মহম্মদ আমিৰ হুচেইন খান (आमिर खान; জন্ম: ১৪ মাৰ্চ ১৯৬৫)১ হ'ল এজন বিখ্যাত ভাৰতীয় অভিনেতা। হিন্দী ছবিত ত্ৰিছ বছৰৰো বেছি সময় ধৰি তেওঁৰ কেৰিয়াৰত খানে নিজকে ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী অভিনেতা হিচাপে প্ৰতিষ্ঠিত কৰিছে।
প্ৰাৰম্ভিক জীৱন
১৯৬৫ চনৰ ১৪ মাৰ্চত ভাৰতৰ মুম্বাইৰ বান্দ্ৰা হলি ফেমেলি হস্পিটেলত মুছলমান সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য আমিৰ খানৰ জন্ম হৈছিল; তেওঁৰ সম্পূৰ্ণ নাম আছিল আমিৰ হুছেইন খান। দশক দশক ধৰি তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁৰ পিতৃ তাহিৰ হুছেইন এজন চলচ্চিত্ৰ পৰিচালক আৰু ককাক নাছিৰ হুছেইন আছিল এজন চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা।২ তেওঁৰ পৰিয়ালটো ভাৰতীয় চিনেমাৰ সৈতে দশক দশক ধৰি জড়িত হৈ আছে। আমিৰ খানৰ মাতৃৰ নাম জিনাত হোছেইন।৩৪৫ তেওঁৰ ভাই-ভনী হৈছে "ফাইছাল খান", "ফাৰহাট খান" আৰু "নিখাত খান।" ইমৰাণ খান আমিৰ খানৰ ভাগিন।
আমিৰ খানৰ পূৰ্বপুৰুষ আফগানিস্তানৰ স্থানীয় লোক আছিল। আমিৰ খান বিখ্যাত ৰাজনীতিবিদ আবুল কালাম আজাদ (মৌলানা আবুল কালাম আজাদ)ৰ বংশধৰ। আমিৰ খানৰ উচ্চতা মাত্ৰ পাঁচ ফুট পাঁচ ইঞ্চি।৬
ব্যক্তিগত জীৱন
১৯৮৬ চনৰ ১৮ এপ্ৰিলত আমিৰে কায়ামত সে কায়ামত টক ছবিৰ এটা গীতত চমুকৈ অভিনয় কৰা ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ জুনাইদ নামৰ এজন পুত্ৰ আৰু ইৰা নামৰ এগৰাকী কন্যা সন্তান আছে। আমিৰৰ লগান ছবিৰ প্ৰযোজক হিচাপে কাম কৰিছিল ৰীনাই। ২০০২ চনৰ ডিচেম্বৰ মাহত আমিৰে ৰীনাক তালাক দিয়ে আৰু ৰীনাই জুনাইদ আৰু ইৰাৰ দায়িত্ব লয়।৭
২০০৫ চনৰ ২৮ ডিচেম্বৰত আমিৰৰ লগান বোলছবিখনৰ পৰিচালক আশুতোষ গোৱাৰিকাৰৰ সহকাৰী পৰিচালক হিচাপে কাম কৰা কিৰণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৮ ২০২১ চনৰ ৩ জুলাইত আমিৰ খানৰ পত্নী কিৰণ ৰাওৰ সৈতে বিবাহ বিচ্ছেদ হয়।
অভিনয়
আঠ বছৰ বয়সৰ পৰাই আমিৰ খানে য়াদো কি বাৰাত (১৯৭৩) আৰু মদহুছ (১৯৭৪) ছবিত শিশু অভিনেতা হিচাপে কাম আৰম্ভ কৰে। প্ৰাপ্তবয়স্ক অভিনেতা হিচাপে ১১ বছৰ পিছত কেতন মেহতাৰ হোলী (১৯৮৪)ত অভিনয় কৰে যদিও ছবিখনে বিশেষ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয়। প্ৰথমখন উল্লেখযোগ্য ছবি আছিল মনছুৰ খানৰ পৰিচালনাত ১৯৮৮ চনত কায়ামত ছে কায়ামত টক। ছবিখনে বিপুল সফলতা লাভ কৰাৰ লগতে মুখ্য চৰিত্ৰত জনপ্ৰিয় হৈ পৰে আমিৰ খান। চকলেট হিৰো লুকৰ বাবে আমিৰক "টিন আইডল" বুলি জনা যায়। আমিৰে ৰাখ নামৰ ছবিখনৰ বাবে বিশেষ জুৰী শাখাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ৮০ৰ দশকৰ শেষৰ ফালে আৰু ৯০ৰ দশকৰ আৰম্ভণিতে আমিৰে কেইবাখনো চিনেমাত অভিনয় কৰিছিল যেনে, দিল (১৯৯০), দিল হায় কে মানতা নেহি (১৯৯১), জো জীতা ওহি চিকন্দৰ (১৯৯২), হম হায় ৰহী প্যায়াৰ কে (১৯৯৩) (যিখনৰ তেওঁ চিত্ৰনাট্যও লিখিছিল), আৰু ৰংগিলা (১৯৯৫)। সকলো ছবিয়েই সমালোচনাত্মক আৰু ব্যৱসায়িক সফলতা লাভ কৰিছিল। সাতবাৰ মনোনীত হোৱাৰ পিছত ৰাজা হিন্দুস্তানীৰ বাবে আমিৰে প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০১ চনত তেওঁ ‘লগান’ ছবিত ‘ভুৱন’ৰ চৰিত্ৰত অভিনয় কৰি আমাক এটা আচৰিত কাহিনী দিছিল যিয়ে ২০০১ চনৰ নেটৱেষ্ট ছিৰিজ আৰু ২০০৩ চনৰ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলটোক অনুপ্ৰাণিত কৰিছিল। লগানে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল আৰু ৭৪ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে মনোনীত হৈছিল। ২০০৬ চনত আমিৰে ৰং দে বসন্তীৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ (সমালোচকৰ পছন্দ) ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০৬ চনৰ সৰ্বশ্ৰেষ্ঠ ব্যৱসায়িক সফলতা লাভ কৰা এই ছবিখনে বিদেশী চলচ্চিত্ৰ শাখাত অস্কাৰৰ বাবে মনোনীত হৈছিল। ২০০৭ চনত আমিৰে চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি আমালৈ লৈ আহিছিল ডিছলেক্সিয়া শিশুৰ কাহিনী, চিনেমাখনৰ নাম আছিল তাৰে জামিন পৰ। ২০০৮ চনত আমিৰে নিজকে সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰি দক্ষিণৰ ছবি গজনীৰ পুনৰ্নিৰ্মাণ অভিনয় কৰিছিল, যিখন ছবিয়ে বিপুল সফলতা লাভ কৰিছিল। ২০০৯ চনত আমিৰে বলীউডৰ ইতিহাসৰ এতিয়ালৈকে জনপ্ৰিয় ছবি থ্ৰী ইডিয়টছত ‘ৰাঞ্চো’ৰ চৰিত্ৰত অভিনয় কৰিছিল। আমিৰ অভিনীত পি কে চিনেমাখন ২০১৪ চনত মুক্তি পাইছিল। বলীউডৰ এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাত আছে আমিৰৰ পি কে। কেৱল ভাৰততে ৩০০ কোটি টকাৰ মাইলৰ খুঁটি স্পৰ্শ কৰা প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ‘পিকে’।
বঁটা আৰু সন্মান
আমিৰ খানক কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০৩ চনত পদ্মশ্ৰী আৰু ২০১০ চনত পদ্মভূষণ বঁটা প্ৰদান কৰে।৯ ২০১৩ চনৰ এপ্ৰিল মাহত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত তালিকাভুক্ত কৰিছিল।১০
চলচ্চিত্ৰ তালিকা
| শিৰোনাম | বছৰ | Credited as | Notes | Ref. | |||||||
|---|---|---|---|---|---|---|---|---|---|---|---|
| অভিনেতা | প্ৰযোজক | অন্য | চৰিত্ৰ | ||||||||
| য়াদো কি বাৰাত | 1973 | শিশু ৰতন | Minor role | ১১ | |||||||
| মধহোষ | 1974 | শিশু ৰাজ | Minor role | ১১ | |||||||
| পৰনয়া | 1983 | সহঃ পৰিচালক | Unknown | Short film | ১২১৩ | ||||||
| মঞ্জিল মঞ্জিল | 1984 | সহঃ পৰিচালক | |||||||||
| হ'লি | 1984 | মদন শৰ্মা | ১২ | ||||||||
| জবৰদস্ত | 1985 | সহঃ পৰিচালক | |||||||||
| কয়ামত চে কয়ামত তক | 1988 | সহঃ লেখক | ৰাজ | * ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – Special Mention (also for Raakh) * ফিল্মফেয়াৰ: শ্ৰেষ্ঠ নবাগত অভিনেতা * মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | ১৪১৫১৬ | ||||||
| ৰাখ | 1989 | আমিৰ হুছেইন | * ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – Special Mention (also for Qayamat Se Qayamat Tak) * মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | ১৫১৭ | |||||||
| লভ লভ লভ | 1989 | অমিত | ১৮ | ||||||||
| অৱল নম্বৰ | 1990 | ছানী | ১৮ | ||||||||
