নালাপাত বালামণি আম্মা (Nalapat Balamani Amma; জন্ম: ১৯ জুলাই ১৯০৯ – মৃত্যু: ২৯ ছেপ্টেম্বৰ ২০০৪) মালয়ালম ভাষাৰ এগৰাকী ভাৰতীয় কবি। তেওঁ মহাদেৱী বৰ্মাৰ সমসাময়িক আৰু বিংশ শতিকাৰ বিখ্যাত আৰু বিশিষ্ট মালয়ালম কবিসকলৰ মাজৰ এগৰাকী আছিল। আম্মা (মাডাৰ), মুতাছী (গ্ৰেণ্ডমাডাৰ), মাড়ুৱিন্তে কথা (দ্য ষ্ট’ৰি অৱ দ্য এক্স) আদি তেওঁৰ কিছু উল্লেখযোগ্য সৃষ্টিকৰ্ম।১বালামণি আম্মাই প্ৰায় পাঁচশতকৈও অধিক কবিতা লেখিছে। মালয়ালম ভাষাৰ এগৰাকী অন্যতম শক্তিশালী কবি হোৱা বাবে তেওঁক মালয়ালম সাহিত্যৰ মাতৃ আখ্যা দিয়া হয়।
আম্মা মালায়ালম লেখক এন নাৰায়ণ মেননৰ ভতিজাক আছিল। তেওঁৰপৰা প্ৰাপ্ত শিক্ষা আৰু তেওঁৰ দ্বাৰা লিখিত কিতাপবোৰে আম্মাক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। মামাকৰপৰা পোৱা অনুপ্ৰেৰণাই তেওঁক এগৰাকী দক্ষ কবি ৰূপে পৰিচিতি লভাত সহায় কৰিছিল। নালাপাত হাউচৰ আলমাৰীৰ পৰা কিতাপ নিৰ্বাচনৰ সময়ত তেওঁ বিশিষ্ট মালায়ালম কবি ভি নাৰায়ণ মেননৰ কিতাপসমূহৰ সৈতে পৰিচয় হোৱাৰ সুযোগ পাইছিল। মেননৰ শৈলী আৰু সৃজনশীলতাৰ দ্বাৰা আম্মা ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁ হৈ উঠিছিল আম্মাৰ প্ৰিয় কবি।
তেওঁ তেওঁৰ সাহিত্যকৰ্মৰ বাবে পদ্মভূষণ (১৯৮৭)২, সাহিত্য অকাডেমি বঁটা, সৰস্বতী সন্মান আদিকে ধৰি অলেখ বিখ্যাত সন্মানেৰে সন্মানিত হৈছে।৩ তেওঁ সাহিত্যকাৰ কমলা সুৰইয়া ওৰফে কমলা দাসৰ মাতৃ।৪
২০০৯ চনটো বালামণি আম্মাৰ জন্ম শতবৰ্ষ ৰূপে পালন কৰা হৈছিল।
সংক্ষিপ্ত জীৱনী
১৯০৯ চনৰ ১৯ জুলাইত৫ ব্ৰিটিছ ভাৰতৰ মালাবাৰ জিলাৰ পন্নানি তালুকত অৱস্থিত পুন্নায়ুৰকুলমত বালামণি আম্মাৰ জন্ম হৈছিল। তেওঁৰ দেউতাক নালাপাত চিত্তানজুৰ কুনহুনি ৰাজা আৰু মাতৃ আছিল নালাপাত কচুকুট্টি আম্মা। বালামণিৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল, মামাকৰ উদগনি আৰু তেওঁ সংগ্ৰহ কৰা কিতাপসমূহৰ পঠনে বালামণিক কবি ৰূপে পৰিচিতি লভাত সহায় কৰিছিল।৬ তেওঁ নালাপত নাৰায়ণ মেনন আৰু কবি বল্লথল নাৰায়ণ মেননৰ দ্বাৰা প্ৰভাৱিত হৈছিল।৭
১৯ বছৰ বয়সত আম্মাই ভি এম নায়াৰক বিয়া কৰায়, যি প্ৰথমে বহুলভাৱে প্ৰচাৰিত মালায়ালম বাতৰি কাকত ‘মাতৃভূমি’ৰ পৰিচালন সঞ্চালক আৰু পৰিচালন সম্পাদক৫৮ আৰু পিছলৈ এটা অট’মোবাইল কোম্পানীৰ বিষয়া ৰূপে কাম কৰিছিল।.৯স্বামীৰ সৈতে থাকিবলৈ বিয়াৰ পিছত বালামণি কলকাতালৈ যায়।১০ ১৯৭৭ চনত ভি এম নায়াৰৰ মৃত্যু হয়।১০
