নগেন্দ্ৰ নাৰায়ণ চৌধুৰী (Nagendra Narayan Choudhury; ১৮৮১-১৯৪৭) অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ লেখত লবলগীয়া নাম। তেখেতে অসমীয়া ভাষাত বহুতো গল্প আৰু প্ৰবন্ধ লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে। ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯২৯ চনত আবাহনৰ প্ৰকাশনৰ কাম কৰিছিল১
জন্ম
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী ১৮৮১ চনত গোৱালপাৰা জিলাৰ লক্ষীপুৰ নামে ঠাইত জন্ম গ্ৰহণ কৰিছিল১।
পৰিয়াল
নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পিতৃৰ নাম আছিল খগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু মাতৃৰ নাম সাৰদাপ্ৰিয়া। তেওঁ ১৮ বছৰ বয়সত প্ৰথম বিবাহ কৰিছিল যদিও প্ৰথম পত্নীৰ বিয়োগ হোৱাত গুৱাহাটীৰ আহোম ৰাজবংশৰ জীয়ৰী প্ৰফুল্লবালাক পাছত বিবাহ কৰাইছিল১।
শিক্ষা
নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে লক্ষীপুৰতেই প্ৰাথমিক শিক্ষা লোৱাৰ পাছত ধুবুৰী আৰু গোৱালপাৰা জিলালৈ পঢ়িবলৈ যায়। এণ্ট্ৰেঞ্চলৈকে পঢ়াৰ পাছত কলিকতালৈ যায় আৰু তাত জুবিলী আৰ্ট একাডেমিত শিক্ষা লয়। সেই সময়তে তেওঁ যাদুৰ বিদ্যা আয়ত্ত কৰি খ্যাতি লাভ কৰিছিল। সঙ্গীতবিদ্যা, চিত্ৰাঙ্কন বিদ্যা, লাঠি, ছুৰীখেল, শাৰীৰীক ব্যায়াম আদিত বিশেষ পাৰদৰ্শিতা থকাৰ উপৰিও তেওঁ তবলা, এচৰাজ, বেহেলা, বাঁহী আদি সুন্দৰকৈ বজাব জানিছিল।১
কৰ্মজীৱন
অসম সাহিত্য সভাৰ পৃষ্ঠপোষক হিচাপে থকা চৌধুৰীদেৱে ১৯৩১ চনত শিৱসাগৰত বহা অসম সাহিত্য সভাৰ ত্ৰয়োদশ সন্মিলনত পৌৰোহিত্য কৰিছিল২৩। এই সভাতেই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে বিভূষিত কৰা হৈছিল। অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল বাবেই চৌধুৰীদেবে বঙালী ভাষা ভাষাক আওকাণ কৰি অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯২৯ চনত দীননাথ শৰ্মাৰ লগত লগ লাগি আবাহন প্ৰকাশণৰ কাম কৰিছিল৪। তাৰ পাছৰে পৰাই চৌধুৰীদেৱে বিভিন্ন চুটী গল্প, প্ৰবন্ধ আদি নিয়মীয়াকৈ লিখিবলৈ লৈছিল। তেওঁৰ জীৱনৰ আৰু মনৰ কথা জীৱন স্মৃতি নামৰ গ্ৰন্থ খনত প্ৰকাশ কৰিছে।১ তেখেত দেশভক্ত তৰুণ ৰাম ফুকন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, জ্ঞানদাভিৰাম বৰুৱা, দুৰ্গেশ্বৰ শৰ্মা, ৰঘুনাথ চৌধাৰী আদিৰ সৈতে মিত্ৰ আছিল।
মৃত্যু
নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ১৯৪৭ চনৰ ১৩ নবেম্বৰত ৰোগাক্ৰান্ত হৈ লক্ষীপুৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।
সাহিত্যকৃতি
পুথি সমূহ
- দাঙ্গায় আত্মৰক্ষা,
- নগেন্দ্ৰ নাৰাযণ চৌধুৰীৰ গল্প,
- বীণাৰ ঝঙ্কাৰ,
গল্প সংকলন
- উছৰ্গা,
- দুটিৰামৰ সংসাৰ,
- পোহাৰী,
- মধুমালতী,
- তামৰ তাবিজ,
- অসৰ্ম্পূণ আইন,
- মোৰ পৰিণয় কাহিনী,
- বিজয়া,
- নয়নতৰা,
- ওস্তাদজী,
- লাহৰী,
- প্ৰতিজ্ঞা,
- পৰিবৰ্তন,
- বগীতৰা,
- মৈদাম অনুসন্ধানত ৰসায়ন
প্ৰবন্ধ সংকলন
- লুপ্ত অতিকায় প্ৰাণী,
- ভাজনৰ ফেশ্যন,
- বড়ো জাতিৰ কথা,
- স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা,
- আহোম ভাষাৰ পুথি,
- গুপ্তচৰৰ গুপ্ত কৌশল,
- প্ৰাগ ঐতিহাসিক যুগৰ চিত্ৰশিল্প,
- মোৰ জীৱন স্মৃতি,
- ছেৰাই কেল্লাৰ ছো-নৃত্য,
- মণিপুৰী পৌৰাণিক নৃত্য
তথ্যসূত্ৰ
- ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃ. ৪৮, ৪৯
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ আৰ্কাইভ কপি
- ↑ দীপালী শৰ্মা. (৮ জুন, ২০১২). যুগস্ৰষ্টা 'আৱাহন'ৰ সম্পাদক ডা: দীননাথ শৰ্মা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগেন্দ্ৰ নাৰায়ণ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৯৭২২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।