অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাস্কিন বণ্ড

ৰাস্কিন বণ্ড (Ruskin Bond; জন্ম ১৯ মে' ১৯৩৪) এজন ইংৰাজ মূলৰ ভাৰতীয় লেখক। ১৯৯২ চনত তেওঁ নিজৰ চুটিগল্পৰ সংকলন আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। শিশু সাহিত্যৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ১৯৯৯ চনত তেওঁ পদ্মশ্ৰী উপাধিৰে আৰু ২০১৪ চনত পদ্মভূষণ উপাধিৰে বিভূষিত হয়।

হালনাগাদ: ৬ মে’ ২০২৬ ৭০৫ শব্দ · ৪ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰাস্কিন বণ্ড (Ruskin Bond; জন্ম ১৯ মে' ১৯৩৪) এজন ইংৰাজ মূলৰ ভাৰতীয় লেখক।১ ১৯৯২ চনত তেওঁ নিজৰ চুটিগল্পৰ সংকলন আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।১ শিশু সাহিত্যৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ১৯৯৯ চনত তেওঁ পদ্মশ্ৰী উপাধিৰে আৰু ২০১৪ চনত পদ্মভূষণ উপাধিৰে বিভূষিত হয়। তেওঁ বৰ্তমান নিজৰ পালিত পৰিয়ালৰ সৈতে মুচৌৰীৰ কাষৰ লেণ্ডৰত বাস কৰে।

জীৱন আৰু কেৰিয়াৰ

ৰাস্কিন বণ্ডে কচৌলীৰ এক মিলিটাৰী হস্পিটালত জন্মগ্ৰহণ কৰে। এলেন আৰু উইলিয়াম আছিল তেওঁৰ সহোদৰ। ৰাস্কিনৰ পিতৃ ৰাজকীয় বায়ুসেনাৰ সৈতে আছিল। বণ্ডৰ চাৰি বছৰ বয়সত তেওঁৰ মাতৃৰ পিতৃৰ সৈতে বিচ্ছেদ হয় আৰু তেওঁ এক পূৰ্বতে বিবাহিত পঞ্জাবী-হিন্দু মিঃ হৰিৰ সৈতে বিবাহত বহে। বণ্ডে তেওঁৰ বাল্যকালৰ প্ৰথমছোৱা সময় জামনগৰ আৰু ছিমলাতে পাৰ কৰে। ১৯৪৪ চনত মেলেৰিয়াত আক্ৰান্ত হৈ পিতৃৰ আকস্মিক মৃত্যু হোৱাৰ পিছত দহ বছৰ বয়সত ৰাস্কিনে দেৰাডুনত থকা আইতাকৰ ঘৰত থাকিবলৈ যায়। ৰাস্কিনৰ নিজ মাতৃয়েই তেওঁক ডাঙৰ-দীঘল কৰে যি এজন ভাৰতীয় ব্যৱসায়ীৰ সৈতে পুনৰবাৰ বিবাহত বহে। ছিমলাৰ বিশ্বপ কটন স্কুলত বণ্ডে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু ১৯৫২ চনত সেই শিক্ষানুষ্ঠানৰপৰাই স্নাতক উপাধি গ্ৰহণ কৰে। গ্ৰন্থ আৰু লেখনিৰ প্ৰতি ৰাস্কিনৰ ভালপোৱাৰ ভাৱ সৰুৰেপৰাই জাগ্ৰত হৈছিল কিয়নো তেওঁৰ দেউতাকে তেওঁক কিতাপৰ যোগান ধৰাৰ লগতে প্ৰকৃতি বিষয়ত সৰু-সুৰা লেখনি লিখিবলৈ উৎসাহিত কৰিছিল আৰু তেওঁক পাহাৰৰ ওপৰলৈ লৈ গৈছিল।

হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ ইংলেণ্ডত চাৰি বছৰ কটায়। লণ্ডনতে তেওঁ অৰ্ধ-আত্মজীৱনিমূলক কাহিনী এক এংলো-ইণ্ডিয়ান মাউৰা ল'ৰা ৰাষ্টিৰ কথাৰে নিজৰ প্ৰথমখন উপন্যাস দ্য ৰূম অন দ্য ৰূফছ লিখাৰ কাম আৰম্ভ কৰে। উপন্যাখনে ১৯৫৭ চনৰ জন লুৱেলিন ৰায়ছ বঁটা লাভ কৰে, যি বঁটা ৩০ৰ অনূৰ্ধ্ব্ব ইংৰাজ কমনৱেলথ লেখকক দিয়া হয়। বণ্ডে কিতাপখনৰ জৰিয়তে পোৱা অগ্ৰিম ধনখিনি সাগৰ পথেদি বোম্বেলৈ আহিবলৈ ব্যৱহাৰ কৰে। তেওঁ কিছু বছৰ দিল্লী আৰু ডেৰাডুনত সাংবাদিক হিচাপে কাম কৰে। ১৯৬৩ চনৰপৰা তেওঁ এজন স্বতন্ত্ৰ লেখক হিচাপে হিমালয়ৰ পাদদেশৰ এক চহৰ মুচৌৰীত থাকিবলৈ লয়।২দ্য ৰূম অন দ্য ৰূফৰ ছিকুৱেল হিচাপে তেওঁ ভেগৰেণ্টছ ইন দ্য ভেলী ৰচনা কৰে। ১৯৯৩ চনত পেংগুইন ইণ্ডিয়াই এই দুয়োখন উপন্যাস একত্ৰ কৰি প্ৰকাশ কৰিছিল। পৰৱৰ্ত্তী বছৰটোত পেংগুইন ইণ্ডিয়াই তেওঁৰ বাস্তৱ আধাৰিত লেখনিৰ এক সংকলন দ্য বেষ্ট অফ ৰাস্কিন বণ্ড প্ৰকাশ কৰে। আতিভৌতিকতাৰ প্ৰতি তেওঁৰ আকৰ্ষণৰ ফলতেই ঘ'ষ্ট ষ্ট'ৰীজ ফ্ৰম দ্য ৰাজ, এ ছিজন অফ ঘ'ষ্টছ, এ ফেচ ইন দ্য ডাৰ্ক এণ্ড আদাৰ হ'ণ্টিঙছ আদি জনপ্ৰিয় কিতাপ ৰচনা কৰে।

দ্য ইণ্ডিয়ান কাউন্সিল ফৰ চাইল্ড এডুকেচনে ভাৰতৰ শিশু সাহিত্যৰ ক্ষেত্ৰখনত তেঔঁৰ অগ্ৰগণী ভূমিকাক স্বীকৃতি দিয়ে আৰু ১৯৯২ চনত আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰাৰ বাবে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰে।

চলচ্চিত্ৰপঞ্জী

বণ্ডৰ ইতিহাসমূলক উপন্যাস এ ফ্লাইট অফ পিজনছৰ (ভাৰতৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ এটা খণ্ডৰ বিষয়ে) ওপৰত ভেঁটি কৰি শশী কাপুৰে জুনুন নামৰ এক হিন্দী কথাছবি নিৰ্মাণ কৰে যাৰ পৰিচালক আছিল শ্যাম বেনেগাল। নিজৰেই চুটিগল্প সংকলন চুছান্নাজ চেভেন হাজবেণ্ডৰ ওপৰত আধাৰিত বিশাল ভৰদ্বাজৰ ছবি সাত খুন মাফত ৰাস্কিন বণ্ডে প্ৰথমবাৰৰ বাবে ভূমুকি মাৰে। নাম ভূমিকাত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰা এই ছবিত তেওঁ এজন পুৰোহিতৰ ভূমিকাত অভিনয় কৰে।৩ ইয়াৰ আগতেও বণ্ডে ভৰদ্বাজৰ সৈতে তেওঁৰ লেখনিৰ ওপৰত আধাৰিত দ্য ব্লু আম্ব্ৰেলাত একেলগে কাম কৰিছিল।

