অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গাৰো জনগোষ্ঠী

গাৰো জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ড ৰাজ্য, আৰু বাংলাদেশৰ কিছুমান চুবুৰীয়া অঞ্চলত বসবাস কৰা চীনা-তিব্বতীয় জনগোষ্ঠী।

হালনাগাদ: ২ আগষ্ট ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

গাৰো জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ড ৰাজ্য, আৰু বাংলাদেশৰ কিছুমান চুবুৰীয়া অঞ্চলত বসবাস কৰা চীনা-তিব্বতীয় জনগোষ্ঠী। ঐতিহাসিকভাৱে গাৰো নামটো ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ বিস্তৃত পৰিসৰৰ বাসিন্দাৰ বাবে ব্যৱহাৰ কৰা হৈছিল যদিও এওঁলোকে নিজকে আ•চিক মাণ্ডে (অৰ্থ: "পাহাৰীয়া মানুহ," আ•চিক "পাহাৰীয়া" + মাণ্ডে "মানুহ") বুলি কয়। এওঁলোক ভাষিক ভাৱে বড়ো-কছাৰী সকলৰ সৈতে একে গোষ্ঠীৰ যাক বড়ো-গাৰো পৰিয়াল বুলি কোৱা হয়।ইয়াৰ ভিতৰত ডিমাছা জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, আটং, তিৱা জনগোষ্ঠী, কোচ ৰাজবংশী আদি ভাষাও অন্তৰ্ভুক্ত।১ ইটোৱে সিটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে এই ভাষাবোৰৰ বহুতো মিল আছে; আৰু এই ভাষাসমূহৰ শব্দৰ কোনো নিৰ্দিষ্ট তথ্যৰ পৃষ্ঠীয় স্তৰৰ পৰ্যবেক্ষণৰ পৰাও সাদৃশ্যসমূহ সহজেই চিনাক্ত কৰিব পাৰি।১

ভাষা

মূল প্ৰবন্ধ: গাৰো ভাষা

গাৰোসকলৰ ভাষাক আচিক ভাষা বুলি কোৱা হয়। ভাষাবিদসকলৰ মতে গাৰোসকলে কোৱা ভাষাটো মূলতঃ চীনা-তিব্বতীয় ভাষাৰ মান-তিব্বতীয় উপপৰিয়ালৰ অসম-মান শাখাৰ বড়ো ভাষা উপগোটৰ অন্তৰ্গত। গাৰোসকলৰ কোনো লিপি বা আখৰ নাই।১

শাৰীৰিক বৈশিষ্ট্য

গাৰো সকলৰ নাক চেপেটা, চকু সৰু, গাৰ ৰং বগা হয়। শাৰীৰিকভাৱে এওঁলোক শক্তিশালী। এওঁলোকৰ চুলি সাধাৰণতে ক’লা, পোন আৰু যথেষ্ট ডাঠ হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Watre Ingty, Angela R. (2008). Garo morphology, a descriptive analysis. North-Eastern Hill University

সম্পৰ্কিত শ্ৰেণী

অসমৰ অনুসূচিত জনজাতিমেঘালয়ৰ জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাৰো জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৫২৯৭৪৮ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।