অসমৰ অনুসূচিত জনজাতি
১৪ প্ৰবন্ধ
-
ডিমাছা জনগোষ্ঠী
ডিমাছা জনগোষ্ঠী অসমৰ এক প্ৰাচীন চীনা-তিব্বতীয় জনগোষ্ঠী, যাৰ মূল বসতি ডিমা হাছাও জিলা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত বিস্তৃত। ঐতিহাসিক ৰাজ্য-গঠন, স্বতন্ত্ৰ ভাষা, গাঁওকেন্দ্ৰিক সমাজ-ব্যৱস্থা আৰু সমৃদ্ধ ধৰ্মীয়-সাংস্কৃতিক আচাৰে ডিমাছাসকল অসমৰ জনগোষ্ঠীয় বৈচিত্ৰ্যত বিশেষ স্থান অধিকাৰ কৰিছে।
-
তিৱা জনগোষ্ঠী
তিৱা অসমৰ এটি খিলঞ্জীয়া জনগোষ্ঠী, যাৰ ভাষিক উৎস চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ সৈতে সম্পৰ্কিত। বসতি-বিস্তাৰ, সামাজিক কূলব্যৱস্থা, ধৰ্মীয় আচাৰ আৰু সাংস্কৃতিক সাদৃশ্যৰ দিশে তিৱাসকল অসমীয়া সমাজ-জীৱনৰ গুৰুত্বপূৰ্ণ অংগ।
-
দেউৰী জনগোষ্ঠী
দেউৰী জনগোষ্ঠী হৈছে বৃহৎ অসমীয়া জাতিৰ অন্তৰ্গত এক চীনা-তিব্বতীয় জনগোষ্ঠী, যাৰ বসতি মূলতঃ অসম আৰু কাষৰীয়া অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত। ভাষা-সংস্কৃতি, ফৈদভাগ, কৃষিভিত্তিক জীৱনধাৰা আৰু শাক্তধাৰাৰ হিন্দু ধৰ্মাচৰণ—এই সকলো দিশে দেউৰী সমাজে অসমীয়া সমাজ-ইতিহাসত স্বতন্ত্ৰ পৰিচয় গঢ়ি তুলিছে।
-
গাৰো জনগোষ্ঠী
গাৰো জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ড ৰাজ্য, আৰু বাংলাদেশৰ কিছুমান চুবুৰীয়া অঞ্চলত বসবাস কৰা চীনা-তিব্বতীয় জনগোষ্ঠী।
-
চিংফৌ জনগোষ্ঠী
চিংফৌ জনগোষ্ঠী হৈছে চীন, ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিস্তৃত হৈ থকা কাচিন লোকসকলৰ আটাইতকৈ ডাঙৰ জাতিগত উপগোট। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী।
-
খামটি জনগোষ্ঠী
টাই খামটি (খামতি) বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰপূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল। অসমত খামটিসকলৰ জনসংখ্যা প্ৰায় ৬০,০০০ ত কৈ অধিক।
-
হাজং জনগোষ্ঠী
হাজং জনগোষ্ঠী ভাৰত উপমহাদেশৰ এক চীনা তিব্বতীয় জনগোষ্ঠী। এই জনগোষ্ঠী লোকসকলে ঘাইকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম,মেঘালয় ৰাজ্যসমূহত আৰু বাংলাদেশৰ উত্তৰ অংশত বাস কৰে। হাজং সকলৰ সংখ্যাগৰিষ্ঠ লোকে ভাৰতত বাস কৰে। হাজং সকল সাধাৰণতে ধান খেতি কৰে। কথিত আছে যে তেওঁলোকে গাৰো পাহাৰত ধান খেতি আৰম্ভ কৰিছিল।
-
ফাকে জনগোষ্ঠী
টাইফাকে জনগোষ্ঠী হল অসম আৰু অৰুণাচলৰ এটা টাই জাতিৰ অন্তৰ্গত উত্তৰপূবৰ টাই জনগোষ্ঠী। এওঁলোক এটা ক্ষুদ্ৰ জনগোষ্ঠী। গ্ৰীয়েৰ্চনৰ মতে ফাকেসকল ১৭৬০ চনত অসমত প্ৰৱেশ কৰিছিল৷ ১৯৭৫ চনত চীনৰ হুকং উপত্যকাৰপৰা অসমলৈ তেওঁলোকৰ প্ৰব্ৰজন ঘটে।
-
আইটন জনগোষ্ঠী
টাই-আইটন জনগোষ্ঠী (থাই ভাষা: ชาวไทอ่ายตน চাও টাই আই টন) হল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। তেওঁলোকক চিয়াম বা শ্যাম বুলিও কোৱা হয় (যিটো সম্ভৱতঃ চি-য়াং চীনা শব্দৰ পৰা আহিছে যাক টাই সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়)।তেওঁলোকে টাই আইটন ভাষা কয়।
-
খাময়াঙ জনগোষ্ঠী
টাই-খাময়াঙ জনগোষ্ঠী বা চিয়াম হ’ল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। এওঁলোক অসমৰ তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলা আৰু অৰুণাচল প্ৰদেশত পোৱা যায়।
-
টাংছা জনগোষ্ঠী
টাংছাসকল মূলত: ইণ্ডো-মংগোলিয়ান ফৈদৰ লোক। ছানহুৱাং আৰু ছাঞ্জো টাংছাসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। মাছুৱাই ছিংগ্ৰাপুম তেওঁলোকৰ আদি বাসভূমি। ইয়াৰ পৰা তেওঁলোকে পাছলৈ ভাল ঠাই বিচাৰি কেইবাখনো নৈয়েদি উজাই আহি অসম আৰু অৰুণাচলত বসবাস কৰিবলৈ লয়।
-
টুৰুঙ জনগোষ্ঠী
টাই-টুৰুঙ জনগোষ্ঠী হৈছে অসমত বাস কৰা এক টাইমূলীয় জনগোষ্ঠী। জনসংখ্যাৰ ভিত্তিত ভাৰতত বাস কৰা টাইমূলীয় লোকৰ ভিতৰত টুৰুঙসকলেই ক্ষুদ্ৰতম গোট। অষ্টাদশ শতিকাত টুৰুঙসকলে ম্যানমাৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ প্ৰব্ৰজন কৰি আহে। বৰ্তমান যোৰহাট জিলা, গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাত টাই টুৰুঙসকলৰ বসতি আছে।
-
ঠেঙ্গাল কছাৰী জনগোষ্ঠী
ঠেঙ্গাল কছাৰী (Thengal Kachari) লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী শাখাৰ এটা জনগোষ্ঠী। ঠেঙ্গাল কছাৰী সকলে বৰ্তমান অসমীয়া ভাষা ব্যৱহাৰ কৰে। এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে।
-
টানি জাতি
টানি জাতি (Tani people) হ'ল চীন আৰু উত্তৰপূৰ্ব ভাৰতৰ আদি, আপাটানি, গালো, মিচিং, নিছি, আৰু টাগিন জনগোষ্ঠীসমূহ মিলি হোৱা এটা জাতি। চীনা-তিব্বতীয় জনগোষ্ঠীৰ সদস্য হিচাপে তেওঁলোকে বিভিন্ন টানি ভাষাসমূহ কয় আৰু মূলতঃ চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ লগতে উত্তৰপূৰ্ব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসম ৰাজ্যত…