লেখনিৰ ৰীতি

বণ্ডৰ সিংহভাগ লেখনিয়েই তেওঁ বাল্যকালছোৱা কটোৱা হিমালয়ৰ পাদদেশৰ পাৰ্বত্য নিবাসসমূহৰদ্বাৰা অনুপ্ৰাণিত। ১৭ বছৰ বয়সতে বণ্ডে তেওঁৰ প্ৰথমখন উপন্যাস দ্য ৰূম অন দ্য ৰূফছ লিখিছিল যিখন তেওঁৰ ২১ বছৰ বয়স হওঁতে প্ৰকাশিত হৈছিল। উপন্যাসখন সম্পূৰ্ণৰূপে ডেৰাডুনৰ তেওঁৰ মূধচত থকা সৰু ভাড়াতীয়া কোঠালিটো আৰু বন্ধুবৰ্গৰ সৈতে হোৱা অভিজ্ঞতাৰ ওপৰত আধাৰিত আছিল। সেই সময়ৰ পৰা তেওঁ এতিয়ালৈকে তিনি শতাধিক চুটিগল্প, ৰচনা আৰু ভেগৰেণ্টছ ইন দ্য ভেলী, দ্য ব্লু আম্ব্ৰেলা, ফানি চাইড আপ, এ ফ্লাইট অফ পিজনছ আদি উপন্যাস আৰু ত্ৰিশখনতকৈও অধিক শিশুগ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ আত্মজীৱনীৰো দুটা খণ্ড প্ৰকাশ পাইছে। চিনছ ফ্ৰম এ ৰাইটাৰ্ছ লাইফত এংলো-ইণ্ডিয়াত তেওঁৰ সময়বোৰৰ কথা বৰ্ণিত হৈছে; দ্য লেম্প ইজ লিট বণ্ডৰ ৰচনা আৰু তেওঁৰ কাকতৰ লেখনিৰ এক সংকলন।

বণ্ডে কয় যে তেওঁৰ আত্মজীৱনিমূলক লেখনি ৰেইন ইন দ্য মাউণ্টেইনছ মুচৌৰীত কটোৱা বছৰবোৰৰ বিষয়ে, চিনছ ফ্ৰম এ ৰাইটাৰ্ছ লাইফে তেওঁৰ প্ৰথম ২১টা বছৰ বৰ্ণনা কৰিছে। চিনছ ফ্ৰম এ ৰাইটাৰ্ছ লাইফে বণ্ডৰ ইংলেণ্ড যাত্ৰা, তেওঁৰ প্ৰথমখন গ্ৰন্থ দ্য ৰূম অন দ্য ৰূফছৰ বাবে প্ৰকাশক বিচাৰি কৰা সংগ্ৰাম আৰু ভাৰতলৈ, বিশেষকৈ ডেৰাডুনলৈ ঘূৰি আহিবলৈ তেওঁৰ ইচ্ছাৰ ওপৰত আলোকপাত কৰিছে। বণ্ডে কয়, "ই মোৰ পিতৃ-মাতৃৰ বিষয়েও বহু কথা কৈছে। " "গ্ৰন্থখন মোৰ প্ৰথমখন উপন্যাসৰ প্ৰকাশ আৰু মোৰ জীৱিকাৰ বিষয়ে লিখাৰ সিদ্ধান্তৰে শেষ হৈছে।," বণ্ডে লগতে কয়, "ই মূলতঃ মই কেনেকৈ লেখক হ'লো সেই কথা বৰ্ণনা কৰিছে। "

তেওঁৰ উপন্যাস দ্য ফ্লাইট অফ পিজনছক মাৰ্চেণ্ট আইভৰিয়ে এক চলচ্চিত্ৰ জুনুনৰ ৰূপ দিয়ে। দ্য ৰূম অন দ্য ৰূফছক বিবিচিৰদ্বাৰা নিৰ্মিত এক দূৰদৰ্শন শৃংখলাৰ ৰূপ দিয়া হয়। দ্য নাইট ট্ৰেইন এট ডেউলী, টাইম ষ্টপছ এট ছামলি, আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰা আদি গল্পক ভাৰতৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ২০০৭ চনত বলিউদৰ চলচ্চিত্ৰ পৰিচালক বিশাল ভৰদ্বাজে বণ্ডৰ জনপ্ৰিয় শিশু উপন্যাস দ্য ব্লু আম্ব্ৰেলাৰ আধাৰত এখন ছবি নিৰ্মাণ কৰে। ছবিখন শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

