অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আয়ুষ্মান খুৰানা

আয়ুষ্মান খুৰানা (Ayushmann Khurrana; জন্ম: নিশান্ত খুৰানা; ১৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা আৰু কণ্ঠশিল্পী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁৰ চলচ্চিত্ৰসমূহত, সততে তেওঁক সাধাৰণ ব্যক্তিৰ চৰিত্ৰত বিভিন্ন সামাজিক অনুষঙ্গৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা দেখা যায়।

হালনাগাদ: ২ আগষ্ট ২০২৬ ৫৮২ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

আয়ুষ্মান খুৰানা (Ayushmann Khurrana; জন্ম: নিশান্ত খুৰানা; ১৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা আৰু কণ্ঠশিল্পী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁৰ চলচ্চিত্ৰসমূহত, সততে তেওঁক সাধাৰণ ব্যক্তিৰ চৰিত্ৰত বিভিন্ন সামাজিক অনুষঙ্গৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা দেখা যায়।১২ তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে। ২০১৩ চনৰ পৰা ২০১৯লৈকে তেওঁ ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ শীৰ্ষক তালিকাত তেওঁ স্থান লাভ কৰিছিল আৰু ২০২০ চনত, টাইম পত্ৰিকাই তেওঁক বিশ্বৰ ১০০গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছিল।৩

২০০৪ চনত, খুৰানাই ৰিয়েলিটি টেলিভিছন শ্ব’ এমটিভি ৰ’ডিজৰ দ্বিতীয় ছিজনত জয়ী হৈছিল আৰু টেলিভিছন এংকৰিঙেৰে অভিনয় জগতত পদাৰ্পণ কৰে। তেওঁ সুজিত সৰকাৰৰ দ্বাৰা পৰিচালিত, ৰোমাণ্টিক কমেডীধৰ্মী ছবি ভিকি ড'নাৰ (২০১২)ত অভিনয়েৰে চলচ্চিত্ৰত অভিষেক ঘটায়, ʼ'ত তেওঁ এগৰাকী শুক্ৰাণু দাতাৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।৪৫ কিছু সময়ৰ বিপৰ্যয়ৰ পিছত তেওঁ ব্যৱসায়িক আৰু সমালোচনামূলকভাৱে সফল ছবি দম লগা কে হাইছা (২০১৫)ত অভিনয় কৰে। পৰৱৰ্তীকালত খুৰানাই আৰ্থিকভাৱে সফল হাস্যৰসাত্মক ছবি বৰেলী কী বৰ্ফী (২০১৭), শুভ মংগল সাৱধান (২০১৭), বাধাই হো (২০১৮), ড্ৰিম গাৰ্ল (২০১৯), বালা (২০১৯) আৰু শুভ মংগল জ্যাদা সাৱধান (২০২০) আদিত অভিনয়েৰে নিজকে প্ৰতিষ্ঠিত কৰে।৬৭ থ্ৰিলাৰধৰ্মী ছবি অন্ধাধুন (২০১৮)ত এজন অন্ধ পিয়ানোবাদকৰ চৰিত্ৰত আৰু অপৰাধমূলক নাট্যধৰ্মী ছবি আৰ্টিকেল ১৫ (২০১৯)ত এজন সৎ পুলিচৰ চৰিত্ৰত তেওঁৰ অভিনয়ে তেওঁক একেৰাহে দুটাকৈ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। লগতে অন্ধাধুন নামৰ ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে। কেইবাটাও বাণিজ্যিকভাৱে বিফল ছবিত অভিনয় কৰাৰ পিছত তেওঁ আধ্যাত্মিক ছিকুৱেল ছবি ড্ৰিম গাৰ্ল ২ (২০২৩)ত অভিনয় কৰে।

অভিনয়ৰ উপৰিও খুৰানাই তেওঁৰ কেইবাখনো চলচ্চিত্ৰৰ গীতত কণ্ঠদানো কৰিছে যেনে "পানী দা ৰং" শীৰ্ষক গীতটি। গীতটিত তেওঁ কণ্ঠদান কৰাৰ লগতে সহযোগীভাৱে ৰচনাও কৰিছিল। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়কৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ ভাৰতৰ বাবে ইউনিচেফৰ ৰাষ্ট্ৰীয় সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।৮৯

