ঝুমুৰ অসমৰ অসমৰ চাহ জনগোষ্ঠীসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্যাপিত চাহ জনজাতিসকলৰ কৰম পূজাৰ অংগৰূপে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। মূলতঃ স্ত্ৰীপ্ৰধান হ'লেও পুৰুষেও ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে। এই নৃত্যত নাচনীসকলে একেলগে হাতত ধৰাধৰি কৰি এটা দীঘলীয়া শাৰীৰ সৃষ্টি কৰে; প্ৰথমজনী নাচনীয়ে নিজৰ সোঁহাতৰ আঙুলিটো দ্বিতীয়জনী নাচনীৰ বাওঁহাতৰ আঙুলিত সুমুৱাই নাচে। সাধাৰণতে ডেকা-গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত ডেকাই ঢোল, মাদল, তাল, বাঁহী আদি বাদ্য বজায় আৰু ঝুমুৰ গীত গায়। ডেকাৰ এটি গীত শেষ হোৱাৰ লগে লগে নাচনীয়ে গীতৰ শেষৰ দুফাঁকি পুনৰাবৃত্তি কৰি নাচিবলৈ লয়। কৰম পূজাৰ (কৰম পৰৱ) দিনা সন্ধিয়াৰে পৰা ঝুমুৰ নৃত্য আৰম্ভ হয় আৰু বিভিন্ন সুৰ, তাল, লয়েৰে ওৰে নিশা চলি থাকে। বিহু নাচৰ দৰে ঝুমুৰ নৃত্যতো যৌন আবেদন পৰিলক্ষিত হয়।১
নামৰ উৎপত্তি
"ঝুমুৰ" শব্দটো চাওঁতালী মুণ্ডাৰি ভাষাৰ "ঝুম" অৰ্থাৎ মানুহৰ জুম বা ভীৰ আৰু "অইৰ" মানে ঘেৰি ধৰা - ঝুম + অইৰ = ঝুমইৰ শব্দৰপৰা অহা বুলি কোৱা হয়। স্থানবিশেষে ইয়াক "ঝুমুই" বুলিও পোৱা যায়২৩।
আৰু চাওক
তথ্যসূত্ৰ
- ↑ অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১০১ (১)
- ↑ লেখাৰু, জিতু কুমাৰ. (১৯৯৬). চাহ জনগোষ্ঠীৰ পূজা পৰব. প্ৰান্তিক. পৃ. ২৩
- ↑ বৰুৱা, দুলাল. লোকবাদ্য আৰু চাহ জনগোষ্ঠী. xahitya.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝুমুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪৬৫১ (৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।