ভাৰতীয় নেপথ্য কণ্ঠশিল্পী
৬ প্ৰবন্ধ
-
মোহিত চৌহান
মোহিত চৌহান (Mohit Chauhan) ৰোমাণ্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
ৰুমা গুহ ঠাকুৰতা
ৰুমা গুহ ঠাকুৰতা (জন্ম: ৰুমা ঘোষ; Ruma Guha Thakurta; ২১ নৱেম্বৰ ১৯৩৪ – ৩ জুন ২০১৯) মূলতঃ বাংলা ভাষাৰ ছবিৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। ১৯৫৮ চনত কলকাতা য়ুথ কয়াৰ প্ৰতিষ্ঠা কৰে।
-
আয়ুষ্মান খুৰানা
আয়ুষ্মান খুৰানা (Ayushmann Khurrana; জন্ম: নিশান্ত খুৰানা; ১৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা আৰু কণ্ঠশিল্পী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁৰ চলচ্চিত্ৰসমূহত, সততে তেওঁক সাধাৰণ ব্যক্তিৰ চৰিত্ৰত বিভিন্ন সামাজিক অনুষঙ্গৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা দেখা যায়।
-
কুন্দনলাল চাইগল
কুন্দনলাল চাইগল (Kundan Lal Saigal) কুন্দনলাল চাইগল আছিল ভাৰতীয় চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতাআৰু পাৰ্শ্ব গায়ক। কুন্দন লাল চাইগল চমুকৈ কে এল চাইগলক হিন্দীচলচ্চিত্ৰ উদ্যোগৰ প্ৰথম চুপাৰষ্টাৰ হিচাপে হিচাপে গণ্য কৰা হৈছিল। সেই সময়ত কলিকতা আছিল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেন্দ্ৰস্থল।
-
বিজয়তা পণ্ডিত
বিজয়তা পণ্ডিত ( Vijayta Pandit ) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁৰ প্ৰথম ছবি লাভ ষ্ট'ৰীৰ (১৯৮১) বাবে বিখ্যাত।
-
পুষ্পা হন্স
পুষ্পা হন্স কাপুৰ ( Pushpa Hans Kapoor; ১৯১৭–২০১১) ১৯৪০ আৰু ১৯৫০ দশকৰ হিন্দী আৰু পাঞ্জাবী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। ১৯৫০ চনৰ হিন্দী ছবি শীশ মহলৰ গীত আৰু ১৯৪৯ চনৰ অপনা দেশ ছবিত অভিনয়ৰ বাবে তেওঁ পৰিচিত আছিল।