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮৪ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে, চণ্ডীগড়ত পুনম আৰু পি. খুৰানাৰ ঘৰত, এটি পঞ্জাবী খাত্ৰী পৰিয়ালত১০ নিশান্ত খুৰানা ওৰফে আয়ুষ্মান খুৰানাই জন্মগ্ৰহণ কৰিছিল।১১১২ ৩ বছৰ বয়সত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম সলনি কৰি আয়ুষ্মান ৰাখে। অভিনেতা অপাৰশক্তি খুৰানা তেওঁৰ এগৰাকী কনিষ্ঠ ভাতৃ।

তেওঁৰ পিতৃ পি. খুৰানা, এগৰাকী জ্যোতিষী১৩ আৰু জ্যোতিষ বিষয়ৰ লেখক, ২০২৩ চনত তেওঁৰ মৃত্যু হয়।১৪ আনহাতে তেওঁৰ মাতৃ পুনম এগৰাকী গৃহিণী; অৰ্ধ বাৰ্মিজ বংশৰ,১৫ আৰু তেওঁ হিন্দীত এম. এ. ডিগ্ৰী লাভ কৰিছে।[ উদ্ধৃতিৰ প্ৰয়োজন ]

আয়ুষ্মান খুৰানা গুৰু নানক খালছা মহাবিদ্যালয়ৰ অংশ আছিল। তেওঁ চণ্ডীগড়ৰ ছেইণ্ট জন'ছ হাইস্কুল আৰু চণ্ডীগড়ৰ ডিএভি কলেজত অধ্যয়ন কৰিছিল।১৬ তেওঁ ইংৰাজী সাহিত্যত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু পাঞ্জাব বিশ্ববিদ্যালয়ৰ স্কুল অৱ কমিউনিকেচন ষ্টাডিজৰ পৰা গণ যোগাযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।১৭ তেওঁ পাঁচ বছৰ থিয়েটাৰতো অভিনয় কৰিছিল।

কলেজীয়া দিনবোৰত তেওঁ ছিমলাৰ গেইটি থিয়েটাৰত কেইবাখনো নাটকত অভিনয় কৰিছিল। চণ্ডীগড়ৰ সক্ৰিয় নাট্যদল ডিএভি কলেজৰ "আঘাজ" আৰু "মঞ্চতন্ত্ৰ"ৰ প্ৰতিষ্ঠাপক সদস্যও আছিল।১৭ তেওঁ বাটৰ নাটৰ কল্পনা আৰু অভিনয় কৰিছিল। ৰাষ্ট্ৰীয় কলেজ উৎসৱ যেনে মুড ইণ্ডিগʼ (আইআইটি বম্বে), অএএছআইএছ (বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড চাইন্স, পিলানি) আৰু ছেইণ্ট বেডেছ ছিমলা আদিত পুৰস্কাৰো লাভ কৰিছিল।১৭ ধৰ্মবীৰ ভাৰতীৰ দ্বাৰা পৰিচালিত, অন্ধ যুগ নামৰ ছবিখনত অশ্বত্থামাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল।১৮

খুৰানা বৰ্তমান কৰ্মসূত্ৰে মুম্বাইত থাকে আৰু তেওঁৰ পৰিয়াল এতিয়াও চণ্ডীগড়তে থাকে। তেওঁৰ ভাতৃ অপাৰশক্তি খুৰানা দিল্লীৰ ৰেডিঅʼ মিৰ্চি ৯৮.৩ এফএমত ৰেডিঅ‍ʼ জকী আৰু ২০১৬ চনত আমিৰ খান অভিনীত ছবি দংগলত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।১৯২০ ঘৰৰ সাহিত্যিক পৰিৱেশে খুৰানাকো যথেষ্ট প্ৰভাৱিত কৰিছিল আৰু তেওঁ লিখা-মেলাৰ কামটো নিজৰ চখ হিচাপে লৈছিল। তেওঁ হিন্দী ভাষাত ব্লগ আদি লিখা-মেলা কৰে আৰু এই কাৰ্যৰ বাবে তেওঁৰ প্ৰশংসকসকলৰ পৰা তেওঁ অতিশয় সমাদৰ লাভ কৰিছে।২১