| তুম মেৰে হ' |1990| | | | |শিৱা | | style="text-align: center; " |১৮ |- ! scope="row" align="left" |ডিল |1990| | | | |ৰাজা |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |১৫১৯২০ |- ! scope="row" align="left" |দিৱানা মুজ্চা নহি |1990| | | | |অজয় শৰ্মা | | style="text-align: center; " |১৮ |- ! scope="row" align="left" |জৱানী জিণ্ডাবাদ |1990| | | | |শশী শৰ্মা | | style="text-align: center; " |১৮ |- ! scope="row" align="left" |আফচানা প্যাৰ কা |1991| | | | |ৰাজ | | style="text-align: center; " |২১ |- ! scope="row" align="left" |দিল হে কে মানতা নেহি |1991| | | | |ৰঘু জেটলী |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |১৫২২ |- ! scope="row" align="left" |ইচি কা নাম জিণ্ডগি |1992| | | | |চটু | | style="text-align: center; " |২৩ |- ! scope="row" align="left" |ডাউলট কি জঙ্গ |1992| | | | |ৰাজেশ চৌধুৰী | | style="text-align: center; " |২৪ |- ! scope="row" align="left" |জো জিতা ৱহি ছিকন্দৰ |1992| | | | |সঞ্জয় লাল শৰ্মা |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |১৫২৫ |- ! scope="row" align="left" |পহলা নচা |1993| | | | |Himself |Cameo appearance | style="text-align: center; " |২৬ |- ! scope="row" align="left" |পৰম্পৰা |1993| | | | |ৰনবীৰ পৃথ্বী সিং | | style="text-align: center; " |২৭ |- ! scope="row" align="left" |দামিনী |1993| | | | |Himself |Cameo appearance | style="text-align: center; " |২৮ |- ! scope="row" align="left" |হম হ্যায় ৰাহি প্যাৰ কে |1993| | | |চিত্ৰনাট্যকাৰ |ৰাহুল মালহোত্ৰা |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |২৯১৫ |- ! scope="row" align="left" |আন্দাজ আপনা আপনা |1994| | | | |অমৰ মনোহৰ |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |৩০৩১ |- ! scope="row" align="left" |বাজী |1995| | | | | | | style="text-align: center; " |৩২ |- ! scope="row" align="left" |আতংক হি আতংক |1995| | | | |ৰোহন | | style="text-align: center; " |৩৩ |- ! scope="row" align="left" |ৰঙগীলা |1995| | | | |মুন্না |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |৩৪ |- ! scope="row" align="left" |অকেলে হম অকেলে তুম |1995| | | | |ৰোহিত কুমাৰ | | style="text-align: center; " |১৫ |- ! scope="row" align="left" |ৰাজা হিন্দুস্তানী |1996| | | | |ৰাজা হিণ্ডুস্তানী |ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |১৫ |- ! scope="row" align="left" |ইশ্ক |1997| | | | |ৰাজা আহলাৱট | | style="text-align: center; " |৩৫ |- ! scope="row" align="left" |গুলাম |1998| | | |নেপথ্য গায়ক |সিদ্ধাৰ্থ মাৰাথে | * মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা * মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ নেপথ্য গায়ক | style="text-align: center; " |১৫৩৬ |- ! scope="row" align="left" |আৰ্থ্ |1998| | | | | |Canadian-Indian film Released in India as 1947: Earth | style="text-align: center; " |৩৭ |- ! scope="row" align="left" |চৰফাৰোচ |1999| | | | |অজয় সিং ৰাথোৰ |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |১৫৩৮ |- ! scope="row" align="left" |মন |1999| | | | |দেৱ কৰণ সিং | | style="text-align: center; " |৩৯ |- ! scope="row" align="left" |মেলা |2000| | | |নেপথ্য গায়ক |কিশন প্যাৰে | | style="text-align: center; " |৪০ |- ! scope="row" align="left" |লগান |2001| | | | |ভুৱন | * ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ সামগ্ৰিকভাৱে বিনোদনধৰ্মী জনপ্ৰিয় চলচ্চিত্ৰ * ফিল্মফেয়াৰ: শ্ৰেষ্ঠ চলচ্চিত্ৰ * ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা * মনোনীত—Academy Award for Best Foreign Language Film | style="text-align: center; " |১৫ |- ! scope="row" align="left" |দিল চাহ্তা হ্যায় |2001| | | | |আকাশ মালহোত্ৰা |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |১৫৪১ |- ! scope="row" align="left" |Madness in the Desert |2004| | | | |Himself |Documentary filmAlso known as Chale Chalo: The Lunacy of Film Making National Film Award for Best Exploration/Adventure Film | style="text-align: center; " |৪২৪৩ |- ! scope="row" align="left" |মঙ্গল পাণ্ডে: দ্যা ৰাইজিং |2005| | | |নেপথ্য গায়ক |মঙ্গল পাণ্ডে |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |১৫৪৪ |- ! scope="row" align="left" |ৰং দে বসন্তি |2006| | | |নেপথ্য গায়ক |দলজিত সিং/ চন্দ্ৰশেখৰ আজাদ | * Filmfare Critics Award for Best Actor * মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |১৫৪৫ |- ! scope="row" align="left" |ফানা |2006| | | | |ৰেহান কাডৰী | | style="text-align: center; " |৪৬ |- ! scope="row" align="left" |তাৰে জমিন পৰ |2007| | | | |পৰিচালক নেপথ্য গায়ক |ৰাম শংকৰ নিকুম্ভ | * National Film Award for Best Film on Family Welfare * ফিল্মফেয়াৰ: শ্ৰেষ্ঠ চলচ্চিত্ৰ * ফিল্মফেয়াৰ: শ্ৰেষ্ঠ পৰিচালক * মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ সহঃঅভিনেতা | style="text-align: center; " |১৫৪৭৪৮ |- ! scope="row" align="left" |জানে টু য়া জানে না |2008 | | | | |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |৪৯৫০ |- ! scope="row" align="left" |গজনী |2008| | | |সহযোগী লেখক |সঞ্জয় সিংহানীয়া |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |১৫৫১৫২ |- ! scope="row" align="left" |লাক বাই চাঞ্চ |2009| | | | |Himself |Cameo appearance | style="text-align: center; " |৫৩ |- ! scope="row" align="left" |থ্ৰী ইডিয়টচ্ |2009| | | | |ৰনচ'ৰ দাস শ্যামল দাস চাঞ্চৰ/ ফুনচুখ ৱাংগৰু |মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা | style="text-align: center; " |৫৪৫৫ |- ! scope="row" align="left" |পিপলি লাইফ |2010 | | | | |Nominated—Filmfare Award for Best Film | style="text-align: center; " |৫৬৫৭ |- ! scope="row" align="left" |ধোবি ঘাট |2011| | | | | |অৰুণ | | style="text-align: center; " |৫৮ |- ! scope="row" align="left" |Big in Bollywood |2011| | | | |Himself |Documentary film | style="text-align: center; " |৫৯ |- ! scope="row" align="left" |দেল্হী বেলি |2011| | | | | |Disco Fighter |Special appearance in song "I Hate You (Like I Love You)" Nominated—Filmfare Award for Best Film | style="text-align: center; " |৬০৬১ |- ! scope="row" align="left" |তালাশ: দ্যা এঞ্চৱাৰ লাইচ ৱিডিন |2012| | | | | |সুৰ্জন সিং শ্বেখাৱত | | style="text-align: center; " |৬২ |- ! scope="row" align="left" |বম্বে টকিচ্ |2013| | | | |Himself |Special appearance in song "Apna Bombay Talkies" | style="text-align: center; " |৬৩ |- ! scope="row" align="left" |Ru-Ba-Ru |2013| | | | | |Himself |Documentary film | style="text-align: center; " |৬৪ |- ! scope="row" align="left" |ধুম ৩ |2013| | | | |শ্বাহিৰ খান/সমৰ খান | | style="text-align: center; " |৬৫ |- ! scope="row" align="left" |পিকে |2014| | | | | |Nominated—Filmfare Award for Best Actor | style="text-align: center; " |৬৬৬৭ |- ! scope="row" align="left" |ডিল ধডকনে দো |2015| | | | |প্লুট' |Voice role | style="text-align: center; " |৬৮ |- ! scope="row" align="left" |দংগল |2016| | | | |নেপথ্য গায়ক |মহাবীৰ সিং ফোগাট |Filmfare Award for Best Actor Filmfare Award for Best Film | style="text-align: center; " |৬৯৭০ |- ! scope="row" align="left" |চিক্ৰেট চুপাৰস্তাৰ |2017| | | | | |শক্তি কুমাৰ |Nominated—Filmfare Award for Best Supporting Actor Nominated—Filmfare Award for Best Film | style="text-align: center; " |৭১৭২ |- ! scope="row" align="left" |ঠাগছ অব্ হিণ্ডুস্তান | 2018 | ফিৰঙ্গী মাল্লাহ | ৭৩ |
তথ্যসূত্ৰ
- ↑ ‘My Name is Mohammed Aamir Hussain Khan’
- ↑ (১৮ মে ২০১১). The Khans of Bollywood. MiD DAY
- ↑ SPOTTED: Aamir Khan On ‘Haj Pilgrimage’ With Mother Zeenat Hussain
- ↑ Hajji Aamir! Actor keeps his promise, leaves for Haj pilgrimage with mother Zeenat Hussain
- ↑ Aamir Khan leaves for Hajj with his mother
- ↑ ছোট হয়েও বড় যাঁৰা
- ↑ Aamir Khan Kiran Rao Wedding Marriage Amir Wife Reena Dutta Divorce
- ↑ Grand reception for Aamir Khan-Kiran Rao wedding
- ↑ Padma Bhushan for Aamir Khan, Padma Sri for Sehwag
- ↑ Influential Aamir Khan on TIME Cover
- ↑ Verma, Sukanya. (14 March 2012). Birthday Special: The 47 Faces of Aamir Khan. Rediff.com
- ↑ Kapoor, Rajat. (26 April 2011). The Mentor and the student. Man's World
- ↑ N, Patsy. (3 June 2009). Aamir never wanted to be an actor. Rediff.com
- ↑ Qayamat Se Qayamat Tak (1988). Bollywood Hungama
- ↑ Aamir Khan: Awards & nominations. Bollywood Hungama
