মালয়ালম ভাষাৰ কবি
৯ প্ৰবন্ধ
-
কমলা দাস
কমলা দাস (Kamala Das; ৩১ মাৰ্চ ১৯৩৪ – ৩১ মে' ২০০৯), এগৰাকী ইংৰাজী ভাষাৰ ভাৰতীয় কবি। তেওঁ মালয়ালম ভাষাৰো শীৰ্ষস্থানীয় লেখক। কমলা লেখনিসূত্ৰে মাধৱিকুট্টি ছদ্মনামেৰে পৰিচিত আৰু বিবাহসূত্ৰে তেওঁৰ নাম কমলা দাস। ভাৰতবৰ্ষ ব্ৰিটিছ শাসনাধীন হৈ থাকোঁতে কেৰালাত কমলাৰ জন্ম হৈছিল।
-
বালামণি আম্মা
নালাপাত বালামণি আম্মা (Nalapat Balamani Amma; জন্ম: ১৯ জুলাই ১৯০৯ – মৃত্যু: ২৯ ছেপ্টেম্বৰ ২০০৪) মালয়ালম ভাষাৰ এগৰাকী ভাৰতীয় কবি। তেওঁ মহাদেৱী বৰ্মাৰ সমসাময়িক আৰু বিংশ শতিকাৰ বিখ্যাত আৰু বিশিষ্ট মালয়ালম কবিসকলৰ মাজৰ এগৰাকী আছিল।
-
কে আয়াপ্পা পানিকাৰ
ড° কে. আয়াপ্পা পানিকাৰ, বা আয়াপ্পা পানিকাৰ (Ayyappa Paniker জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩০ - ২৩ আগষ্ট ২০০৬) এগৰাকী মালায়ালম কবি আৰু সাহিত্য সমালোচক। তেওঁ আধুনিক আৰু উত্তৰ-আধুনিক সাহিত্য তত্ত্বৰ লগতে প্ৰাচীন ভাৰতীয় নান্দনিকতা আৰু সাহিত্য পৰম্পৰাৰ এগৰাকী শিক্ষাবিদ আৰু পণ্ডিতো আছিল।
-
ভাইলোপিল্লী শ্ৰীধৰ মেনন
ভাইলোপিল্লী শ্ৰীধৰ মেনন (১১ মে' ১৯১১ ২২ ডিচেম্বৰ ১৯৮৫) আছিল মালয়ালম সাহিত্যৰ এগৰাকী ভাৰতীয় কবি। কুডিঅ'ঝিক্কল, কান্নিক্কোয়থু আৰু মাম্বঝম আদি কৃতিৰ বাবে পৰিচিত মেনন আছিল কেৰালাৰ শিল্পী, লেখক তথা শিল্প আৰু সাহিত্য অনুৰাগীসকলৰ সংগঠন পুৰোগমনা কলা সাহিত্য সংগমৰ প্ৰতিষ্ঠাপক সভাপতি।
-
অনঘা জে. কোলাঠ
অনঘা জে. কোলাঠ (ইংৰাজী: Anagha J. Kolath) এগৰাকী মালয়ালম ভাষাৰ কবি। ২০২২ চনত তেওঁ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰে।
-
আৰ্যাম্বিকা এছ. ভি.
আৰ্যাম্বিকা এছ. ভি. (ইংৰাজী: Aryambika S. V.; জন্ম: ১৯৮১) এগৰাকী ভাৰতীয় মালয়ালম ভাষাৰ কবি। তেওঁ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ আৰু কেৰালা সাহিত্য অকাডেমিৰ কনকশ্ৰী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
কুট্টিপুঝা কৃষ্ণ পিল্লাই
কুট্টিপুঝা কৃষ্ণ পিল্লাই (মালয়ালম: കുറ്റിപ്പുഴ കൃഷ്ണപ്പിള്ള; ১ আগষ্ট ১৯০০ – ১১ ফেব্ৰুৱাৰী ১৯৭১) আছিল এগৰাকী ভাৰতীয় পণ্ডিত, সাংবাদিক, দাৰ্শনিক, নাস্তিক আৰু মালয়ালম ভাষাৰ সমালোচক। এই ভাষাৰ বিশিষ্ট সাহিত্য সমালোচকসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।
-
জৰ্জ জোচেফ কে
জৰ্জ জোচেফ কে (George Joseph K., জন্ম:১৯৫৫), এগৰাকী ভাৰতীয় গল্পকাৰ, ঔপন্যাসিক, কবি আৰু সাংবাদিক, যি মালয়ালম ভাষাত লিখে। বৰ্তমানলৈ তেওঁৰ ৯ খন কিতাপ প্ৰকাশ হৈছে।
-
বিজয়ৰাজামল্লিকা
বিজয়ৰাজামল্লিকা মালয়ালম সাহিত্যৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ কবি। তেওঁ এগৰাকী লেখিকা, শিক্ষিকা, সমাজকৰ্মী, অনুপ্ৰেৰণা বক্তা আৰু সামাজিক কৰ্মী হিচাপেও পৰিচিত।