২০১৬ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
কথানদী
কথানদী (The River of Fables) ২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত এখন হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ইয়াত সীমা বিশ্বাস, আদিল হুছেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্ত, কপিল বৰা, আশা বৰদলৈ আদিয়ে অভিনয় কৰিছিল। এই চলচ্চিত্ৰখনৰ কাহিনীৰ ভিত্তি অসমৰ কিছুমান লোকসাধু।
-
গানে কি আনে
গানে কি আনে হৈছে ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাগা ফিল্ম্ছৰ বেনাৰত গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপালে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ যশপালৰ। চিত্ৰনাট্য সহযোগী ইবছন লাল বৰুৱা।
-
দূৰদৰ্শন এটি যন্ত্ৰ
দূৰদৰ্শন এটি যন্ত্ৰ হল ২০১৬ বৰ্ষৰ ২ ছেপ্টেম্বৰত মুক্তি পোৱা এখন হাস্যৰসাত্মক অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই, কাহিনী হিমাংশু প্ৰসাদ দাসৰ। যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ আৰু মুনমী ফুকনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
পাগলী (চলচ্চিত্ৰ)
পাগলী এখন একশ্বন, ৰোমাঞ্চ আৰু ট্ৰেজেডিধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰা, তেখেতে ছবিৰ কাহিনীকাৰ আৰু চিত্ৰনাট্যৰ ৰচক। প্ৰযোজনা কৰিছে প্ৰেমা দত্ত, বিশ্বেশ্বৰ দত্ত আৰু নিপ কোঁৱৰে। সহ প্ৰযোজক বীৰেন্দ্ৰ কুমাৰ দাস আৰু উদয় গগৈ। আৱহ সংগীত অনুৰাগ শইকীয়াৰ, গীতাংশৰ সংগীত অৰূপ দত্তৰ।
-
হৰি ওঁম
হৰি ওঁম হৈছে ২০১৬ বৰ্ষত মুক্তি প্ৰাপ্ত এখন ৰোমাণ্টিক একশ্বনধৰ্মী অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে অৰূপ জ্যোতি ৰাভাই। মূখ্য অভিনয়ত আছে ভাষ্কৰ ৰঞ্জন,প্ৰিন্স,তৃষ্ণা কুৰ্মী আৰু দেৱাশ্ৰী গগৈ। চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিবেশন ব্ৰহ্মপুত্ৰ বয়জ এণ্টাৰটেইনমেণ্টৰ।