অমিত ত্ৰিবেদী (અમિત ત્રિવેદી) এজন ভাৰতীয় চলচ্চিত্ৰ সংগীত পৰিচালক, সুৰকাৰ, গায়ক আৰু গীতিকাৰ। নাটক আৰু জিংগোল সুৰকাৰ হিচাপে কাম কৰাৰ পাছত বিভিন্ন এলবামত সংগীত পৰিচালনা কৰে। 'আমিৰ' চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে ২০০৮ চনত তেওঁ আত্মপ্ৰকাশ কৰিছিল।১ বহুল ভাৱে সমাদৃত 'দেৱ দি' (২০০৯)ত,২৩ সংগীত দিয়াৰ পাছত তেওঁ চৰ্চালৈ আহে। এইখন চলচ্চিত্ৰয়েই তেওঁলৈ কঢ়িয়াই আনে ২০১০ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সংগীতৰ সন্মান।
পেছা
ডেকা বয়সতেই বাদ্য-যন্ত্ৰৰ প্ৰেমত পৰা ত্ৰিবেদী সৰুৰে পৰাই শাস্ত্ৰীয় সংগীতৰ অনুৰাগী আছিল। ১৯-২০ বছৰতেই তেওঁ সংগীতত সুৰ দিয়াৰ কাম আৰম্ভ কৰিছিল। ১৯-২০ মান বছৰতেই তেওঁ 'ওঁম' নামেৰে স্থানীয়ভাৱে এটা সংগীতৰ দল গঠন কৰিছিল। 'Times Music'এ কোনো এটা অনুষ্ঠানত তেওঁলোকৰ প্ৰদৰ্শন লক্ষ্য কৰাৰ পাছতেই তেওঁলোকলৈ সোণালী সুযোগ আহে আৰু তেওঁলোকৰ সৈতে এটা এলবামৰ কাম আৰম্ভ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। অৱশ্যে বেয়া প্ৰচাৰৰ বাবে এলবামটোৱে সুনাম অৰ্জাত ব্যৰ্থ হয়। ইয়াৰ পাছতেই ত্ৰিবেদীয়ে নাটকৰ (হিন্দী, ইংৰাজী আৰু গুজৰাটী নাটক) সুৰ তৈয়াৰ, দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানৰ, আৱহ সংগীত, জীৱন্ত প্ৰদৰ্শনী, দাণ্ডীয়া প্ৰদৰ্শনী আদি কৰাৰ কামত ব্যস্ত হয়। 'McDonalds' আৰু 'Airtel' কে ধৰি তেওঁ বিভিন্ন ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে সংগীত তৈয়াৰ কৰিছিল। Sound engineer আৰু Audio Garage Recording Studioৰ মালিক অৰবিন্দ বিশ্বকৰ্মাই ত্ৰিবেদীক 'Sony BMG' ৰ সৈতে পৰিচয় কৰাই দিয়াৰ পাছত তেওঁ অকথাছবীয় এলবামত সংগীত দিয়াৰ কাম আৰম্ভ কৰে। তেওঁৰ দুবছৰীয়া চুক্তি হিচাপে অভিজিৎ শাৱন্তৰ 'Junoon - Abhijeet Sawant|জুনুন' আৰু 'প্ৰশান্ত তামাং'এ আত্মপ্ৰকাশ কৰা এলবামটোৰ এটা গানত সুৰ দিয়ে। ২০০৪ চনত মাৰাঠী চলচ্চিত্ৰ উত্তৰায়ণৰ বাবে অমৰ্ত্য ৰাহুতকে ধৰি বিভিন্নজনৰ বাবে সংগীত ব্যৱস্থাপনাৰ কাম কৰি দিয়ে।
তেওঁৰ বান্ধবী তথা নেপথ্য গায়িকা শিল্পা ৰাৱে চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপৰ সৈতে পৰিচয় কৰাই দিয়াৰ পাছতেই ত্ৰিবেদীলৈ চলচ্চিত্ৰৰ সংগীতৰ কাম আহিবলৈ ধৰে। সেইসময়ত অনুৰাগ কাশ্যপে তেওঁৰ নতুন চলচ্চিত্ৰখনৰ বাবে এজন নতুন সংগীতজ্ঞ বিচাৰি আছিল। ত্ৰিবেদীক লগ পোৱাৰ পাছত কাশ্যপে তেওঁক 'দেৱ দি' ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্ব দিয়ে। যদিও দেৱ দি ত্ৰিবেদীয়ে আত্মপ্ৰকাশ কৰিবলগীয়া প্ৰথমখন চলচ্চিত্ৰ আছিল, কিন্তু বিভিন্ন অসুবিধাত পৰি কিছু পলমকৈহে ছবিখন মুক্তি দিয়া হয়। দেৱ দি চলচ্চিত্ৰখনৰ সংগীতে সমালোচকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে।
