ৰাজকুমাৰ ৰাও (Rajkummar Rao) (জন্ম: ৰাজ কুমাৰ যাদৱ; ৩১ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনৰ পৰা বৰ্তমানলৈকে তেওঁ ৩০খনতকৈও অধিক ছবিত অভিনয় কৰিছে। তেওঁ "ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা", চাৰিটা "ফিল্মফেয়াৰ বঁটা" আৰু "এছিয়া পেচিফিক স্ক্ৰীণ বঁটা"কে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে। ২০১৭ চনত তেওঁ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত স্থান পাইছিল।
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত অধ্যয়ন সমাপ্তিৰ পিছত ৰাৱে এন্থলজী ছবি লাভ চেক্স ঔৰ ধোখা (২০১০)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। ২০১২ চনত মুক্তিপ্ৰাপ্ত ছবি গেংছ অৱ ৱাছেপুৰ – পাৰ্ট ২ আৰু তালাছ: দ্য এন্সাৰ লাইজ উইথিন (২০১০) ছবিদুখনত তেওঁ সহযোগী ভূমিকা গ্ৰহণ কৰিছিল। ২০১৩ চনত কাই পো চে! আৰু শ্বাহিদ শীৰ্ষক ছবি দুখনত অভিনয়েৰে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে কেৰিয়াৰৰ ব্ৰেকথ্ৰু লাভ কৰিছিল। শ্বাহিদ ছবিখনত তেওঁ অধিবক্তা শ্বাহিদ আজমীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ "শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা" আৰু "শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফিল্মফেয়াৰ সমালোচক বঁটা" লাভ কৰে।
কুইন (২০১৪), আলিগড় (২০১৫), আৰু বৰেলী কি বৰ্ফী (২০১৭) আদি ছবিসমূহত সহযোগী চৰিত্ৰত অভিনয় কৰি তেওঁ ভূয়সী প্ৰশংসা লাভ কৰে। বৰেলী কি বৰ্ফী ছবিখনৰ বাবে তেওঁ "শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেতাৰ শিতানত ফিল্মফেয়াৰ বঁটা" লাভ কৰে। ট্ৰেপড (২০১৬) আৰু নিউটন (২০১৭) নামৰ স্বতন্ত্ৰ ছবিখনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, ট্ৰেপড ছবিখনৰ বাবে তেওঁ দ্বিতীয়বাৰৰ বাবে "শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফিল্মফেয়াৰ সমালোচক বঁটা" লাভ কৰিছিল আৰু নিউটন ছবিখনৰ বাবে তেওঁ "এগৰাকী অভিনেতাৰ শ্ৰেষ্ঠ অভিনয়ৰ শিতানত এছিয়া পেচিফিক স্ক্ৰীণ বঁটা" লাভ কৰিছিল। ২০১৮ চনত মুক্তিপ্ৰাপ্ত হৰৰ কমেডী ছবি স্ত্ৰী তেওঁৰ কৰ্মজীৱনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি আছিল। ব্যংগাত্মক ছবি দ্য হোৱাইট টাইগাৰ (২০২১)ত অভিনয়েৰে তেওঁ প্ৰথমবাৰৰ বাবে ইংৰাজী ভাষাৰ ছবিত অভিনয়ৰ সুযোগ পাইছিল। লুডো (২০২০), মনিকা, অ’ মাই ডাৰ্লিং (২০২২) আৰু ভীড় (২০২৩) ছবিত অভিনয়েৰে তেওঁ অধিক প্ৰশংসা লাভ কৰে আৰু বাধাই দো (২০২২) ছবিত এগৰাকী ক্ল’জেটেড গে মেনৰ চৰিত্ৰত অভিনয়েৰে তেওঁ পুনৰবাৰ "শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফিল্মফেয়াৰ বঁটা" লাভ কৰে। বহুকেইখন ছবি ধাৰাবাহিকভাৱে বক্স অফিচত বিফল হোৱাৰ পিছত ২০২৪ চনত তেওঁ জীৱনীমূলক ছবি শ্ৰীকান্তত বিশেষভাৱে সক্ষম উদ্যোগপতি শ্ৰীকান্ত ব’ল্লাৰ চৰিত্ৰত অভিনয় কৰি প্ৰশংসা লাভ কৰাৰ লগতে ছবিখনেও ব্যৱসায়িক সফলতা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
ৰ সৈতে ৰাও]]
ৰাজ কুমাৰ যাদৱ নামেৰে ১৯৮৪ চনৰ ৩১ আগষ্টত ভাৰতৰ হাৰিয়ানাৰ গুৰগাঁৱৰ প্ৰেম নগৰত ৰাজকুমাৰ ৰাওৰ জন্ম হৈছিল।১২ তেওঁলোকৰ বহল পৰিয়ালটোত তেওঁৰ দুজন ককায়েক-বায়েক আৰু তিনিজন কাজিন আছিল।৩৪ তেওঁৰ পিতৃ সত্য প্ৰকাশ যাদৱ হাৰিয়ানাৰ ৰাজহ বিভাগৰ চৰকাৰী কৰ্মচাৰী, আৰু মাতৃ কমলেশ যাদৱ এগৰাকী গৃহিণী।৫ ২০১৬ আৰু ২০১৯ চনত ক্ৰমে তেওঁৰ মাতৃ আৰু পিতৃৰ মৃত্যু হয়।৬৭ এছ.এন. সিদ্ধেশ্বৰ ছিনিয়ৰ ছেকেণ্ডাৰী পাব্লিক স্কুলৰ পৰা উচ্চ মাধ্যমিকৰ শিক্ষা সম্পূৰ্ণ কৰি বিদ্যালয়ৰ নাটকত অংশ লৈছিল।৮ তেখেতে দ্য আত্মা ৰাম সনাতন ধৰ্ম মহাবিদ্যালয়, (দিল্লী বিশ্ববিদ্যালয়)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে য'ত তেওঁ একেলগে ক্ষীতিজ থিয়েটাৰ গ্ৰুপ আৰু দিল্লীৰ শ্ৰী ৰাম চেণ্টাৰৰ সৈতে নাট্যকৰ্ম কৰি আছিল।৮৫
