অসমৰ চৰকাৰী সংস্থা
১৪ প্ৰবন্ধ
-
অসম প্ৰকাশন পৰিষদ
অসম প্ৰকাশন পৰিষদ অসম চৰকাৰৰ অধীনত চলা এখন চৰকাৰী প্ৰকাশনা-প্ৰতিষ্ঠান, যাৰ মুখ্য উদ্দেশ্য অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গ্ৰন্থ প্ৰকাশ।
-
অসম আৰক্ষী
অসম আৰক্ষী (Assam Police) হৈছে অসম ৰাজ্যৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। "জনহিত জনসেৱাৰ্থে" বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ আটাইকেইখন জিলাতে সেৱা আগবঢ়াই আহিছে।
-
জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’
জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ (Jyoti Chitraban Film Studio) গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত, অসমৰ প্ৰথম আৰু বৰ্তমানলৈ (২০২০) একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ’। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি জয়মতীৰ শ্বুটিঙৰ বাবে ভোলাগুৰি চাহবাগিছাত পাতি লোৱা অস্থায়ী ষ্টুডিঅ’…
-
অসম লোকসেৱা আয়োগ
অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচি অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক লোকসেৱা আয়োগ। অসম চৰকাৰৰ অধীনৰ বিভিন্ন পদসমূহৰ বাছনি পৰীক্ষা অসম লোকসেৱা আয়োগে আয়োজন কৰে। অসম অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।
-
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (Assam State Electricity Board, চমুকৈ ASEB) হৈছে অসমৰ বিদ্যুৎ নিয়ন্ত্ৰণৰ বাবে গঠিত ৰাজহুৱা খণ্ডৰ এক পৰিষদ। এই পৰিষদে ইয়াৰ অধীনৰ কোম্পানী অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৈতে অসমৰ বিদ্যুৎ উৎপাদন, সৰবৰাহ আৰু বিতৰণৰ কামসমূহ পৰিচালনা কৰে।
-
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (Assam State Film (Finance and Development) Corporation Ltd.}) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংস্থা।
-
অসম ৰাজ্যিক পৰিবহণ নিগম
অসম ৰাজ্যিক পৰিবহণ নিগম (Assam State Transport Corporation) হৈছে অসমৰ এটা পৰিবহণ সংস্থা। চমুকৈ ইয়াক এ. এছ. টি. চি. (ASTC) নামেৰে জনা যায়। ই সমগ্ৰ অসমৰ লগতে প্ৰতিৱেশী ৰাজ্যসমূহলৈ বাছ সেৱা আগবঢ়ায়। ৰাজ্যিক চৰকাৰৰ এটা বিভাগ হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
অসম শক্তি উৎপাদন নিগম লিমিটেড
অসম শক্তি উৎপাদন নিগম লিমিটেড (Assam Power Generation Corporation Limited; চমুকৈ APGCL) হৈছে অসম চৰকাৰধীন ৰাজহুৱা খণ্ডৰ এক উদ্যোগ। পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক পুনৰ্গঠন কৰি ২০০৩ চনত বিদ্যুৎ আইন'২০০৩ৰ অধীনত এই কোম্পানীটোৰ জন্ম দিয়া হয়। ব্যৱসায়িক কাম-কাজ আৰম্ভ হয় ২৯ এপ্ৰিল ২০০৪ৰ পৰা।
-
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (Assam Power Distribution Company Limited; চমুকৈ APDCL) হৈছে অসম চৰকাৰধীন ৰাজহুৱা খণ্ডৰ এটা লিমিটেড কোম্পানী। ২০০৯ চনৰ ২৩ অক্টোবৰত এই কোম্পানীটো গঠন কৰা হয় আৰু ভাৰতীয় কোম্পানী অধিনিয়ম, ১৯৫৬ৰ অধীনত পঞ্জীকৰণ কৰা হয়।
-
অসম বিদ্যুৎ সংবহন নিগম লিমিটেড
অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (Assam Electricity Grid Corporation Limited; চমুকৈ AEGCL) হৈছে অসম চৰকাৰধীন ৰাজহুৱা খণ্ডৰ এক উদ্যোগ। পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পুনৰ্গঠন কৰি ২০০৩ চনত এই কোম্পানীটোৰ জন্ম দিয়া হয় আৰু ভাৰতীয় কোম্পানী অধিনিয়ম, ১৯৫৬ৰ অধীনত পঞ্জীকৰণ কৰা হয়।
-
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা পৰিচালিত এখন সামাজিক আঁচনি আৰু জন প্ৰশাসনৰ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়ত মূলতঃ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া সমূহক প্ৰশিক্ষণ দিয়া হয় আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত গৱেষণা…
-
অসম পৰ্যটন উন্নয়ন নিগম
অসম পৰ্যটন উন্নয়ন নিগম (Assam Tourism Development Corporation) বা এটিডিচি অসম চৰকাৰৰ এক ৰাজ্যিক মালিকানাধীন নিগম। ই পৰ্যটন সঞ্চালকালয়ৰ সৈতে অসম পৰ্যটন বিভাগৰ অংশ হিচাপে পৰ্যটন সেৱা আৰু উন্নয়নৰ সৈতে সম্পৰ্কিত। ১৯৮৮ চনৰ ৯ জুনত অসমৰ ৰাজ্য চৰকাৰে নিগম স্থাপন কৰিছিল।
-
অসম ৰাজ্যিক মহিলা আয়োগ
অসম ৰাজ্যিক মহিলা আয়োগ (Assam State Commission for Women) বা অসম ৰাজ্যিক মহিলা আয়ুক্তালয় অসম ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়বোৰৰ মোকাবিলা কৰিবলৈ গঠন কৰা এক বিধিবদ্ধ সংস্থা। ৰাজ্যখনত মহিলাসকলৰ কল্যাণৰ বাবে এই আয়োগ অসম চৰকাৰে এক অৰ্ধ-ন্যায়িক সংস্থা হিচাপে স্থাপন কৰিছিল।
-
অসম বিদ্যুৎ নিয়ামক আয়োগ
অসম বিদ্যুৎ নিয়ামক আয়োগ (Assam Electricity Regulatory Commission, AERC) হৈছে অসম চৰকাৰৰ এটি নিয়ামক সংস্থা, যিয়ে অসমৰ বিদ্যুৎ শক্তিৰ উৎপাদন, সংবহন আৰু বিতৰণৰ লগত জড়িত কেতবোৰ নীতি প্ৰতিষ্ঠা, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে।