অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা দাস

কমলা দাস (Kamala Das; ৩১ মাৰ্চ ১৯৩৪ – ৩১ মে' ২০০৯), এগৰাকী ইংৰাজী ভাষাৰ ভাৰতীয় কবি। তেওঁ মালয়ালম ভাষাৰো শীৰ্ষস্থানীয় লেখক। কমলা লেখনিসূত্ৰে মাধৱিকুট্টি ছদ্মনামেৰে পৰিচিত আৰু বিবাহসূত্ৰে তেওঁৰ নাম কমলা দাস। ভাৰতবৰ্ষ ব্ৰিটিছ শাসনাধীন হৈ থাকোঁতে কেৰালাত কমলাৰ জন্ম হৈছিল।

হালনাগাদ: ৩১ জুলাই ২০২৬ ৯২১ শব্দ · ৫ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

কমলা দাস (Kamala Das; ৩১ মাৰ্চ ১৯৩৪ – ৩১ মে' ২০০৯), এগৰাকী ইংৰাজী ভাষাৰ ভাৰতীয় কবি। তেওঁ মালয়ালম ভাষাৰো শীৰ্ষস্থানীয় লেখক। কমলা লেখনিসূত্ৰে মাধৱিকুট্টি ছদ্মনামেৰে পৰিচিত আৰু বিবাহসূত্ৰে তেওঁৰ নাম কমলা দাস। ভাৰতবৰ্ষ ব্ৰিটিছ শাসনাধীন হৈ থাকোঁতে কেৰালাত কমলাৰ জন্ম হৈছিল। মালয়ালমত চুটিগল্প আৰু আত্মকথা লিখি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল, কিন্তু ইংৰাজী ভাষাত তেওঁ নাম কৰিছিল ঘাইকৈ কবিতা আৰু নিৰ্ভীক আত্মকথাৰে। বিভিন্ন কাকতত নাৰী, শিশু, ৰাজনীতি বিষয়ক বিভিন্ন প্ৰবন্ধ লিখি তেওঁ এগৰাকী বহুপঠিত স্তম্ভলেখক ৰূপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। সকলো অপৰাধবোধৰপৰা মুক্ত হৈ নাৰীৰ যৌনতা সম্পৰ্কে তেওঁ যি উদাৰ দৃষ্টিভংগী ৰাখিছিল, ই তেওঁৰ লেখাক শক্তি যোগাইছিল আৰু স্বাধীনতাৰ পিছত এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন লেখক ৰূপে তেওঁ নাম কৰিছিল। তেওঁৰ প্ৰজন্মৰ লেখকসকলৰ মাজত তেওঁক নাৰীমুক্তি আন্দোলনৰ অন্যতম বাটকটীয়া হিচাপে চিহ্নিত কৰা হয়।১ ৩১ মে' ২০০৯ চনত ৭৫ বছৰ বয়সত পুনেৰ এখন চিকিৎসালয়ত কমলা দাসৰ মৃত্যু হয়।২এটা ৰক্ষণশীল হিন্দু পৰিয়ালত কমলাৰ জন্ম হৈছিল যদিও মৃত্যুৰ প্ৰায় দহ বছৰ পূৰ্বে ১৯৯৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু নিজৰ নাম সলাই কমলা সুৰইয়া ৰাখিছিল। মৃত্যুৰ পিছত তেওঁলৈ শ্ৰদ্ধাঞ্জলি হিচাপে গুগলে ২০১৮ চনৰ ১ ফেব্ৰুৱাৰীত হোমপেজত এটা গুগল ডুডল প্ৰকাশ কৰে।৩ আৰু একে চনৰে ৯ ফেব্ৰুৱাৰী তাৰিখে কমলাৰ জীৱনভিত্তিক চলচ্চিত্ৰ আমি মুক্তি পায়।৪

প্ৰাৰম্ভিক জীৱন

কেৰালাৰ মালৱাৰ জিলাৰ, পুন্নায়ুৰকুলমত, ১৯৩৪ চনৰ ৩১ মাৰ্চৰ দিনা কমলাৰ জন্ম হৈছিল। সেয়া আছিল ভাৰতত ইংৰাজৰ শাসনকালৰ সময়। কমলাৰ দেউতাক ভি এম নায়াৰ আছিল ব্যাপকভাবে প্ৰচাৰিত এখন মালয়ালম দৈনিক কাকতৰ পৰিচালন সম্পাদক আৰু মাক নালাপাত বালামণি আম্মা এগৰাকী প্ৰখ্যাত মালয়ালী কবি। দেউতাকৰ চাকৰিসূত্ৰে কমলাৰ শৈশৱ পাৰ হৈছিল কলকাতাত। মাকৰ দৰেই কমলা লেখা মেলাত পাৰ্গত আছিল আৰু সৰুকালতে খুড়াক প্ৰসিদ্ধ লেখক নালাপাত নাৰায়ণ মেননৰ দ্বাৰা প্ৰভাৱিত হৈ কমলাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।

ব্যক্তিগত জীৱন

১৫ বছৰ বয়সত বেংকৰ কৰ্মচাৰী কে মাধৱ দাসৰ সৈতে কমলাৰ বিয়া হয়। তেওঁ কমলাক লিখিবলৈ উৎসাহিত কৰিছিল, যাৰ ফলত ইংৰাজী ভাষা আৰু মালয়ালম ভাষা দুয়োটা ভাষাতে কমলাৰ লেখা প্ৰকাশ হ’বলৈ ধৰিছিল। ১৯৬০ৰ দশকটো কলিকতাবাসীৰ বাবে আছিল কলা আৰু সংস্কৃতিৰ এক কঠিন সময় আৰু এই সময়তে ইংৰাজী ভাষাৰ কবি ৰূপে গা কৰি উঠা লেখকসকলৰ ভিতৰত কমলাও এগৰাকী আছিল।৫ তেওঁ তেওঁৰ প্ৰকাশিত ছয়োখন কাব্য গ্ৰন্থ ইংৰাজী ভাষাতে লিখিছে।৬

কে মাধৱ দাসৰ সৈতে বিবাহসূত্ৰে কমলা তিনিটি সন্তানৰ মাতৃ হৈছিল, এওঁলোক ক্ৰমে মাধৱ দাস নালাপাত, চিন্নেন দাস আৰু জয়সূৰ্য দাস। কেউজনৰ ভিতৰত মাধৱ দাস নালাপাতে নাম কৰিছিল। তেওঁ মনিপাল বিশ্ববিদ্যালয়ৰ জিঅ’পলিটিক্স বিভাগৰ অধ্যাপক আছিল আৰু ইংৰাজী ভাষাৰ দৈনিক কাকত দ্য টাইমছ অৱ ইণ্ডিয়াৰো আৱাসিক সম্পাদক আছিল।

সাহিত্যিক জীৱন

কমলা দাসৰ প্ৰথমখন কবিতাৰ কিতাপ ‘চামাৰ ইন কলকাতা’ ইংৰাজী সাহিত্যত এটি মাইলৰ খুঁটি। প্ৰেম, বিশ্বাসঘাটকতা আৰু যন্ত্ৰণাই আছিল তেওঁৰ কবিতাৰ মূল বিষয়। তেওঁৰ দ্বিতীয়খন কাব্যগ্ৰন্থ ‘দ্য ডিচেনডেণ্টচ্‌’ আৰু অধিক স্পষ্ট। তেওঁৰ কণ্ঠৰ এই স্পষ্টতাক মাৰ্গাৰেট ডুৰাচ আৰু ছিলভিয়া প্লাথৰ সৈতে তুলনা কৰা হৈছে।৭ ২০০৯ চনত তেওঁক আধুনিক ইংৰাজী কবিতাৰ জনক আখ্যা দিয়া হৈছিল।৭ কমলা দাসক ঘাইকৈ জনা যায় ৪২ বছৰ বয়সত লিখা তেওঁৰ দুৰন্ত আত্মজীৱনী ‘এন্তে কথা’ৰ বাবে। কিতাপখন প্ৰথমে তেওঁ মাতৃভাষা মালয়ালমত লিখিছিল যদিও বিপুল জনপ্ৰিয়তাৰ বাবে ইয়াক ‘মাই ষ্ট’ৰি’ নাম দি ইংৰাজীলৈ অনুবাদ কৰে। অধিক বিতৰ্কিত হৈ পৰাৰ বাবে তেওঁ পিছত কিতাপখনত বহুবোৰ মনেসজা কথা আছে বুলি কৈছিল।৮ মালয়ালম ভাষা কমলা দাসৰ মাতৃভাষা। মালয়ালম ভাষাত তেখেতে অনেক চুটি গল্প, উপন্যাস, উপন্যাসিকা আৰু স্মৃতি কথা লিখিছে। এই ভাষাত লিখা ‘পাক্ষিয়ুড়ে মানাম’, ‘নেয়পায়সম’, ‘থানুপ্পু’ আদি তেওঁৰ অন্যতম চুটি গল্প। ১৯৯৪ চনত লিখা ‘নীৰ্মাথালম পোথা কালম’ কমলা দাসৰ শ্ৰেষ্ঠ উপন্যাসৰ ভিতৰত এখন। সাহস আৰু স্পষ্টতা কমলাৰ লেখনিৰ বৈশিষ্ট্য। কমলাই বিশ্বাস কৰিছিল যে, এই পুৰুষ প্ৰধান সমাজত নিজৰ বাবে মাত মতাটো নাৰীৰ বাবে অত্যন্ত জৰুৰী। ‘এন ইনট্ৰ’ডাকচন’ বুলি তেওঁ এটা জীৱনীমূলক কবিতা লিখিছিল। কবিতাটোত খুব শক্তিশালীভাবে তেওঁ নিজৰ অনুভৱ ব্যক্ত কৰিছে। ‘ডান্স অৱ য়ুনুচ’ (নুপুংসকৰ নৃত্য) কমলাৰ আন এটি শক্তিশালী কবিতা। কবিতাটোৰ জৰিড়তে তৃতীয় লিংগৰ প্ৰতি তেওঁৰ সহানুভূতি প্ৰকাশ পাইছে। স্বাধীনতা, প্ৰেম আৰু সুৰক্ষাই হৈছে কমলাৰ কবিতাৰ ভাষ্য। পৃথিৱীৰ কেইবাখনো দেশৰ নামী-দামী কাব্যালোচনীত কমলাৰ কবিতাই ঠাই পাইছে। ১৯৮৪ চনত তেওঁৰ নাম সাহিত্যত ন'বেল বঁটাৰ বাবে মনোনয়ন কৰা হৈছিল।