তেওঁ ইংৰাজী ভাষা আৰু মালয়ালম ভাষাৰ বিখ্যাত ভাৰতীয় লেখক কমলা দাসৰ মাতৃ আছিল, যি তেওঁৰ আত্মজীৱনী 'মাই ষ্টৰী'ৰ জৰিয়তে খ্যাতি লাভ কৰিছিল আৰু সাহিত্যৰ ন'বেল বঁটাৰ বাবে মনোনীত হৈছিল।৮ কমলাৰ লেখনিত আম্মাৰ যথেষ্ট প্ৰভাৱ পৰিছিল। বালামণি ক্ৰমে নালাপত সুলোচনা, মোহনদাস আৰু শ্যাম সুন্দৰৰো মাতৃও আছিল।৫
মাকৰপৰা দূৰত থাকিও জীয়ৰী কমলা দাস তেওঁৰ সৈতে আৱেগিকভাৱে জড়িত আছিল। ১৯৯৯ চনত, মাকক স্মৰণ কৰি তেওঁ ইংৰাজীত ‘মাই মাডাৰ এট ছিক্সটি ছিক্স’ নামেৰে এটা কবিতা লিখিছিল। কবিতাটো জনপ্ৰিয় হৈছিল আৰু ইয়াক কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।১১
পাঁচ বছৰ আলঝেইমাৰ ৰোগত ভোগাৰ পিছত, ২০০৪ চনৰ ২৯ ছেপ্টেম্বৰত বালামণি আম্মাৰ মৃত্যু হয়।৫ মৃত্যুৰ পিছত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়।১২
কবিতা
বালামণি আম্মাৰ বিশখনতকৈও অধিক কাব্য সংকলন, বহুখিনি গদ্য আৰু অনুবাদ প্ৰকাশ হৈছে। তেওঁৰ প্ৰথম কবিতা “কপ্পুকাই” ১৯৩০ চনত প্ৰকাশ হৈছিল।৭ ‘সাহিত্য নিপুনা পুৰস্কাৰম’ লাভ কৰাৰ পিছতে তেওঁ কবি ৰূপে স্বীকৃতি লাভ কৰিছিল। কোচিন ৰাজ্যৰ প্ৰাক্তন শাসক পৰিক্ষীত থামপুৰণৰ পৰা তেওঁ এই বঁটা গ্ৰহণ কৰিছিল। ১৯৫৯ চনৰ পৰা ১৯৮৬ চনৰ কবিতাসমূহ সামৰি প্ৰকাশ হোৱা ‘নৈবেদ্যম’ বালামণি আম্মাৰ কবিতা সংকলন। লোকন্তৰঙ্গলিল হৈছে কবি নালাপাত নাৰায়ণ মেননৰ মৃত্যু বিষয়ক এলিজি বা শোকগাঁথা।১৩
কাব্য সংকলন
- কুদুম্বিনী (১৯৩৬)
- Dharmamargathil (১৯৩৮)
- Sthree Hridayam (১৯৩৯)
- Prabhankuram (১৯৪২)
- Bhavanayil (১৯৪২)
- Oonjalinmel (১৯৪৬)
- কলিকত্তা (১৯৪৯)
- Velichathil (১৯৫১)
- Avar Paadunnu (১৯৫২)
- প্ৰণামম (১৯৫৪)
- লোকন্তৰঙ্গলিল (১৯৫৫)
- স্বপ্নম (১৯৫৮)
- মুতাছি (১৯৬২)
- Mazhuvinte Katha (১৯৬৬)
- Ambalathilekku (১৯৬৭)
- Nagarathil (১৯৬৮)
- Veyilaarumbol (১৯৭১)
- Amruthamgamaya (১৯৭৮)
- সহপড়িকাল(১৯৭৯)
- সন্ধ্যা (১৯৮২)
- নৈবেদ্যম (১৯৮৭)
- Mathruhridayam (১৯৮৮)
- টু মাই ড’টাৰ (মালয়ালম)
- Kulakkadavil
- মহাবীৰা
বঁটা আৰু স্বীকৃতি
- ‘মুতাছি’ কাব্য সংকলনৰ বাবে কেৰালা সাহিত্য অকাডেমি বঁটা, (১৯৬৩)১৩
- ‘মুতাছি’ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা, (১৯৬৫)১৩
- আসন পুৰস্কাৰ (১৯৮৯)
- বল্লথোল পুৰস্কাৰ (১৯৯৩)
