অশ্বত্থামা (अश्वत्थामा, Ashwatthama) মহাভাৰতৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষে হৈ পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দিছিল। অশ্বত্থামা আছিল গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ।১ পৌৰাণিক কাহিনীত ইয়াৰ ক্ষেত্ৰত দুটা নাম পোৱা যায়। গুৰু দ্ৰোণৰ পুত্ৰ অশ্বত্থামা আৰু আনটো বনৰ হাতী যাক মহাভাৰতৰ যুদ্ধত ভীমে হত্যা কৰে।
জন্ম
অশ্বত্থামাৰ পিতৃৰ নাম গুৰু দ্ৰোণ আৰু মাতৃৰ নাম আছিল কৃপী। জন্মৰ সময়ত অশ্বত্থামা অশ্বৰ দৰে শব্দ কৰিছিল বাবে তেওঁৰ নাম অশ্বত্থামা ৰখা হৈছিল।২
যুদ্ধ শিক্ষা
অশ্বত্থামাৰ পিতৃ গুৰু দ্ৰোণ এজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণ হ’লেও তেওঁ ক্ষত্ৰিয়ৰ দৰেই যুদ্ধ বিদ্যাত পাৰদৰ্শী আছিল। গুৰু দ্ৰোণে তেওঁৰ পিতৃ ভৰদ্বাজ মুনিৰ পৰা যুদ্ধ বিদ্যা শিকে। পিতৃৰ সেই বিদ্যাৰে গুৰু দ্ৰোণে তেওঁৰ শিষ্যবিলাককো শিকাইছিল।২
তথ্যসূত্ৰ
- ↑ अश्वत्थामा कौन थे?. Hindi.webdunia.com
- ↑ अश्वत्थामा. Bharatdiscovery.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্বত্থামা” প্ৰবন্ধৰ সংশোধন ৬১৬৯২০ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।