কৰ্মপঞ্জী

সংকলন

  • হাউচ
  • গাৰলেণ্ড অফ মেমৰিজ
  • দ্য বয় হু ব্ৰ'ক দ্য বেংক
  • বাছ ষ্টপ, পিপলনগৰ
  • ফানি ছাইড আপ
  • ৰেইন ইন দ্য মাউণ্টেইনছ-নটছ ফ্ৰম দ্য হিমালয়াজ
  • আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰা
  • এ ছিজন অফ ঘ'ষ্টছ
  • টাইগাৰছ ফৰেভাৰ
  • এ টাউন কল্ড ডেহৰা
  • এন আইলেণ্ড অফ ট্ৰিজ
  • দ্য নাইট ট্ৰেইন এট ডেউলী
  • এ ফেচ ইন দ্য ডাৰ্ক এণ্ড আদাৰ হ'ণ্টিঙছ
  • পটপৌৰি
  • দ্য এডভেঞ্চাৰছ অফ ৰাষ্টি
  • দ্য লষ্ট ৰুবী
  • ক্ৰেজী টাইমছ ৱিথ আংকল কেন
  • দ্য ডেথ অফ ট্ৰিজ
  • টেলছ এণ্ড লিজেণ্ডজ ফ্ৰম ইণ্ডিয়া
  • হিপ হপ নেচাৰ বয় এণ্ড আদাৰ পয়েমছ৪৫

উপন্যাসমূহ

  • ৰূম অন দ্য ৰূফ
  • ভেগৰেণ্টছ ইন দ্য ভেলী
  • চিনছ ফ্ৰম এ ৰাইটাৰ্ছ লাইফ
  • চুছান্নাজ চেভেন হাজবেণ্ডছ
  • এ ফ্লাইট অফ পিজনছ
  • লেণ্ডৰ ডেজ - এ ৰাইটাৰ্চ জাৰ্ণেল
  • দ্য চেনছুৱেলিষ্ট৬৭
  • দ্য ৰোড টু দ্য বাজাৰ
  • দ্য পেন্থাৰছ মুন
  • ৱানছ আপন এ মনচুন টাইম
  • দ্য ইণ্ডিয়া আই লাভ
  • দ্য কাশ্মীৰ ষ্ট'ৰীটেলাৰ
  • দ্য ব্লু আম্ব্ৰেলা
  • দ্য টাইগাৰ ইন দ্য টানেল
  • দিল্লী ইজ নট ফাৰ
  • এনিমেল ষ্ট'ৰীজ
  • ফানি চাইড আপ
  • ৰাস্কিন বণ্ডছ চিলড্ৰেন অমনিবাছ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ruskin Bond: The Writer - Let's meet Ruskin Bond
  2. ↑ Sinha, Arpita. (18 May 2010). The name is Bond, Ruskin Bond
  3. ↑ Ruskin Bond to do a cameo in 'Saat Khoon.'. The Times Of India
  4. ↑ Ruskin Bond celebrates 25th anniversary of Penguin in Bangalore EF News International
  5. ↑ Two anniversaries and a book launch Ipaimpress.com - International Press Association publication
  6. ↑ Bond, Ruskin, and Prabhat K. Singh. Rāta ke ajanabī. Dillī: Ātmārāma eṇḍa Saṃsa, 1998. ISBN 978-81-7043-343-9
  7. ↑ Bond, Ruskin. The Complete Short Stories and Novels. New Delhi: Viking, 1996. ISBN 978-0-670-86835-3

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাস্কিন বণ্ড” প্ৰবন্ধৰ সংশোধন ৬০৪৬৯৪ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।