অসম ৰাজ্যিক পৰিবহণ নিগম (Assam State Transport Corporation) হৈছে অসমৰ এটা পৰিবহণ সংস্থা। চমুকৈ ইয়াক এ. এছ. টি. চি. (ASTC) নামেৰে জনা যায়। ই সমগ্ৰ অসমৰ লগতে প্ৰতিৱেশী ৰাজ্যসমূহলৈ বাছ সেৱা আগবঢ়ায়। ৰাজ্যিক চৰকাৰৰ এটা বিভাগ হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমতে, গুৱাহাটী আৰু নগাঁওৰ মাজত চাৰিখন বাছৰ চলাচল কৰিছিল। ১৯৭০ চনৰ ৩০ মাৰ্চত ৰাজ্যিক পৰিবহণ বিভাগটো নিগমলৈ পৰিৱৰ্তন কৰা হয়।
সেৱাসমূহ
অসম ৰাজ্যিক পৰিবহণ নিগম অসমৰ পথ পৰিবহণ সংযোগৰ জীৱনৰেখা, কাৰণ নিগমৰ বাছে গ্ৰাম্যাঞ্চলৰ লগতে চহৰাঞ্চল আৰু আন্তঃৰাজ্যিক পথ পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে। পৰিবহণ নিগমৰ সাধাৰণ বিলাসী বাছ আৰু শীত-তাপ নিয়ন্ত্ৰিত বিলাসী বাছসমূহ দুৰণিবটিয়া ঠাইলৈ চলাচল কৰে। মিনি ডিলাক্স বাছসমূহ চহৰ আৰু গ্ৰাম্য অঞ্চলসমূহত চলাচল কৰে।
ৰাজ্যিক পৰিবহণ নিগমৰ উপ নিগম অসম ৰাজ্যিক নগৰ পৰিবহণ নিগমে গুৱাহাটীত নিগমৰ চিটী বাছ সেৱা পৰিচালনা কৰে। গুৱাহাটীৰ চিটী বাছ সেৱাত ২৩ খন শীত-তাপ নিয়ন্ত্ৰিত আৰু ৫০ খন সাধাৰণ বাছে চলাচল কৰে। এই বাছসমূহ জে এন এন ইউ আৰ এম আঁচনিৰ অধীনৰ। এই বাছসমূহে জালুকবাৰী-নুনমাটি, বশিষ্ঠ চাৰিআলি-জালুকবাৰী (লাষ্ট গেট, গণেশগুৰি, পল্টনবজাৰ, পাণবজাৰ আৰু ফাঁচী বজাৰ হৈ), খানাপাৰা-জালুকবাৰী (আই এছ বি টি হৈ), ফৰেষ্ট গেট-জালুকবাৰী (চান্দমাৰী, শিলপুখুৰী, দীঘলীপুখুৰী আৰু পাণবজাৰ হৈ) আই এছ বি টি-মিৰ্জা, আই এছ বি টি- জাগীৰোড পথত চলাচল কৰে। আনহাতে নিগমৰ শীত-তাপ নিয়ন্ত্ৰিত জন বাছসমূহ খানাপাৰা-জালুকবাৰী (পল্টন বজাৰ হৈ) পথত চলাচল কৰে।১২ ইয়াৰোপৰি পৰিবহণ নিগমৰ অধীনত বহুতো ব্যক্তিগত বাছো চলাচল কৰে। নিগমে কেইবাটাও ব্যক্তিগত ভ'লভো বাছ প্ৰতিষ্ঠানৰ লগতো চুক্তিবদ্ধ হৈছে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰ মাধ্যমেৰে বাছ পৰিচালনা কৰিবৰ বাবে।৩৪ ২০১৬ চনৰ জানুৱাৰীত পৰিবহণ নিগমৰ ভ'লভো B7RLE বাছসেৱা আৰম্ভ হয়। এই সেৱা গুৱাহাটীৰ উলুবাৰী ভ'লভো পইন্টৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ দৈনিক চলাচল কৰে। ১ জানুৱাৰী ২০২৪ চনত অসম ৰাজ্যিক পৰিবহণ নিগমে গুৱাহাটীত ২০০ খন শীত-তাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছৰ শুভাৰম্ভ কৰে। এই বাছ সমূহ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহৰ মাজত চলাচল কৰে।৫
অসম ৰাজ্যিক পৰিবহণ নিগমৰ ১৩৫ টা বাছ আস্থান আৰু ৩ টা আন্তঃৰাজ্যিক বাছ আস্থান (গুৱাহাটী, যোৰহাট আৰু শিলচৰ) আছে।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (31 March 2015). Boost to Public transport system in Guwahati. The Telegraph
- ↑ (4 September 2016). Need to revive ASTC: Sonowal. The Assam Tribune
- ↑ (25 January 2018). Patowary flags off Volvo bus service. দ্য আছাম ট্ৰিবিউন
- ↑ (6 November 2018). বাছ টিকটৰ বাবে পৰিবহণ নিগমে মুকলি কৰিলে মোবাইল এপ্প. জি প্লাছ
- ↑ (31 December 2024). 200 Electric Buses To Ply In City From Jan 1. দ্য টাইমছ অফ ইণ্ডিয়া
- ↑ (14 December 2018). Our History: Assam State Transport Corporation. astc.assam.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ৰাজ্যিক পৰিবহণ নিগম” প্ৰবন্ধৰ সংশোধন ৬৪০৬২৮ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।