কাশ্যপৰ কথামতেই পৰিচালক ৰাজ কুমাৰ গুপ্তাই তেওঁ পৰিচালনা কৰা চলচ্চিত্ৰ 'আমিৰ'ৰ সংগীত পৰিচালনাৰ দায়িত্ব ত্ৰিবেদীক অৰ্পণ কৰে। ত্ৰিবেদী আৰু গুপ্তা দুয়োজনে মিলি তৈয়াৰ কৰা সংগীতে সমালোচকৰ যথেষ্ট সমাদৰ লাভ কৰে।
২০০৮ চনৰ শেষৰ ফালে অৱশেষত দেৱ দি চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখনত থকা ১৮টা গীত ডিচেম্বৰ মাহত মুক্তি দিয়া হয়। ত্ৰিবেদীৰ মতে সেই ১৮ টা গীতেই বেলেগ বেলেগ শৈলীৰ আছিল। তাৰে ৫টা গীতত তেওঁ নিজেই কণ্ঠদান কৰিছিল আৰু এটা গীতৰ গীতিকাৰ আছিল (আঁখ মিচলি)। অপৰম্পৰাগত সংগীতেৰে দেৱ দিৰ কেইবাটাও গীত যেনে, "ইমচোনেল অত্যাচাৰ", "চালি খুচি", "অ' পৰদেশী" বহুলভাৱে জনপ্ৰিয় হৈছিল। তেওঁক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা দিয়াৰ উপৰিও 'ফিল্মফেয়াৰ আৰ ডি বৰ্মন বঁটা' আৰু 'ফিল্মফেয়াৰ বঁটা ২০১০' ৰ 'শ্ৰেষ্ঠ আৱহ সংগীতৰ ফিল্মফেয়াৰ বঁটা' বঁটাৰে সন্মানিত কৰা হৈছিল। ২০০৯ চনত ত্ৰিবেদীয়ে 'Wake Up Sid' চলচ্চিত্ৰখনত সংগীত দিয়াৰ উপৰিও "ইকটাৰা" নামৰে এটা গীতো লিখিছিল। ২০০৯চনত ৰেডিফ্লুজন ৱাই এণ্ড আৰৰ সৃষ্টিশীল পৰিচালক অঞ্চু শৰ্মাই ত্ৰিবেদীক বিজয় মল্লয়াৰ আই পি এল দল 'Royal Challengers Bangalore'ৰ দলীয় গীত "Game for More" ৰচনাৰ ভাৰ দিয়ে। চলচ্চিত্ৰত সংগীত দিয়াৰ উপৰিও ত্ৰিবেদীয়ে 'UTV Bindaas'ৰ বাস্তৱধৰ্মী প্ৰদৰ্শনী 'Big Switch'ৰ শীৰ্ষগীতটি ৰচনা কৰে।
সংগীতৰ বৈশিষ্ট্য
অমিত ত্ৰিবেদীৰ সংগীতৰ এটা নিৰ্দিষ্ট দৃষ্টিকোণ তথা মান আছে। তেওঁৰ সংগীতত সদায় গীতৰ কথাই প্ৰাধান্য পায় ( উদাহৰণ: উড়ান)। বিখ্যাত গীতিকাৰ অমিতাভ ভট্টাচাৰ্য্যৰ সৈতে তেওঁ সহযোগ উল্লেখনীয়। "ইশ্বকজাদে"ৰ "পৰেচান", "আইচা"ৰ "চাম" আদি তেওঁৰ বিশেষভাৱে উল্লেখযোগ্য শ্ৰুতিমধুৰ গীত। তেওঁ বিভিন্ন গীতত নিজেই কণ্ঠদান কৰিছে আৰু তেওঁৰ স্পষ্ট গায়নশৈলী যথেষ্ট সমাদৃত।
চলচ্চিত্ৰ পঞ্জী
| বৰ্ষ | চলচ্চিত্ৰৰ নাম | অন্যান্য টোকা |
| ২০০৭ | 'জুনুন – অভিজিত শাৱন্ত' | সংগীত এলবাম, ৪টা গীত |
| ২০০৮ | 'F4 - তু ত’ না আয়ী' | সংগীত এলবাম (ইণ্ডিয়ান আইড’ল F4 বেণ্ডৰ বাবে) |
| ২০০৮ | 'আমিৰ' | |
| ২০০৮ | 'অন্থিপ’নভেট্টম' (মালায়ালম) | এটা গীত (আজা চজনা)৪ |