মনোজ বাজপেয়ীৰ দ্বাৰা প্ৰশংসিত হোৱাৰ পাছত তেওঁ অভিনেতা হোৱাৰ সিদ্ধান্ত লৈছিল।৫ ২০০৮ চনত তেওঁ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফটিআইআই) পুনেত দুবছৰীয়া অভিনয় পাঠ্যক্ৰমত নামভৰ্তি কৰি চলচ্চিত্ৰজগতত কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ গুচি যায়।৯ ৰাও এগৰাকী নিৰামিষভোজী।১০ ২০১৪ চনত তেওঁ উপাধি যাদৱৰ পৰা ৰাও লৈ সলনি কৰাৰ লগতে নামত অতিৰিক্ত ‘এম’ও যোগ কৰে। তেওঁ কয় যে ইয়াৰ কাৰণ হ'ল- "ৰাও বা যাদৱ, দুয়োটা উপাধিৰ যিকোনো এটাকে ব্যৱহাৰ কৰিব পাৰো কাৰণ দুয়োটা পৰিয়ালৰে উপাধি। প্ৰথম নামত থকা ডাবল 'এম'ৰ কথা যিমানদূৰলৈকে মনত পৰে এয়া মোৰ মাৰ বাবেহে। তাই সংখ্যা বিজ্ঞানত বিশ্বাস কৰে।"১১ তেওঁ আনুষ্ঠানিকভাৱে টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ লাভ কৰিছে।
২০১০ চনৰ পৰাই অভিনেত্ৰী পত্ৰলেখা পালৰ সৈতে সম্পৰ্কত আছিল ৰাও।১২১৩ ২০২১ চনৰ ১৫ নৱেম্বৰত চণ্ডীগড়ত দুয়ো বিবাহপাশত আবদ্ধ হয়।১৪১৫
তথ্যসূত্ৰ
- ↑ Kukreja, Monica. (31 August 2017). Happy birthday Rajkummar Rao: Actor recalls best gift; an army uniform his mom got him. হিন্দুস্তান টাইমছ
- ↑ Jhunjhunwala, Udita. (18 February 2013). Raj Kumar: Making of an actor. Mint
- ↑ सिटी लाइट्स की सहअभिनेत्री पत्रलेखा पहुंचीं राजकुमार के घर. Dainik Jagran
- ↑ (6 September 2019). Rajkummar Rao's father, Satyapal Yadav, dies at 60. Hindustan Times
- ↑ Bhatia, Uday. (19 August 2017). Rajkummar Rao, our man on screen. Mint
- ↑ (19 March 2016). Rajkummar Rao pens emotional tribute to late mother. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (6 September 2019). Rajkummar Rao's father, Satyapal Yadav, dies at 60. Hindustan Times
- ↑ Nagpaul, Dipti. (26 May 2014). For two years, my teachers paid my school fees: Rajkummar Rao. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (12 June 2013). "I still don't get car parking in my society" – Raj Kumar Yadav. Filmfare
- ↑ (6 March 2017). When Strict Vegetarian Rajkummar Rao Had To Eat Non-Veg Fare!. Mid-Day
- ↑ Vyavahare, Renuka. (5 February 2014). Why Rajkumar Yadav became Rajkummar Rao. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (31 August 2021). Rajkummar Rao's ladylove Patralekhaa pens heartfelt note on his birthday, shares romantic picture with actor. The Hindu Times
- ↑ (24 January 2019). Patralekhaa Opens Up on Dating Rajkummar Rao for 8 Years, Shares How the Two Fell For Each Other. News18
- ↑ (16 November 2021). Rajkummar Rao-Patralekhaa wedding outfits: लाल जोड़े में पत्रलेखा-सिल्क कुर्ते में राजकुमार राव, कपल के वेडिंग आउटफिट पर फिदा हुए फैंस. Aaj Tak
- ↑ (15 November 2021). Rajkummar Rao marries Patralekhaa in Chandigarh, see first set of dreamy pics from the wedding. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজকুমাৰ ৰাও” প্ৰবন্ধৰ সংশোধন ৬০৩৬৭৯ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।