ভাৰতৰ চলচ্চিত্ৰ ষ্টুডিঅ’
৪ প্ৰবন্ধ
-
জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’
জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ (Jyoti Chitraban Film Studio) গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত, অসমৰ প্ৰথম আৰু বৰ্তমানলৈ (২০২০) একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ’। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি জয়মতীৰ শ্বুটিঙৰ বাবে ভোলাগুৰি চাহবাগিছাত পাতি লোৱা অস্থায়ী ষ্টুডিঅ’…
-
বম্বে টকীজ
বম্বে টকীজ (Bombay Talkies) ১৯৩৪ চনত প্ৰতিষ্ঠা হোৱা এটা ফিল্ম ষ্টুডিঅ' আছিল। ভাৰতৰ বম্বে চহৰৰ উপকণ্ঠ অঞ্চল মালাদত অৱস্থিত বম্বে টকীজে নিজৰ কাৰ্যকালত ৪০ খন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ১৯৩৪ চনত হিমাংশু ৰায় আৰু দেৱীকা ৰাণীয়ে এই ষ্টুডিঅ’টো প্ৰতিষ্ঠা কৰিছিল।
-
ফিল্মিস্তান
ফিল্মিস্তান (Filmistan) ভাৰতৰ মুম্বাইৰ গোৰেগাঁৱত অৱস্থিত এটা চলচ্চিত্ৰ ষ্টুডিঅ'। পাঁচ একৰ মাটিত বিস্তৃত, এছ.ভি. ৰোডত পাটকাৰ কলেজৰ ওচৰত অৱস্থিত এই ষ্টুডিঅ'টোৰ সাতখন শ্বুটিং ফ্ল'ৰ আৰু আউটডোৰ লোকেচনত এটা মন্দিৰ আৰু বাগিচা আছে। ষ্টুডিঅ’টোৰ বাবেই পাটকাৰ কলেজৰ সুনাম বাঢ়িছে।
-
মদন থিয়েটাৰ
মদন থিয়েটাৰ কোম্পানী (Madan Theatre Company) ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম অগ্ৰদূত জামছেদজী ফ্ৰেমজী মদন আৰু তেওঁৰ সহযোগী কানহাইয়ালাল কৌশিকে প্ৰতিষ্ঠা কৰা এটা চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী আছিল, যাক মদন থিয়েটাৰছ লিমিটেড বা চমুকৈ মদন থিয়েটাৰ বুলিও কোৱা হয়।