| ২০০৯ | 'ডেভ ডি' | বিজয়ী, শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী, ফিল্মফেয়াৰ আৰ ডি বৰ্মন নিউ মিউজিক টেলেন্ট বঁটা৫ বিজয়ী, ফিল্মফেয়াৰ শ্ৰেষ্ঠ আৱহ সংগীত বঁটা৫ বিজয়ী, ষ্টাৰ ক্ৰীণ শ্ৰেষ্ঠ আৱহ সংগীত বঁটা৬ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত৭ প্ৰশংসনীয় সংগীত পৰিচালনাৰ বাবে ষ্টাৰডাষ্ট এৱাৰ্ড৮ নিউ মিউজিকেল চেনচেচন (পুৰুষ) ষ্টাৰডাষ্ট এৱাৰ্ডৰ বাবে মনোনীত৮ |
| ২০০৯ | 'ৱেইক আপ চিড' | আৱ্হ সংগীত + ১টা সংগীতৰ পৰিচালনা (ইকতাৰা) বিজয়ী, মিৰচি মিউজিক এৱাৰ্ড৯ বিজয়ী, শ্ৰেষ্ঠ চলচ্চিত্ৰ সংগীতৰ গ্ল’বেল ইণ্ডিয়ান মিউজিক এৱাৰ্ড (গিমা)(ইকতাৰাৰ বাবে)১০ মনোনীত, গ্ল’বেল ইণ্ডিয়ান মিউজিক এৱাৰ্ড (গিমা) - শ্ৰেষ্ঠ আৱহ সংগীত১১ |
| ২০১০ | 'ষ্টাৰডাষ্ট' | ১টা গীত (ব’ম্বে ব’ম্বে) |
| ২০১০ | 'এডমিচনচ অ’পেন' | |
| ২০১০ | 'উড়ান' | বিজয়ী, শ্ৰেষ্ঠ আৱহ সংগীতৰ ফিল্মফেয়াৰ বঁটা১২ বিজয়ী, গিফ্ফ’নী চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চাউণ্ডত্ৰেক বঁটা১৩ বিজয়ী, গ্ল’বেল ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিচনচ অ’নাৰ্চত শ্ৰেষ্ঠ আৱহ সংগীতৰ বঁটা১৪ ষ্টাৰ স্ক্ৰীণ শ্ৰেষ্ঠ আৱহ সংগীত বঁটাৰ বাবে মনোনীত১৫ |
| ২০১০ | 'আইচা' | ফিল্মফেয়াৰ শ্ৰেষ্ঠ আৱহ সংগীত বঁটাৰ বাবে মনোনীত১২ প্ৰশংসনীয় সংগীত পৰিচালনাৰ ষ্টাৰডাষ্ট এৱাৰ্ডৰ বাবে মনোনীত১৬ নিউ মিউজিকেল চেনচেচন (পুৰুষ) ষ্টাৰডাষ্ট এৱাৰ্ডৰ বাবে মনোনীত১৬ |
| ২০১১ | 'ন’ ৱান কিল্ড জেচ্চিকা' | |
| ২০১১ | 'আই এম' | ৩টা গীত |
| ২০১১ | 'চিল্লাৰ পাৰ্টী' | |
| ২০১১ | 'তৃষ্ণা' | মৌলিক গীতসমূহ |
| ২০১২ | 'ইচকজাডে' | শ্ৰেষ্ঠ সংগীত পৰিচালকৰ 'ফিল্মফেয়াৰ এৱাৰ্ড'ৰ বাবে মনোনীত, শ্ৰেষ্ঠ সংগীত পৰিচালকৰ 'স্ক্ৰীন এৱাৰ্ৰ্ড'ৰ বাবে ৰ বাবে মনোনীত, 'পৰেচান' গীতটি 'বিগ ষ্টাৰ' শ্ৰেষ্ঠ মনোৰঞ্জক সংগীতৰ বাবে মনোনীত |
| ২০১২ | 'এক মে অ’ৰ এক তু' | |
| ২০১২ | 'ইংলিচ ভিংলিচ' | শ্ৰেষ্ঠ আৱহ সংগীত 'স্ক্ৰীন এৱাৰ্ৰ্ড'ৰ বাবে ৰ বাবে মনোনীত |
| ২০১২ | 'আইয়া' | |
| ২০১২ | 'ল’ভ চ’ভ তে চিকেন খুৰানা' | |
| ২০১৩ | 'কাই প’ চে!' | |
| ২০১৩ | 'ব’ম্বে টকীজ' | |
| ২০১৩ | 'ঘনচক্কৰ' | ২৮ জুন ২০১৩ত মুক্তি পাব |
| ২০১৩ | 'লুতেৰা' | ৫ জুলাই ২০১৩ত মুক্তি পাব |
| ২০১৩ | 'কুচৰ প্ৰসাদ কা ভূত' | চিত্ৰগ্ৰহণ |
| ২০১৩ | 'চমকিলা' | পঞ্জাবী চলচ্চিত্ৰ চিত্ৰগ্ৰহণ |
| ২০১৩ | 'কণ্ডিচনচ এপ্লাইড' | চিত্ৰগ্ৰহণ |
| ২০১৩ | 'পেহলা চিতাৰা' | চিত্ৰগ্ৰহণ |
| ২০১৪ | 'ব’ম্বে ভেলভেট' | ঘোষিত |
জীৱন্ত প্ৰদৰ্শনী