ব্যক্তিগত জীৱন

২০০৮ চনত, খুৰানাই তেওঁৰ শৈশৱৰ বান্ধৱী, চলচ্চিত্ৰ নিৰ্মাতা তথা সাংবাদিকতাৰ শিক্ষয়িত্ৰী তাহিৰা কাশ্যপৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তান আছে।২২

২০১৮ চনত, কাশ্যপৰ স্তন কেন্সাৰ ধৰা পৰিছিল যদিও ২০২০ চনত, তেওঁক কেন্সাৰমুক্ত ঘোষণা কৰা হৈছিল। খুৰানাই নিচিৰেন বৌদ্ধ ধৰ্মৰ প্ৰতি থকা বিশ্বাসৰ কৃতিত্ব দিয়ে কাৰণ ই তেওঁক কঠিন সময়ৰ মাজেৰে পাৰ হʼবলৈ সহায় কৰিছিল।২৩২৪২৫২৬২৭

সংগীতপঞ্জী

বৰ্ষগীতএলবামসুৰকাৰটোকা(সমূহ)তথ্য(সমূহ)
২০১২"পানী দা ৰং"ভিকি ডনাৰনিজে, ৰোচক কোহলী২৮
"পানী দা ৰং (মহিলা)"সুকন্যা পুৰকায়স্থৰ দ্বাৰা গোৱা
২০১৩"চাড্ডি গলি"নৌটঙ্কি ছালা! নীতি মোহনৰ সৈতে যুটীয়া গীত
"চাড্ডি গলি (আনপ্লাগড)"
"তু হী তু"মিকি মেকক্লিয়াৰি২৯
"অʼ হিৰিয়ে"এককৰোচক কোহলীঅভিনয়ত ৰিয়া চক্ৰৱৰ্তী৩০
২০১৪"খামাখান"বেৱাকুফীয়াঁৰঘু দীক্ষিতনীতি মোহনৰ সৈতে যুটীয়া গীত৩১
"মিট্টি দি খুচবু"এককৰোচক কোহলীঅভিনয়ত হুমা কুৰেছি৩২
২০১৫"দিল-এ-নাদান"হাৱাইজাদানিজেমিৰ্জা গালিবৰ সংস্কৰণৰ উপস্থাপনা৩৩
"দিল-ই-নাদান (ৰিপ্ৰাইজ)" (শ্বেতা সুব্ৰমৰ সৈতে)
"তুৰ্ৰাম খান"ৰোচক কোহলীপাপন আৰু মোনালী ঠাকুৰৰ সৈতে
"মোহ মোহ কে ধাগে (ৰিপ্ৰাইজ)"দম লগা কে হাইছাঅনু মালিক৩৪
"ইয়াহিঁ হুঁ মেইঁ"এককৰোচক কোহলীঅভিনয়ত য়ামী গৌতম২৮
২০১৬"ইক ভাৰী"অপাৰশক্তি খুৰানাঅভিনয়ত আয়েশা শৰ্মা৩৫
২০১৭"হাৰেয়া (ৰক সংস্কৰণ)"মেৰী প্যাৰী বিন্দুশচীন-জিগৰ৩৬
"অʼৰে মন"এককউপল সেনগুপ্তঅভিনয়ত ঋতাভৰী চক্ৰৱৰ্তী৩৭
"নজ্ম নজ্ম"বৰেলী কী বৰ্ফীঅৰ্কʼ৩৭
"কানহা (আনপ্লাগড)"শুভ মংগল সাৱধানতনিষ্ক-বায়ু৩৮
২০১৮"বচপন"টফিঅভিনৱ ভণশাল৩৯
"আপ চে মিলকাৰ (ৰিপ্ৰাইজ)"অন্ধাধুন অমিত ত্ৰিবেদী৪০
"নয়না দা কেয়া কাচুৰ"২৮
"চন কিত্তা"এককৰোচক কোহলীঅভিনয়ত প্ৰণিতা সুভাষ২৮
"নয়ন না জোড়ীঁ"বাধাই হো৪১
২০১৯"ইন্তেজাৰ (ৰিপ্ৰাইজ)"আৰ্টিকেল ১৫অনুৰাগ শইকীয়া৪২
"ইক মুলাকাত (ৰিপ্ৰাইজ)"ড্ৰিম গাৰ্লমিট ব্ৰʼছ৪৩
"এতিয়া তেৰি বাৰী (নাজিৰ সৈতে)"এককক্লিণ্টন চেৰেজো৩৭
২০২০"মেৰে লিয়ে তুম কাফি হো"শুভ মংগল জ্যাদা সাৱধানতনিষ্ক-বায়ু২৮
"আৰে প্যাৰ কাৰ লে"তনিষ্ক বাগচী৪৪
২০২১"কিন্নি চনী হে"কুৱেৰাণ্টিন ক্ৰাছসমীৰ কৌশলধাৰাবাহিকৰ একাংশ, ফিলছ লাইক ইশক৪৫
"মাফী"চণ্ডীগড় কৰে আশিকীশচীন-জিগৰ৪৬
২০২২"অʼ চুইটি চুইটি"ডক্টৰ জিঅমিত ত্ৰিবেদী৪৭
২০২৩"ৰাতাঁ কালিয়াঁ"এককৰোচক কোহলী৪৮
২০২৪"জচদী"এককগʼল্ডবয়৪৯

