কছাৰী জনগোষ্ঠী
৫ প্ৰবন্ধ
-
বড়ো-কছাৰী
বড়ো-কছাৰী হৈছে অসম আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত বসবাস কৰা কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীক সামগ্ৰিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা এক শ্ৰেণীবাচক নাম, যিসকলে চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-গাৰো শাখাৰ ভাষাসমূহৰ সৈতে ঐতিহাসিকভাৱে সম্পৰ্কিত।
-
সোণোৱাল কছাৰী
সোনোৱাল কছাৰী উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ অন্যতম থলুৱা খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোক চীন-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী ঠালৰ এক জনগোষ্ঠী। অসমৰ ধেমাজি, লখিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত এই জনগোষ্ঠীৰ লোক বিস্তাৰিতভাৱে বসবাস কৰে।
-
বাথৌ পূজা
বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে।
-
ঠেঙ্গাল কছাৰী জনগোষ্ঠী
ঠেঙ্গাল কছাৰী (Thengal Kachari) লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী শাখাৰ এটা জনগোষ্ঠী। ঠেঙ্গাল কছাৰী সকলে বৰ্তমান অসমীয়া ভাষা ব্যৱহাৰ কৰে। এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে।
-
শৰণীয়া কছাৰী
শৰণীয়া কছাৰী অসমৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ কছাৰী ঠালৰ এটা জনগোষ্ঠী। ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত।