অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুৰাগ শইকীয়া

অনুৰাগ শইকীয়া এজন ভাৰতীয় সংগীত পৰিচালক, চলচ্চিত্ৰ সংগীতৰ সুৰকাৰ আৰু বাদ্যযন্ত্ৰী। অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণত তেওঁৰ জন্ম হৈছিল। তেওঁ "যুগদ্ৰষ্টা (চলচ্চিত্ৰ)" নামৰ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ ৰজত কমল বঁটা লাভ কৰে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

অনুৰাগ শইকীয়া এজন ভাৰতীয় সংগীত পৰিচালক, চলচ্চিত্ৰ সংগীতৰ সুৰকাৰ আৰু বাদ্যযন্ত্ৰী। অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণত তেওঁৰ জন্ম হৈছিল।১২ তেওঁ "যুগদ্ৰষ্টা (চলচ্চিত্ৰ)" নামৰ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ ৰজত কমল বঁটা লাভ কৰে।৩৪

তেওঁৰ মাতৃ দীপালী শইকীয়া অনাতাঁৰ প্ৰযুক্তিৰ এগৰাকী সৰ্বভাৰতীয় শিল্পী তথা শিক্ষয়িত্ৰী আৰু তেওঁৰ পিতৃ ড° অনিল শইকীয়া এজন শিক্ষাবিদ। অসমৰ লোকসংস্কৃতি আৰু সংগীতৰ সংৰক্ষণ আৰু জনপ্ৰিয়কৰণৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে ২০১১ চনৰ ২৭ ডিচেম্বৰত ড° অনিল শইকীয়াক প্ৰতিমা বৰুৱা পাণ্ডে স্মৃতি বঁটা প্ৰদান কৰা হৈছিল।৫৬

কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অনুৰাগে চেন্নাইৰ স্বৰ্ণভূমি একাডেমী অৱ মিউজিক(SAM)ত নামভৰ্তি কৰে।৫৭ তেওঁ সংগীত ৰচনা কৰা এখন শেহতীয়া চিনেমা হৈছে থপ্পড়। তেওঁ চনু নিগম, অৰিজিৎ সিং আদি বহু জনপ্ৰিয় শিল্পীৰ সৈতে কাম কৰিছে।৮৯

বৰগীতক সু-সংগতিপূৰ্ণভাৱে কেইবাজনো শিল্পীৰ সৈতে নতুন ৰূপত(symphonic orchestra) সজোৱাৰ বাবে শইকীয়া সু-পৰিচিত।১০

চলচ্চিত্ৰপঞ্জী

সংগীত নিৰ্দেশক হিচাপে

সংগীত প্ৰযোজক হিচাপে (স্বতন্ত্ৰ সংগীত)

  • 'কুকুহা' অনুৰাগ শইকীয়া কালেকটিভ ১১

ৱেব ছিৰিজত সংগীত নিৰ্দেশক হিচাপে

বঁটা আৰু মনোনয়ন

বঁটাশিতানচলচ্চিত্ৰসংগীতফলাফল
৬১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক (Non-Feature Film)যুগদ্ৰষ্টাবিজয়ী
বিগ সংগীত বঁটা,২০১০শ্ৰেষ্ঠ সংগীত পৰিচালকটুপ টুপবিজয়ী
স্বৰ্ণভূমি একাডেমী অৱ মিউজিকছাত্ৰ ব্ৰেণ্ড এম্বেছাদৰবিজয়ী
প্ৰাগ চিনে বঁটা, ২০১৩শ্ৰেষ্ঠ সংগীত পৰিচালকচিনিয়ৰবিজয়ী
প্ৰাগ চিনে বঁটা ২০১৭শ্ৰেষ্ঠ সংগীত পৰিচালকমাজ ৰাতি কেতেকীবিজয়ী
শৈলধৰ বৰুৱা বঁটা ২০১৭শ্ৰেষ্ঠ সংগীত পৰিচালকদিকচৌ বনত পলাশবিজয়ী
শ্বেৰ চৌধুৰী এক্সিলেঞ্চ এৱাৰ্ড ২০১৭শ্ৰেষ্ঠ সংগীত পৰিচালকমাজ ৰাতি কেতেকীবিজয়ী
ৰেডিঅ' গপ স্বপ বঁটা ২০১৮শ্ৰেষ্ঠ সংগীত পৰিচালকমাজৰাতি কেতেকীবিজয়ী
দশম মিৰ্চি মিউজিক এৱাৰ্ডশ্ৰেষ্ঠ সংগীতবাচ এক বাৰমনোনীত কৰা হৈছে
নৱম মিৰ্চি সংগীত বঁটাশ্ৰেষ্ঠ গীত প্ৰযোজক (প্ৰগ্ৰেমিং আৰু এৰেঞ্জিং)ডংগল"ধাকদ"
জিঅ' ফিল্মফেয়াৰ এৱাৰ্ড (মাৰাঠী) ২০১৮শ্ৰেষ্ঠ পটভূমি স্ক'ৰমানঝামনোনীত কৰা হৈছে

তথ্যসূত্ৰ

  1. ↑ Anurag Saikia. imdb.com
  2. ↑ I find music in every element of nature:Anurag Saikia
  3. ↑ An exclusive interview with music composer Anurag Saikia
  4. ↑ Anurag Saikia
  5. ↑ (11 June 2017). Anurag Saikia. friedeye.com
  6. ↑ The Assam Tribune Online. assamtribune.com
  7. ↑ Swarnabhoomi Academy of Music. Swarnabhoomi Academy of Music Chennai
  8. ↑ Dasgupta, Priyanka. (19 February 2019). Singer Pratik Choudhury passes away. The Times of India
  9. ↑ Anurag Saikia reveals how he got the opportunity to compose music for 'Mulk'. The Times of India
  10. ↑ (13 September 2019). Project Borgeet: Syncing Assam's 600-year-old songs to the symphonic orchestra. The Indian Express
  11. ↑ Archived at Ghostarchive and the Wayback Machine: KUKUHA - Anurag Saikia Ft. Shankuraj Konwar · Rahul Gautam Sharma · Anurag Saikia Collective. ইউটিউব

সম্পৰ্কিত শ্ৰেণী

অসমৰ সঙ্গীত পৰিচালকশ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাগ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৫৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।