গ্ৰন্থপঞ্জি

তথ্যসূত্ৰ

  1. ↑ Sen, Raja. (6 July 2018). Ayushmann Khurrana, actor of the year. Mint
  2. ↑ Bamzai, Kaveree. (5 July 2019). Ayushmann Khurrana: Mr Everyman. Open
  3. ↑ Ayushmann Khurrana: The 100 Most Influential People of 2020. Time
  4. ↑ (19 August 2017). Ayushmann Khurrana reveals the most amusing comment he received for 'Shubh Mangal Savdhan'
  5. ↑ (25 April 2012). Vicky Donor is a HIT. Indicine.com
  6. ↑ (21 October 2018). After Back-To-Back Hits, Ayushmann Khurrana Knows He's Become A Star But He Doesn't Want To Believe It. Indiatimes
  7. ↑ Ayushmann Khurrana and Vaani Kapoor's Chandigarh Kare Aashiqui now streaming on Netflix. www.msn.com
  8. ↑ (15 May 2019). National ambassadors. UNICEF
  9. ↑ Ayushmann Khurrana. UNICEF India
  10. ↑ (13 June 2020). Ayushman Khurrana and Parineeti Chopra said that they are Khatri
  11. ↑ Ayushmann turns 31; Bollywood wishes him. BollywoodMantra
  12. ↑ (28 April 2013). I've evolved as an actor: Ayushmann Khurrana. IANS. The Express Tribune
  13. ↑ (19 May 2023). Ayushmann Khurrana's father, famous astrologer P Khurrana passes away. indiatoday
  14. ↑ (19 May 2023). Renowned astrologer Pandit P Khurana passes away in Mohali; sons Ayushmann & Aparshakti thank fans for 'prayers and support'. economictimes
  15. ↑ (22 March 2017). Ayushmann Khurrana has Burmese genes. Bollywood Hungama
  16. ↑ Ayushmann's Portfolio Pics. The Times of India
  17. ↑ (21 September 2015). Lesser known facts about Ayushmann Khurrana. The Times of India
  18. ↑ Ayushmann's Portfolio Pics. Maharashtra Times
  19. ↑ Ayushmann Khurrana's brother to make debut in Dangal. বলিউড হাংগামা
  20. ↑ (20 March 2014). http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/My-brother-is-more-like-Vicky-Ayushmann-Khurrana/articleshow/14384641.cms
  21. ↑ (3 June 2019). Hindi Hain Hum?
  22. ↑ (24 August 2020). A Better Version of Myself. www.sokaglobal.org
  23. ↑ (14 December 2021). Kaun Banega Crorepati 13: Ayushmann Khurrana shares he follows Nichiren Buddhism and truly believes in the philosophy of 'Nam-myoho-renge-kyo'
  24. ↑ 'Be Your Best Possible Self'. www.readersdigest.in
  25. ↑ (20 March 2014). Ayushmann Khurrana: I had Rs 10,000 in my account when I got married. NDTV
  26. ↑ (15 August 2018). Why Ayushmann Khurrana's Wife Tahira Kashyap Is Trending. NDTV.com
  27. ↑ Ayushmann Khurrana on wife Tahira Kashyap's cancer: We got to know about it on my birthday. India Today
  28. ↑ 7 times Ayushmann Khurrana won our hearts with his melodious voice. Filmfare
  29. ↑ (19 July 2013). Ayushmann Khurrana to release his single. Hindustan Times
  30. ↑ (23 September 2013). https://timesofindia.indiatimes.com/entertainment/hindi/music/news/Ayushmann-Khurrana/articleshow/22936517.cms. The Times of India
