জী চিনে বঁটা বিজয়ী
৭ প্ৰবন্ধ
-
ৰণবীৰ কাপুৰ
ৰণবীৰ কাপুৰ (, জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮২) মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১২ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে।
-
ৰাজকুমাৰ ৰাও
ৰাজকুমাৰ ৰাও (Rajkummar Rao) (জন্ম: ৰাজ কুমাৰ যাদৱ; ৩১ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনৰ পৰা বৰ্তমানলৈকে তেওঁ ৩০খনতকৈও অধিক ছবিত অভিনয় কৰিছে।
-
অক্ষয় খান্না
অক্ষয় খান্না (Akshaye Khanna; জন্ম: ২৮ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী ছবিত কাম কৰে। তেওঁ তেওঁৰ অভিনয়ৰ বহুমুখিতা আৰু শক্তিশালী চিত্ৰণৰ বাবে পৰিচিত। তেওঁ ফিল্মফেয়াৰ বঁটাকে ধৰি বহুতো বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে।
-
মোহিত চৌহান
মোহিত চৌহান (Mohit Chauhan) ৰোমাণ্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
বৰুণ ধৱন
বৰুণ ধৱন (; জন্ম: ২৪ এপ্ৰিল ১৯৮৭) মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে।
-
আয়ুষ্মান খুৰানা
আয়ুষ্মান খুৰানা (Ayushmann Khurrana; জন্ম: নিশান্ত খুৰানা; ১৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা আৰু কণ্ঠশিল্পী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁৰ চলচ্চিত্ৰসমূহত, সততে তেওঁক সাধাৰণ ব্যক্তিৰ চৰিত্ৰত বিভিন্ন সামাজিক অনুষঙ্গৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা দেখা যায়।
-
ৰণবীৰ সিং
ৰণবীৰ সিং জগজীৎ সিং ভৱনানী (Ranveer Singh Jugjeet Singh Bhavnani; জন্ম ৬ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা-সন্মান লাভ কৰিছে।