ভাৰতীয় টেলিভিছন অভিনেতা
৯ প্ৰবন্ধ
-
ৰাজেশ খান্না
ৰাজেশ খান্না আছিল বলিউডৰ হিন্দী চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতা,প্ৰযোজক আৰু পৰিচালক। তেওঁ কেইবাখনো হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল আৰু ৰাজনীতিতো প্ৰৱেশ কৰিছিল। তেওঁ ১৯৯১-৯৬ চনৰ পৰা পাঁচ বছৰৰ বাবে নতুন দিল্লী লোকসভা আসনৰ পৰা কংগ্ৰেছ দলৰ সাংসদ আছিল। পিছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
-
ওম পুৰী
ওম প্ৰকাশ পুৰী (Om Puri); ১৮ অক্টোবৰ ১৯৫০ – ৬ জানুৱাৰী ২০১৭) আছিল এজন ভাৰতীয় অভিনেতা যিয়ে মূলসুঁতিৰ বাণিজ্যিক হিন্দী ছবিৰ লগতে উৰ্দু, মালয়ালম, বাংলা, কানাড়া, ইংৰাজী, পাঞ্জাবী, গুজৰাটী, তেলেগু, আৰু মাৰাঠী ছবিৰ লগতে স্বতন্ত্ৰ আৰু কলাত্মক ছবিত অভিনয় কৰিছিল আৰু কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চিনেমাতো…
-
আয়ুষ্মান খুৰানা
আয়ুষ্মান খুৰানা (Ayushmann Khurrana; জন্ম: নিশান্ত খুৰানা; ১৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা আৰু কণ্ঠশিল্পী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁৰ চলচ্চিত্ৰসমূহত, সততে তেওঁক সাধাৰণ ব্যক্তিৰ চৰিত্ৰত বিভিন্ন সামাজিক অনুষঙ্গৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা দেখা যায়।
-
ডেনি ডেনজংপা
ডেনি ডেনজোংপা এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, গায়ক, চলচ্চিত্ৰ পৰিচালক আৰু এজন সফল ব্যৱসায়ী। তেওঁ মুখ্যতঃ বলীউডৰ চলচ্চিত্ৰত কাম কৰিছে যদিও কেইবাখনো নেপালী, তামিল, বাংলা আৰু তেলেগু চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ ১৯৭১ চনৰপৰা প্ৰায় ১৯০খন হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
অশোক পাঠক
অশোক পাঠক (Ashok Pathak) এগৰাকী ভাৰতীয় অভিনেতা। পঞ্চায়ত নামৰ টিভি ধাৰাবাহিকখনত বিনোদৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। বিট্টু বছ নামৰ ছবিখনত অভিনয়েৰে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
স্পৰ্শ শ্ৰীবাস্তৱ
স্পৰ্শ শ্ৰীবাস্তৱ (Sparsh Shrivastava; জন্ম: ০৪ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেতা। বালিকা বধূ নামৰ ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ ছবিজগতত প্ৰৱেশ কৰে। ইয়াৰ পিছত তেওঁ ২০২১ চনত কলাৰ বমকে ধৰি বিভিন্ন চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকত অভিনয় কৰে।
-
কুনাল গোস্বামী
কুনাল গোস্বামী (Kunal Goswami) এগৰাকী ভাৰতীয় অভিনেতা আৰু ব্যৱসায়ী ব্যক্তিত্ব যিয়ে চলচ্চিত্ৰ আৰু টেলিভিছনত অভিনয় কৰিছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰ তাৰকা তথা প্ৰযোজক-পৰিচালক মনোজ কুমাৰৰ পুত্ৰ৷
-
সতীশ শ্বাহ
সতীশ ৰবিলাল শ্বাহ (Satish Ravilal Shah; ২৫ জুন ১৯৫১ – ২৫ অক্টোবৰ ২০২৫) এজন ভাৰতীয় অভিনেতা আছিল। জানে ভি দো ইয়াৰো (১৯৮৩), য়েহ জো হেয় জিন্দেগী (১৯৮৪), চাৰাভাই বনাম চাৰাভাই (২০০৪), মেইন হুন না (২০০৪), কল হো না হো (২০০৩), ফানা (২০০৬) আৰু ওম শান্তি ওম (২০০৭) আদি ছবিত কমিক চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ…
-
সৌৰভ দাস
সৌৰভ দাস (Sourav Das; জন্ম: ২১ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা, উপস্থাপক, কৌতুক অভিনেতা, আৰু থিয়েটাৰ পৰিচালক। ‘বয়েই গেল’ নামৰ টিভি ধাৰাবাহিক এখনত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।