- লালিথম্বিকা অংথৰ্জনম পুৰস্কাৰ (১৯৯৩)
- ‘নৈবদ্যম’ কাব্য সংকলনৰ বাবে সৰস্বতী সন্মান (১৯৯৫)১৩
- পদ্মভূষণ বঁটা (১৯৮৭)১৪
স্মৰণ
আম্মাৰ স্মৃতিত কোচি আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মহোৎসৱ সমিতিয়ে প্ৰতিবছৰে মালয়ালম ভাষাৰ কোনো এজন সাহিত্যিকক 'বালামণি আম্মা পুৰস্কাৰ' প্ৰদান কৰে। এই সন্মানৰ অংশ ৰূপে নগদ ২৫ হাজাৰ টকা, এটি স্মাৰক আৰু এখন সন্মানীয় বস্ত্ৰ প্ৰদান কৰা হয়। বৰ্তমানলৈকে সুগত কুমাৰী, এম লীলাৱতী, অক্কিতম অচ্যুতম নম্বুথিৰী, কোবিলন, কক্কানাদন, বিষ্ণু নাৰায়ণন নম্বুতিৰী, চি ৰাধাকৃষ্ণণ, এম পি বীৰেন্দ্ৰকুমাৰ, য়ুচুক আলি কেশৰী আৰু পি বলচলাই এই সন্মান লাভ কৰিছে।১৫১৬
তথ্যসূত্ৰ
- ↑ George, K. M. (1998). Western influence on Malayalam language and literature. সাহিত্য অকাডেমি. পৃ. 132. ISBN 978-81-260-0413-3
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Literary Awards. Government of Kerala
- ↑ Weisbord, Merrily. (2010). The Love Queen of Malabar: Memoir of a Friendship with Kamala Das. McGill-Queen's University Press. পৃ. 116. ISBN 978-0-7735-3791-0
- ↑ (30 September 2004). Balamani Amma no more. Indian Express
- ↑ Jadia, Varun. (May 29, 2016). This List of India's Most Gifted Women Poets Is Sure to Bring Some Enchantment in Your Life. The Better India
- ↑ Azheekode, Sukumar. Balamaniamma
- ↑ TNN. (June 1, 2009). Kamala Das passes away. Times of India
- ↑ Fox, Margalit. (June 13, 2009). Kamala Das, Indian Poet and Memoirist, Dies at 75. The New York Times
- ↑ Balamani Amma. veethi.com
- ↑ MY MOTHER AT SIXTY SIX CBSE – CLASS – XII – ENGLISH TEXT BOOK ANSWERS AND ANALYSIS. CBSENCERTANSWERS
- ↑ (September 30, 2004). Kerala bids farewell to Balamani Amma. Times of India. PTI
- ↑ (30 September 2004). A prolific writer. দ্য হিন্দু
- ↑ Netzone, India. 1987 Padma Bhushan Awardees
- ↑ এক্সপ্ৰেছ, इंडियन. Kecheri wins Balamani Amma award
- ↑ হিন্দু, দ্য. Balamani Amma Award for Valsala
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালামণি আম্মা” প্ৰবন্ধৰ সংশোধন ৬০২৫১৬ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।