স্বৰচিত কবিতা পাঠ কৰিবলৈ তেওঁ বিদেশৰ বহুকেইখন বিশ্ববিদ্যালয়ৰপৰা আমন্ত্ৰণ পাইছিল। কমলাৰ লেখা ফৰাচী, স্পেনিছ, ৰুছ, জাৰ্মান আৰু জাপানী ভাষালৈ অনূদিত হৈছে। তেওঁ কেৰালা সাহিত্য অকাডেমিৰ ভাইচ চেয়াৰপাৰ্চন আছিল। ইয়াৰ উপৰিও তেওঁ কেৰালা ফৰেষ্টি বোৰ্ডৰ চেয়াৰপাৰ্চন, কেৰালা চিলড্ৰেনচ্‌ ফিল্ম ছ’চাইটিৰ সভাপতি, ‘পয়েট’ আলোচনীৰ সম্পাদক৯ আৰু ইলাছ্‌ট্ৰেটেড ৱিক্‌লি অৱ ইণ্ডিয়াৰ কবিতাৰ সম্পাদক আছিল।

মৰোণোত্তৰ ভাবে তেওঁৰ চুটি গল্পৰ সংকলন ‘দ্য কেপ্ট ৱুমেন এণ্ড আডাৰ ষ্ট’ৰিজ’ প্ৰকাশ হৈছে।১০

ৰাজনীতি

আগতে কোনোকালে ৰাজনৈতিক ভাবে সক্ৰিয় নাছিল যদিও ধৰ্মনিৰপেক্ষতাৰ প্ৰচাৰ আৰু অনাথ মাতৃক শৰণ দিয়াৰ উদ্দেশ্যে কমলা দাসে ৰাষ্ট্ৰীয় পৰ্যায়ত লোক সেৱা পাৰ্টি নামে এটা দল খোলে যদিও ১৯৮৪ চনৰ সংসদীয় নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে।১১

ইছলামলৈ ধৰ্মান্তৰ

হিন্দু নায়াৰ (নালাপাত) পৰিয়ালত দাসৰ জন্ম হৈছিল।১২ ১৯৯০ চনত স্বামীৰ মৃত্যুৰ পিছত১৩১২ ১৯৯৯ চনত কমলা দাসে ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু নিজৰ নাম কমলা সুৰইয়া ৰাখে। তেওঁ তেওঁতকৈ ২৫ বছৰে সৰু এম পি আব্দুচসামাড সামাদানি (Abdussamad Samadani)-ৰ প্ৰেমত পৰিছিল আৰু তেওঁৰে সৈতে বিয়াত বহিবলৈ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল। সেইসময়ত সামাদানি ৰাজ্যসভাৰ এম পি আছিল আৰু ২০১১ চনত কোট্টক্কলৰ পৰা মুছলিম লীগৰ এম এল এ হৈছিল।১৪

