বুঢ়ী আইৰ সাধু
৭ প্ৰবন্ধ
-
কথানদী
কথানদী (The River of Fables) ২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত এখন হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ইয়াত সীমা বিশ্বাস, আদিল হুছেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্ত, কপিল বৰা, আশা বৰদলৈ আদিয়ে অভিনয় কৰিছিল। এই চলচ্চিত্ৰখনৰ কাহিনীৰ ভিত্তি অসমৰ কিছুমান লোকসাধু।
-
তেজীমলা (চলচ্চিত্ৰ)
তেজীমলা (Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল।
-
তুলা আৰু তেজা (চলচ্চিত্ৰ)
তুলা আৰু তেজা হৈছে ২০১২ চনৰ ১৩ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নিৰি প্ৰডাকচনৰ বেনাৰত জয়ন্ত খাউণ্ডে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে জোনমণি দেৱী খাউণ্ডে। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ "তুলা আৰু তেজা" নামৰ সাধুৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হয়।
-
চম্পাৱতী
চম্পাৱতী ( Champavati) অসমীয়া সমাজ জীৱনৰ এটি চিনাকি নাম৷ সাধুকথা, নাটক, কবিতা, মালিতা, কথাছবি সকলোতে চম্পাৱতী নামৰ এক চৰিত্ৰই স্থান লাভ কৰি আহিছে৷ চম্পাৱতী লোককথাৰ নায়িকা৷ চম্পাৱতীৰ প্ৰকৃত অৱস্থিতি কোনেও নাজানে৷ অসমীয়া লোককথাৰ নাৰী “চম্পাৱতী’’ক পোনতে লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি ছপাৰূপত…
-
চম্পাৱতী (সাধু)
চম্পাৱতী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সংকলিত কৰা লোকসাধুৰ সংকলন বুঢ়ী আইৰ সাধুত এই সাধুটো সন্নিৱিষ্ট কৰা হৈছে। এই সাধুটোত চম্পাৱতী নামৰ এগৰাকী ছোৱালীৰ বিবাহ এটা অজগৰৰ সৈতে সম্পন্ন হয়।
-
তেজীমলা
তেজীমলা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বুঢ়ী আইৰ সাধু মূল পুথিখনৰ অষ্টমটো সাধু তেজীমলাৰ মূল চৰিত্ৰটো হৈছে এজনী বাৰ-তেৰ বছৰীয়া কিশোৰীৰ চৰিত্ৰ। সাধুকথা অনুসৰি তেজীমলা এজন সাউদৰ কন্যা। লক্ষ্মীনাথ বেজবৰুৱাই বৰ্ণনা কৰা অনুসৰি এজন সাউদৰ দুজনী ঘৈণীয়েক আছিল।
-
ঔ-কুঁৱৰী
ঔ-কুঁৱৰী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি বুঢ়ী আইৰ সাধু নামৰ অসমীয়া লোককথাৰ সংকলনত সন্নিৱিষ্ট কৰে। সাধুটোৰ নায়িকা ঔ-টেঙাৰ ভিতৰত সোমাই থকা এক ৰজাৰ কুঁৱৰী।