আশা বৰদলৈ ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ কেইবাখনো অসমীয়া চিনেমা আৰু মঞ্চ নাটকত অভিনয় কৰিছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি কথানদীত মালতীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ ওচৰত বেছি পৰিচিত হৈ পৰে।১২৩
প্ৰাথমিক জীৱন আৰু শিক্ষা
আশা বৰদলৈয়ে অসমৰ নগাঁও জিলাৰ বঢ়মপুৰত জন্মগ্ৰহণ কৰিছিল।
ৰাজনৈতিক কেৰিয়াৰ
বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু বৰ্তমান ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাংস্কৃতিক সমিতিৰ প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৪৫৬
কথাছবি
| Year | ছবি | পৰিচালক |
|---|---|---|
| ২০০৪ | মনত বিৰিণাৰ জুই | অশোক কুমাৰ বিষয়া |
| ২০০৯ | জীৱন বাটৰ লগৰী | টিমথী দাস হান্সে |
| ২০১৩ | দ্বাৰ | বিদ্যুৎ চক্ৰৱৰ্তী |
| ২০১৫ | কথানদী | ভাস্কৰ হাজৰিকা |
তথ্যসূত্ৰ
- ↑ Assamese film 'Kothanodi' is a set of grim tales involving infanticide, witchcraft and possession. Scroll
- ↑ And the river flows to tell the tales: Kothanodi. The Hindu
- ↑ Asha Bordoloi-website launched. The Telegraph
- ↑ Assam actor Asha Bordoloi who took part in anti-CAA agitation joins BJP party. The Sentinel
- ↑ Actress Asha Bordoloi, Singer Vidyasagar Join BJP. Pratidin Time
- ↑ Assam artistes Vidya Sagar, Asha Bordoloi join BJP. News Live
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশা বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৪৪৭৯৪০ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।