাৱে এই দিনটোৰ পৰাই ৰাতিৰ তুলনাত উষ্ণ আৰু দীঘলীয়া দিনৰ আৰম্ভণি হয়। অৰ্থাৎ সংক্ৰান্তিয়ে শীতকালৰ অন্ত আৰু নতুন শস্য বা বসন্তকালৰ আৰম্ভণিৰ সূচনা কৰে।

সমগ্ৰ দেশতে মাঘে সংক্ৰান্তি অতি ধুমধামেৰে পালন কৰা হয়। অৱশ্যে দেশৰ বিভিন্ন প্ৰান্তত ইয়াক সুকীয়া নাম আৰু ৰীতি-নীতিৰে উদযাপন কৰা হয়। উত্তৰ আৰু পশ্চিম নেপালৰ ৰাজ্যসমূহত এই উৎসৱক বিশেষ উদ্যম আৰু উদ্যমেৰে মকৰ সংক্ৰান্তি দিৱস হিচাপে পালন কৰা হয়। মহাভাৰতৰ দৰে প্ৰাচীন মহাকাব্যত এই দিনটোৰ গুৰুত্বৰ ইংগিত পোৱা গৈছে। গতিকে সামাজিক-ভৌগোলিক গুৰুত্বৰ বাহিৰেও মাঘে সংক্ৰান্তিৰ ঐতিহাসিক আৰু ধৰ্মীয় তাৎপৰ্য আছে। যিহেতু ই সূৰ্য ঈশ্বৰৰ উৎসৱ, আৰু তেওঁক দেৱতা আৰু প্ৰজ্ঞাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, সেয়েহে এই উৎসৱে এক চিৰন্তন অৰ্থ বহন কৰে।

মকৰ সংক্ৰান্তি আৰু সৌৰ-গতি

Winter Solstice
Winter Solsticeছবি: Image by Przemyslaw "Blueshade" Idzkiewicz · CC BY-SA 2.0

বহু নেপালী লোকে এই উৎসৱক শীতকালীন সৌৰ-গতিৰ সৈতে মিহলাই লয় আৰু বিশ্বাস কৰে যে, সূৰ্যই পুহ মাহত জানুৱাৰী মাহৰ মাজভাগৰ এই দিনটোতে মকৰ ৰাশিৰ ক্ৰান্তীয় অঞ্চলত দক্ষিণমুখী যাত্ৰা (দক্ষিণায়ন)ৰ অন্ত পেলায় আৰু উত্তৰ দিশলৈ (উত্তৰায়ণ) কৰ্কট ক্ৰান্তীয় অঞ্চলৰ ফালে আগবাঢ়িবলৈ আৰম্ভ কৰে৷

নেপালী ধৰ্মত শীতকালীন সৌৰ-অৱস্থানৰ কোনো প্ৰকাশ্য সৌৰ-উৎসৱ পালন নাই যদিও চান্দ্ৰ পঞ্জিকাত হিচাপ কৰা বৈকুণ্ঠ একাদশী উৎসৱ ইয়াৰ আটাইতকৈ ওচৰত পৰে। তদুপৰি, সূৰ্যই উত্তৰ দিশলৈ যাত্ৰা কৰাৰ পিছদিনাৰ পৰা দিনৰ পোহৰ বৃদ্ধি পায়। গতিকে মকৰ সংক্ৰান্তিৰ অৰ্থ হৈছে শীতকালীন সৌৰ-অৱস্থানৰ পিছৰ দিনটো উদযাপন কৰা।

বৈজ্ঞানিকভাৱে উত্তৰ গোলাৰ্ধত শীতকালীন সৌৰ-অৱস্থান ২১ৰ পৰা ২২ ডিচেম্বৰৰ ভিতৰত হয়। ২২ ডিচেম্বৰৰ পৰা দিনৰ পোহৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু এই দিনটোতে সূৰ্যই উত্তৰ দিশলৈ যাত্ৰা আৰম্ভ কৰে, যি উত্তৰায়ণ চিহ্নিত বুলি জনা যায়।৭

তথ্যসূত্ৰ

  1. ↑ Maghi the Tharu way. kathmandupost.com
  2. ↑ Magar, Tharu communities observe Maghi festival (in pictures). kathmandupost.com
  3. ↑ N. P. ManandharSolar cycle (calendar)title=Plants and People of Nepal. (2002). Plants and People of Nepal. Timber Press. পৃ. 39–. ISBN 978-0-88192-527-2
  4. ↑ Ridi Bazaar. vegetarian-restaurants.net
  5. ↑ J. Gordon Melton. (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃ. 547–548. ISBN 978-1-59884-205-0
  6. ↑ Chaturvedi, B.K. (2004), Diamond Pocket Books (P) Ltd Bhavishya Purana
  7. ↑ Sun - in Hindu Mythology by Anindita Basu. consciousevolution.com

সম্পৰ্কিত শ্ৰেণী

লোক-সংস্কৃতিনেপালৰ সংস্কৃতিধৰ্মীয় উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাঘে সংক্ৰান্তি” প্ৰবন্ধৰ সংশোধন ৪৫৩১৭৩ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।