বঁটা আৰু অন্যান্য স্বীকৃতি

সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কমলা দাসে অনেক স্বীকৃতি লাভ কৰিছিল। সেইসমূহৰ ভিতৰত:

  • ১৯৬৩: PEN এচিয়ান প’য়েট্ৰি প্ৰাইজ
  • ১৯৬৮: গল্পৰ বাবে কেৰালা সাহিত্য অকাডেমি বঁটা১৫
  • ১৯৮৪: সাহিত্যত ন'বেল বঁটাৰ বাবে মনোনয়ন১৬
  • ১৯৮৫: ইংৰাজী সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা – Collected Poems১৭
  • ১৯৮৮: শ্ৰেষ্ঠ কাহিনীৰ বাবে কেৰালাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা
  • ১৯৯৭: ৱায়ালাৰ এৱাৰ্ড১৫
  • ২০০৬: কালিকুট বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডি লিট উপাধি প্ৰদান।১৮
  • ২০০৬: মুত্তাথু ৱাৰ্কেয় এৱাৰ্ড১৯
  • ২০০৯: এযহুথাছন পুৰস্কাৰম২০

মৃত্যু

২০০৯ চনৰ ৩১ মে' তাৰিখে পুনেৰ এখন চিকিৎসালয়ত কমলা দাসৰ মৃত্যু ঘটে। মৃত্যুৰ পিছত তেওঁক তিৰুবন্তপুৰমৰ পালায়ম জামা মছজিদ প্ৰাংগনত ৰাজ্যিক মৰ্যাদাৰে কৱৰ দিয়া হয়।২১২২

অৱদান

ইংৰাজী

বিভাগআত্মজীৱনীউপন্যাসচুটিগল্পকবিতা
১৯৬৪দ্য চাইৰেন্স
১৯৬৫চামাৰ ইন কলকাতা
১৯৬৭দ্য ডিচেনডেণ্টচ্‌
১৯৭৩দ্যা অ’ল্ড প্লেহাউচ এণ্ড আডাৰ পয়েমচ
১৯৭৬মাই ষ্ট’ৰিএলফাবেট অৱ লাষ্ট
১৯৭৭আ ড’ল ফ’ৰ দ্য চাইল্ড প্ৰষ্টিটিউটদ্য ষ্ট্ৰেঞ্জাৰ টাইম
১৯৭৯টুনাইট, দিজ চেভেইজ ৰাইট (প্ৰীতিশ নন্দীৰ সৈতে)
১৯৮৪ক্যালেক্টেড পয়েমচ
১৯৮৫দ্য আনামলাই পয়েমচ
১৯৯২পদ্মাৱতী দ্য হাৰ্লট আণ্ড আডাৰ ষ্টৰিজ
১৯৯৭অনলি দ্য চৌল নউজ হাও টু ছিং
১৯৯৯মাই মাডাৰ এট ছিক্সটি ছিক্স
২০০১য়া আল্লাহ

মালয়ালম

  • ১৯৬৪: পাক্ষিয়ুড়ে মানম (চুটি গল্প সংকলন)
  • ১৯৬৬: নাৰিছীৰুকল পৰক্কুম্বোল (চুটি গল্প সংকলন)
  • ১৯৬৮: থানুপ্পু(চুটি গল্প)
  • ১৯৮২: এন্তে কথা (আত্মজীৱনী)
  • ১৯৮৭: বাল্যকাল স্মৰণকাল (শৈশৱৰ স্মৃতিকথা)
  • ১৯৮৯: ৱাৰ্শংঅলক্কু মুম্বু (উপন্যাস)
  • ১৯৯০: পলায়ন(উপন্যাস)
  • ১৯৯১: নেয়পায়সম (চুটি গল্প)
  • ১৯৯২: দয়াৰিক্কুৰিপ্পুকল(উপন্যাস)
  • ১৯৯৪: নীৰ্মাথালম পোথা কালম (উপন্যাস)
  • ১৯৯৬: কদল ময়োওৰম (উপন্যাসিকা)
  • ১৯৯৬: ৰোহিনি (উপন্যাসিকা)
  • ১৯৯৬: ৰথ্ৰিয়ুদে পদৱিন্যসম (উপন্যাসিকা)
  • ১৯৯৬: আত্তুকট্টিল (উপন্যাসিকা)
  • ১৯৯৬: ছেক্কেৰুন্না পাক্ষিকাল (চুটি গল্প সংকলন)
  • ১৯৯৮: নশ্তাপেত্ত নীলম্বৰি (চুটি গল্প সংকলন)
  • ২০০৫: ছন্দন মৰংঅল (উপন্যাস)
  • ২০০৫: মাধৱিক্কুট্টিয়ুড়ে উন্মাক্কধকল (চুটি গল্প সংকলন)
  • ২০০৫: ৱন্দিক্কলকল (উপন্যাস)

