অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঘোঁড়ে যাত্ৰা

ঘোঁড়ে যাত্ৰা (নেপালী: घोडे जात्रा, অসমীয়া অৰ্থ: ঘোঁৰা যাত্ৰা) হৈছে কাঠমাণ্ডুৰ স্থানীয় ঘোঁৰা উৎসৱ। এই উৎসৱ প্ৰতিবছৰ মাৰ্চৰ মাজভাগত বা এপ্ৰিলৰ আৰম্ভণিত অনুষ্ঠিত হয়। এই উৎসৱত টুণ্ডিখেলত ঘোঁৰাৰ পেৰেড অনুষ্ঠিত হয়।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৬ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ঘোঁড়ে যাত্ৰা (নেপালী ভাষা: घोडे जात्रा, অসমীয়া অৰ্থ: ঘোঁৰা যাত্ৰা) হৈছে কাঠমাণ্ডুৰ স্থানীয় ঘোঁৰা উৎসৱ।১২ এই উৎসৱ প্ৰতিবছৰ মাৰ্চৰ মাজভাগত বা এপ্ৰিলৰ আৰম্ভণিত অনুষ্ঠিত হয়।৩৪

এই উৎসৱত টুণ্ডিখেলত ঘোঁৰাৰ পেৰেড অনুষ্ঠিত হয়। প্ৰতিযোগিতা আৰু পৰেডসমূহ নেপালৰ ৰাষ্ট্ৰপতি তথা দেশৰ শীৰ্ষ কৰ্তৃপক্ষৰ উপস্থিতিত অনুষ্ঠিত হয়।৫ নেপাল সেনাই এই পেৰেড আৰু প্ৰতিযোগিতাসমূহৰ আয়োজন কৰে।৬

কাঠমাণ্ডুৰ স্থানীয় নেৱাৰ জনগোষ্ঠীয়ে ভোজ আৰু আনন্দৰ সৈতে এই উৎসৱ পালন কৰে। ঘোঁড়ে যাত্ৰাৰ দিনটো কাঠমাণ্ডুত ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হয়।৭

উৎসৱৰ উৎপত্তি

কাঠমাণ্ডুৰ ভিতৰ চহৰত, যেতিয়া শিশু হেৰাই গৈছিল, তেতিয়া লোকে ধাৰণা কৰিছিল যে দানৱ বা মানৱভক্ষকসকলে তেনে কৰিছিল। টুণ্ডিখেলত থকা ঘোঁৰাবাহী শিৱিৰবাসীসকলক সেই দুষ্ট আত্মাসকলক ভয় দেখুৱাবলৈ ঘোঁৰা দৌৰাবলৈ কোৱা হৈছিল। লোকসকলে টুণ্ডিখেলৰ মাজত থকা এটা গছৰ ওচৰত দানৱসকলক আহাৰ আগবঢ়াই দিছিল। পিছলৈ সেই আচাৰই উৎসৱৰ ৰূপ ল’লে আৰু আগবাঢ়ি ৰাষ্ট্ৰীয় উৎসৱ হিচাপে বিকাশ লাভ কৰিলে।৩

তথ্যসূত্ৰ

  1. ↑ Shah, Manawi. 5 Jatras to observe in Nepal. My City
  2. ↑ Atma Ram Giri MGS 2016.pdf
  3. ↑ Ghode Jatra. ECS NEPAL
  4. ↑ Board, Nepal Tourism. Ghode Jatra. Naturally Nepal
  5. ↑ Hardy, F. (2005). The World's Religions: The Religions of Asia. Routledge reference. Taylor & Francis. ISBN 978-1-134-93188-0
  6. ↑ Ghode Jatra being observed in Kathmandu Valley. Khabarhub
  7. ↑ Ghode Jatra 2022, 2023 and 2024 in Nepal. PublicHolidays.asia

সম্পৰ্কিত শ্ৰেণী

নেপালৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘোঁড়ে যাত্ৰা” প্ৰবন্ধৰ সংশোধন ৫৭১১৭৫ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।