অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ কে নাৰায়ণ

আৰ. কে. নাৰায়ণ (R. K. Narayan; ১০ অক্টোবৰ, ১৯০৬ – ১৩ মে, ২০০১) এজন ভাৰতীয় সাহিত্যিক আছিল। দক্ষিণ ভাৰতৰ কাল্পনিক চহৰ মালগুডিৰ পটভূমিত স্থাপন কৰা ৰচনাসমূহৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তেওঁৰ সম্পূৰ্ণ নাম ৰাচিপুৰম কৃষ্ণস্বামী আয়াৰ নাৰায়ণস্বামী।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আৰ. কে. নাৰায়ণ (R. K. Narayan; ১০ অক্টোবৰ, ১৯০৬ – ১৩ মে, ২০০১)১ এজন ভাৰতীয় সাহিত্যিক আছিল। দক্ষিণ ভাৰতৰ কাল্পনিক চহৰ মালগুডিৰ পটভূমিত স্থাপন কৰা ৰচনাসমূহৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তেওঁৰ সম্পূৰ্ণ নাম ৰাচিপুৰম কৃষ্ণস্বামী আয়াৰ নাৰায়ণস্বামী। ইংৰাজী ভাষাত ভাৰতীয় সাহিত্যৰ প্ৰথম যুগৰ তিনিজন পুৰোহিত ব্যক্তিৰ ভিতৰত নাৰায়ণ অন্যতম আছিল (বাকী দুজন আছিল মুল্ক ৰাজ আনন্দ আৰু ৰাজা ৰাও)। তেওঁলোকেই ভাৰতীয় ইংৰাজী সাহিত্যক পৃথিৱীত সুপৰিচিত কৰি তুলিছিল।

বঁটা আৰু সন্মান

১৯৬০ চনত ‘গাইড’ উপন্যাস ৰচনা কৰাৰ বাবে আৰ. কে. নাৰায়ণক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছত ১৯৮০ চনত তেওঁ 'ৰয়েল ছ’চাইটি অৱ লিটাৰেচাৰ'ৰ পৰা 'বেনচন মেডেল'২(ইংৰাজী: Benson Medal) লাভ কৰে। তেওঁ বহুবাৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল যদিও বঁটা লাভ কৰা নাছিল। ২০০০ চনত মৃত্যুৰ পূৰ্বে ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণেৰে সন্মানিত কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (14 May 2001). R K Narayan. http://www.telegraph.co.uk. The Telegraph
  2. ↑ R. K. Narayan biography. Penguin Books

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ কে নাৰায়ণ” প্ৰবন্ধৰ সংশোধন ৩৮০০২৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।