কবিতা সংকলিত হোৱা অন্যান্য কাব্যসংকলনসমূহ

  • টেন টুৱেণ্টিয়েথ চেন্সুৰী ইণ্ডিয়ান পয়েটচ্‌ (১৯৭৬) সম্পাদনা: আৰ পাৰ্থসাৰথি, প্ৰকাশক: অক্সফ’ৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, নতুন দিল্লী২৩
  • দ্য অক্সফ’ৰ্ড ইণ্ডিয়া এনথ’ল’জি অৱ ট্যুৱেলভ মডাৰ্ণ ইণ্ডিয়ান পয়েটচ্‌ (১৯৯২) সম্পাদনা: অৰবিন্দ কৃষ্ণ মেহ্ৰোট্ৰা, প্ৰকাশক: অক্সফ’ৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, নতুন দিল্লী২৪২৫
  • দ্য গল্ডেন ট্ৰেজাৰ অৱ ৰাইটাৰ্চ ৱৰ্কশ্বপ পয়েট্ৰি (২০০৮) সম্পাদনা: ৰুবানা হক, প্ৰকাশক:ৰাইটাৰ্চ ৱৰ্কশ্বপ, কলিকতা২৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (19 July 2000). The Rediff Interview/ Kamala Suraiya. Rediff.com
  2. ↑ (31 May 2009). PM mourns Kamala Das's death, praises her sensitive. দ্য হিন্দু
  3. ↑ www.ndtv.com/india-news/google-doodle-1807084
  4. ↑ m.imdb.com/title/tt6689734/
  5. ↑ Book Excerptise: strangertime: an anthology of Indian Poetry in English by Pritish Nandy (ed). www.cse.iitk.ac.in
  6. ↑ Rumens, Carol. (2015-08-03). Poem of the week: Someone Else's Song by Kamala Das. The Guardian
  7. ↑ Booth, Jenny. (13 June 2009). Lalit Shakya: Indian poet and writer. The Times
  8. ↑ Shahnaz Habib. (18 June 2009). Obituary: Kamala Das – Indian writer and poet who inspired women struggling to be free of domestic oppression. The Guardian
  9. ↑ Love and longing in Kerala. The Times of India
  10. ↑ Pisharoty, Sangeeta Barooah. (2010-10-27). Thus spake Das. The Hindu
  11. ↑ (31 May 2009). Noted writer Kamala Das Suraiya passes away. Zee News
  12. ↑ Biography of Kamala Das. www.internetpoem.com
  13. ↑ Kamala Das. www.scotsman.com
  14. ↑ (2018-02-09). Kamala Das converted to Islam, fell in love with a Muslim before ‘love jihad’, says Aami director. Hindustan Times
  15. ↑ Literary Awards. kerala.gov.in. Government of Kerala
  16. ↑ Amar Nath Prasad, Rajiv K. Mallik. (2007). Indian English Poetry and Fiction: Critical Elucidations. Sarup & Sons. পৃ. 100. ISBN 81-7625-730-3
  17. ↑ AKADEMI AWARDS (1955-2016). sahitya-akademi.gov.in. সাহিত্য অকাডেমি
  18. ↑ Honorary degree by Calicut University
  19. ↑ Literary Awards – official website of Onformation and Public Relation Department
  20. ↑ (1 January 2003). Writer Kamala Surayiya receives Ezhuthachan prize. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  21. ↑ (1 June 2009). Kerala pays tributes to Kamala Surayya. The Hindu
  22. ↑ (2 June 2009). Tributes showered on Kamala Suraiya. The Hindu
  23. ↑ Ten 20th Century Indian Poets. cse.iitk.ac.in
  24. ↑ The Oxford India Anthology of Twelve Modern Indian Poets. cse.iitk.ac.in
  25. ↑ Book review: 'Twelve Modern Indian Poets' by Arvind Krishna Mehrotra. indiatoday.in
  26. ↑ Rubana Huq, ed. The Golden Treasury of Writers Workshop Poetry. Review: ASIATIC, VOLUME 3, NUMBER 1, JUNE 2009. journals.iium.edu.my

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীমালয়ালম ভাষাৰ কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা দাস” প্ৰবন্ধৰ সংশোধন ৬২১৮৮১ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।