অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুৰ্গেশ্বৰ শৰ্মা

দুৰ্গেশ্বৰ শৰ্মা এজন অসমীয়া কবি আৰু নাট্যকাৰ। তেওঁৰ কবিতা পুথি দুখন হৈছে অঞ্জলি আৰু নিবেদন। তেওঁৰ কবিতাসমূহত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। কবিতাৰ দৰে নাট্য ৰচনাতো খ্যাতি অৰ্জন কৰা শৰ্মাই অমিত্ৰাক্ষৰ ছন্দত পাৰ্থ পৰাজয় আৰু বালী বধ নমাৰ দুখন পৌৰাণিক নাটক ৰচনা কৰে।

হালনাগাদ: ১১ মে’ ২০২৫ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

দুৰ্গেশ্বৰ শৰ্মা এজন অসমীয়া কবি আৰু নাট্যকাৰ।১ তেওঁৰ কবিতা পুথি দুখন হৈছে অঞ্জলি আৰু নিবেদন। তেওঁৰ কবিতাসমূহত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। কবিতাৰ দৰে নাট্য ৰচনাতো খ্যাতি অৰ্জন কৰা শৰ্মাই অমিত্ৰাক্ষৰ ছন্দত পাৰ্থ পৰাজয় আৰু বালী বধ নমাৰ দুখন পৌৰাণিক নাটক ৰচনা কৰে। চন্দ্ৰাৱলী আৰু পদ্মাৱতী নাটক দুখন ক্ৰমে ৱিলিয়াম শ্বেইক্সপিয়াৰৰ As you Like It আৰু Cymbeline নাটৰ মুকলি অনুবাদ।১

জন্ম

১৮৮৫ চনত যোৰহাটৰ পটীয়া গাঁৱত দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হয়। পিতৃৰ নাম কমলচন্দ্ৰ শৰ্মা।১২

শিক্ষা

পটীয়া গাঁও প্ৰাইমাৰী স্কুলত শিক্ষাজীৱনৰ পাতনি মেলা শৰ্মাই যোৰহাট হাইস্কুলৰ পৰা ১৮৯৯ চনত এট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে কোচবিহাৰ কলেজৰ পৰা ১৯০১ চনত এছ এ, ১৯০৩ চনত বি এ আৰু ১৯০৬ চনত বি এল উত্তীৰ্ণ হয়।

কৰ্মজীৱন

১৯০৬ চনত দুৰ্গেশ্বৰ শৰ্মাই ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰে।১ ১৯১১ চনত তেখেতে এক্সট্ৰা এছিছটেণ্ট কমিছনাৰৰ পদ লাভ কৰে। তাৰপিছত ১৯১৭ চনত মেনেজাৰ ক’ৰ্ট অৱ ৱাৰ্ডছ আৰু ১৯২৬ চনত বৰপেটাৰ মহকুমাধিপতি নিৰ্বাচিত হয়। দুবছৰ এই পদত কটোৱাৰ পিছত তেখেতে ১৯২৮ চনত চাব জৰ্জ আৰু এডিছনেল ডিষ্ট্ৰিক্ট জৰ্জৰ পদ পূৰণ কৰে। ১৯৩১ চনত তেখেত মঙলদৈ মহকুমাৰ মহকুমাধিপতিৰূপে নিৰ্বাচিত হয়।১ ইয়াৰ পিছত চিলেটৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, কামৰূপ জিলাৰ ডেপুটি কমিচনাৰ, ডাইৰেক্টৰ অব লেণ্ড ৰেকৰ্ড, কেন্দ্ৰীয় লেজিছলেটিভ এছেম্বলীৰ সদস্য আদি পদত চাকৰি কৰি ১৯৪০ চনত কানি নিবাৰণ এক্সাইজ কমিছনাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। ১৯৪৩ চনত তেখেতক গৌৰীপুৰ, বিজনীৰ দেৱানৰ পদ যচা হয়।

গ্ৰন্থৰাজী

কবিতাপুথি

  • অঞ্জলি (১৯১০)
  • নিবেদন (১৯১৫)

নাটক

  • পাৰ্থ পৰাজয় (১৯০৯)
  • চন্দ্ৰাৱলী (১৯১০)
  • বালী বধ (১৯২২)
  • পদ্মাৱতী

মৃত্যু

৪ ছেপ্টেম্বৰ, ১৯৬১ চনত দুৰ্গেশ্বৰ শৰ্মাৰ মৃত্যু হয়।

বহিঃ সংযোগ

দুৰ্গেশ্বৰ শৰ্মাৰ কেইটামান কবিতা

তথ্যসূত্ৰ

  1. ↑ শিৱনাথ বৰ্মন. (১৯৯২). অসমীয়া জীৱনী অভিধান. চ’ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড. পৃ. ১২৭-২৮
  2. ↑ শৰ্মা, সত্যেন্দ্ৰনাথ. (২০১১). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃ. ৩০৪

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবিঅসমীয়া নাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্গেশ্বৰ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫০৭৬৪৬ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।