  31. ↑ https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/reasons-we-love-ayushmann-khurrana/a-film-on-lgbt-subject-next-on-ayushmann-khurranas-mind/photostory/67331893.cms. The Times of India
  32. ↑ (9 October 2014). Mitti Di Khusboo new song by Ayushmann Khurrana. India Today
  33. ↑ 2018. Ayushmann Khurrana teams up with Suresh Triveni for his fifth single. Ahmedabad Mirror
  34. ↑ (28 March 2016). Ayushmann Khurrana's Ecstatic Rendition of 'Moh Moh Ke Dhaage' Will Make Your Day. HuffPost India
  35. ↑ (17 January 2017). https://timesofindia.indiatimes.com/entertainment/hindi/music/news/Ayushmann-Khurranas-Ik-vaari-is-the-ultimate-romantic-number-you-had-been-waiting-for/articleshow/54466707.cms. The Times of India
  36. ↑ (26 May 2017). Haareya (Ayushmann Khurrana Rock Version) - Single by Ayushmann Khurrana & Sachin-Jigar
  37. ↑ (1 March 2020). Ayushmann Khurrana's 'Happiness Concert' marks his homecoming in Chandigarh. Hindustan Times
  38. ↑ Gomes, Michael. Ali Zafar and Ayushmann Khurrana unplugged on Dubai stage. Khaleej Times
  39. ↑ (12 January 2018). Bachpan - Single by Ayushmann Khurrana
  40. ↑ Pandya, Sonal. (19 September 2018). Andhadhun song: Ayushmann Khurrana, Radhika Apte enjoy each other's company in 'Aap Se Milkar' (Reprise). Cinestaan
  41. ↑ Badhaai Ho New Song Nain Na Jodeen Is The Perfect Song To 'Soothe' Your Achy Breaky Heart. NDTV
  42. ↑ (2 July 2019). https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/ayushmann-khurrana-drops-an-unplugged-version-of-intezari-from-article-15-in-his-soulful-voice/articleshow/70042056.cms. The Times of India
  43. ↑ From Lehenga to O Saki Saki: 10 songs that set TikTok on fire this Diwali. Free Press Journal
  44. ↑ Pyaar, it is getting. The Tribune India
  45. ↑ Chowdhury, Rishita Roy. Ayushmann Khurrana loved making Kinni Soni song for wife Tahira's Quaranteen Crush. India Today
  46. ↑ (3 December 2021). Happiest when I express through music: Ayushmann Khurrana on his Chandigarh Kare Aashiqui song 'Maafi'. PINKVILLA
  47. ↑ (5 October 2022). Doctor G song O Sweetie Sweetie: Ayushmann Khurrana's soulful track captures his love story with Rakul Preet Singh. The Indian Express
  48. ↑ (4 July 2023). Ayushmann Khurrana releases new single Raatan Kaaliyan: 'Little piece of my heart is yours'. The Indian Express
  49. ↑ Ayushmann Khurrana And Pashmina Roshan's Song Jachdi Is A Festive Treat To Fans. www.ndtv.com

সম্পৰ্কিত শ্ৰেণী

জী চিনে বঁটা বিজয়ীআন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীভাৰতীয় টেলিভিছন অভিনেতাভাৰতীয় নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়ুষ্মান খুৰানা” প্ৰবন্ধৰ সংশোধন ৬২২৬৯৩ (২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।