অমিত ত্ৰিবেদীয়ে তেওঁ জীৱনৰ প্ৰথম আৰু একমাত্ৰ জীৱন্ত সঙ্গীতানুষ্ঠানটি প্ৰদৰ্শন কৰে ২০১০ চনৰ ২৩ ডিচেম্বৰৰ আই আই টি বোম্বাইৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান Mood Indigo (festival)|Mood Indigoত। উক্ত অনুষ্ঠানত "তচি ৰাইনা", "অমিতাভ ভট্টাচাৰ্য্য", "কবিতা শেঠ"', "নিখিল দিচুজা"', "ৰাজা হাচান", "অদিতি সিং শৰ্মা", আৰু "শ্ৰীৰাম আয়াৰে"ও পৰিবেশন কৰে।
বঁটা-বাহন
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত)
- ২০০৯: শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: 'দেৱ দি'১৭
- ফিল্মফেয়াৰ বঁটা
- ২০০৯: নতুন সংগীত প্ৰতিভাৰ ফিল্মফেয়াৰ আৰ ডি বৰ্মন বঁটা: 'দেৱ দি'
- ২০০৯: ৫৫তম শ্ৰেষ্ঠ আৱহ সংগীতৰ ফিল্মফেয়াৰ বঁটা: 'দেৱ দি'
- ২০১০: ৫৬তম শ্ৰেষ্ঠ আৱহ সংগীতৰ ফিল্মফেয়াৰ বঁটা: 'উৰান (২০১০)'১৮
বাহ্যিক সংযোগ
- Q & A With Amit Trivedi - The Composer of Dev.D
- The making of Dev.D- 'Emosional Atyachar'
- Udaan, Background Score
তথ্যসূত্ৰ
- ↑ Why we should applaud Aamir by Raja Sen, Rediff.com, 5 June 2008
- ↑ (2008-12-28). Dev.D - music review by Amanda Sodhi. Planet Bollywood
- ↑ Amit Trivedi’s music in Dev D derives from his musical journey Indian Express, 21 January 2009
- ↑ (29 February 2008). A moral tale that fails to inspire Film Review. The Hindu
- ↑ (28 February 2010). 3 Idiots Dev-D top-winners at ফিল্মফেয়াৰ Awards. Timesofindia
- ↑ (2000-04-16). Star Screen Awards 2010: The official website of the event at STAR Plus. Starplus.startv.in
- ↑ Nomination for 55th-Idea-ফিল্মফেয়াৰ-Awards. Indiatimes.com
- ↑ Stardust awards 2010 Nominations. Magnamags.com
- ↑ Filmicafe Media Inc. Airtel Mirchi Music Awards Winners. Filmicafe.com
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ (জানুৱাৰী ২৯, ২০১১). Udaan, Dabangg top winners at ফিল্মফেয়াৰ Awards. টাইমচ অৱ ইণ্ডিয়া
- ↑ Giffoni: Here are the winners. giffoniff.it
- ↑ (2011-02-12). Winners of 1st Global Indian Film & Television Honors 2011. Bollywoodhungama.com
- ↑ (2011-01-03). Nominations for 17th Annual Star Screen Awards 2011. Bollywoodhungama.com
- ↑ Nominations of Stardust Awards 2011. Bollywood Hungama
- ↑ (17 Sep 2010). And the National Award goes to... The Times of India
- ↑ (29 Jan 2010). Udaan, Dabangg top winners at ফিল্মফেয়াৰ Awards. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিত ত্ৰিবেদী” প্ৰবন্ধৰ সংশোধন ৫১৯৪০৪ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।