কপিল বৰা (Kopil Bora) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা আৰু আকাশবাণীৰ ভাষ্য শিল্পী। তেওঁ অভিনয় জীৱনৰ আৰম্ভ কৰে বিদ্যুৎ চক্ৰৱৰ্তীৰ অসমীয়া চলচ্চিত্ৰ 'গুণ গুণ গানে গানে' ৰ (২০০২) জৰিয়তে।
শিক্ষা
তেওঁ গুৱাহাটীৰ ডন বস্ক' বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ গুৱাহাটীৰ হেঙেৰাবাৰীত ভাতৃ আৰু পিতৃ-মাতৃৰ সৈতে বসবাস কৰে।১
অভিনয় জীৱন
চলচ্চিত্ৰ
কপিল বৰাই বহু সংখ্যক অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ বিদ্যুৎ চক্ৰৱৰ্তীৰ সফল ছবি গুণ গুণ গানে গানে ৰ (২০০২) জৰিয়তে চলচ্চিত্ৰ জগতত খোজ দিয়ে। সেই বছৰেই তেওঁৰ অন্য এখন চলচ্চিত্ৰ বাণী দাস পৰিচালিত মন মুক্তি লাভ কৰে। ইয়াৰোপৰি তেওঁৰ উল্লেখযোগ্য অন্যান্য চলচ্চিত্ৰ সমূহ হৈছে বিধাতা (২০০৩), অস্তৰাগ (২০০৫), অহিৰ ভৈৰৱ (২০০৭), কাদম্বৰী (২০০৮), জীৱন বাটৰ লগৰী (২০০৯), জেতুকা পাতৰ দৰে (২০১১), দুৱাৰ (২০১৩), ৰাগ - দ্য ৰিদম অৱ লাভ (২০১৪), অজেয় (২০১৪) ইত্যাদি। দুৱাৰ ত কৰা সুন্দৰ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
চলচ্চিত্ৰপঞ্জী
| ছবি | মুক্তিৰ চন | পৰিচালক |
|---|---|---|
| গুণ গুণ গানে গানে | ২০০২ | বিদ্যুৎ চক্ৰৱৰ্তী |
| মন | ২০০২ | বাণী দাস |
| বিধাতা | ২০০৩ | মুনিন বৰুৱা |
| বুকুৱে বিচাৰে | ২০০৪ | দিপাংকৰ কাশ্যপ |
| অস্তৰাগ | ২০০৫ | শিৱপ্ৰসাদ ঠাকুৰ |
| অহিৰ ভৈৰৱ | ২০০৭ | শিৱ প্ৰসাদ ঠাকুৰ |
| কাদম্বৰী | ২০০৮ | বাণী দাস |
| জীৱন বাটৰ লগৰী | ২০০৯ | তিমথী দাস হাঞ্চে |
| জেতুকা পাতৰ দৰে | ২০১১ | যদুমণি দত্ত |
| দুৱাৰ | ২০১৩ | বিদ্যুৎ চক্ৰৱৰ্তী |
| অজেয় | ২০১৪ | জাহ্নু বৰুৱা |
| ৰাগ - দ্য ৰিদম অৱ লাভ | ২০১৪ | ৰজনী বসুমতাৰী |
| মৰীচিকা | ২০১৫ | নিপন ধলুৱা |
| কথানদী | ২০১৬ | ভাস্কৰ হাজৰিকা |
মঞ্চ নাটক আৰু টেলিভিজন
তেওঁ মঞ্চ নাটকৰ লগতো জড়িত। তেওঁৰ এখন উল্লেখযোগ্য নাট হৈছে জেৰিফা ৱাহিদৰ সৈতে অভিনীত 'নৰকৰ গোপন কক্ষত'। এই নাটখন ৰবীন্দ্ৰ ভৱনত প্ৰদৰ্শিত হৈছিল। সৰু পৰ্দাতো কপিল বৰাই দুই এখন ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত গুৱাহাটী দূৰদৰ্শনত প্ৰদৰ্শিত সঞ্জীৱ হাজৰিকাৰ দ্বাৰাৰ পৰিচালিত হিন্দী ধাৰাবাহিক 'মানুষী' আৰু নিউজ লাইভত প্ৰদৰ্শিত অসমীয়া ধাৰাবাহিক 'নিয়ৰৰ ফুল' উল্লেখযোগ্য।
ভ্ৰাম্যমাণ থিয়েটাৰ
তেওঁ ভ্ৰাম্যমাণৰ মঞ্চলৈ আহে আশীৰ্বাদ থিয়েটাৰৰ যোগেদি। তাৰ পিছত তেওঁ ৰাজমহল থিয়েটাৰটো অভিনয় কৰে।
তথ্যসূত্ৰ
- ↑ "Kapil Bora". Rupaliparda.com. Retrieved June 8, 2013
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কপিল বৰা” প্ৰবন্ধৰ সংশোধন ৫৪৬৮৯৭ (২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।