- ↑ Patel, Bhaichand. (2012). Bollywood's Top 20: Superstars of Indian Cinema. Penguin Books India. পৃ. 219. ISBN 978-0-670-08572-9
- ↑ Raakh (1989). Bollywood Hungama
- ↑ Chaudhuri, Diptakirti. (2012). Kitnay Aadmi Thay. Westland. পৃ. 213–220. ISBN 978-93-81626-19-1
- ↑ Dil (1990). Bollywood Hungama
- ↑ The Nominations 1990. Indiatimes.com
- ↑ Afsana Pyaar Ka (1991). Bollywood Hungama
- ↑ Dil Hai Ke Manta Nahin (1991). Bollywood Hungama
- ↑ Isi Ka Naam Zindagi (1992). Bollywood Hungama
- ↑ Daulat Ki Jung (1992). Bollywood Hungama
- ↑ Jo Jeeta Wohi Sikandar (1992). Bollywood Hungama
- ↑ Pehla Nasha (1993). Bollywood Hungama
- ↑ Parampara (1993). Bollywood Hungama
- ↑ Damini (1993). Bollywood Hungama
- ↑ Hum Hain Rahi Pyar Ke (1993). Bollywood Hungama
- ↑ Andaz Apna Apna (1994). Bollywood Hungama
- ↑ The Nominations 1994. Indiatimes.com
- ↑ Baazi (1995). Bollywood Hungama
- ↑ Aatank Hi Aatank (1995). Bollywood Hungama
- ↑ Rangeela (1995). Bollywood Hungama
- ↑ Ishq (1997). Bollywood Hungama
- ↑ Ghulam (1998). Bollywood Hungama
- ↑ Earth (1998). Rotten Tomatoes
- ↑ Sarfarosh (1999). Bollywood Hungama
- ↑ Mann (1999). Bollywood Hungama
- ↑ Mela (2000). Bollywood Hungama
- ↑ Dil Chahta Hai (2001). Bollywood Hungama
- ↑ 51st National Film Awards. Directorate of Film Festivals. পৃ. 110
- ↑ Chale Chalo: The Lunacy of Film Making (2004). Bollywood Hungama
- ↑ Mangal Pandey – The Rising (2005). Bollywood Hungama
- ↑ Rang De Basanti (2006). Bollywood Hungama
- ↑ Fanaa (2006). Bollywood Hungama
- ↑ Taare Zameen Par (2007). Bollywood Hungama
- ↑ (6 February 2008). A first for Filmfare: Darsheel for Best Actor. CNN-IBN
- ↑ Jaane Tu.. Ya Jaane Na (2008). Bollywood Hungama
- ↑ (18 February 2009). 54th Idea Filmfare Awards 2008 nominations. CNN-IBN
- ↑ Ghajini (2008). Bollywood Hungama
- ↑ (31 December 2008). 'Aamir Khan rewrote Ghajini climax'. হিন্দুস্তান টাইমছ
- ↑ Luck by Chance (2009). Bollywood Hungama
- ↑ 3 Idiots (2009). Bollywood Hungama
- ↑ (11 February 2010). Nominations for 55th Idea Filmfare Awards 2009. Bollywood Hungama
- ↑ Peepli (Live) (2010). Bollywood Hungama
- ↑ (14 January 2011). Nominations for 56th Idea Filmfare Awards 2010. Bollywood Hungama
- ↑ Dhobi Ghat (2011). Bollywood Hungama
- ↑ Prabhakar, Jyothi. (11 August 2012). I’d love to play a villain: Omi Vaidya. The Times of India
- ↑ Delhi Belly (2011). Bollywood Hungama
- ↑ (11 January 2012). Nominations for 57th Idea Filmfare Awards 2011. Bollywood Hungama
- ↑ Talaash (2012). Bollywood Hungama
- ↑ Shome-Ray, Aditi. (26 April 2013). Aamir Khan, Shah Rukh Khan and Madhuri Dixit come together for special song in 'Bombay Talkies'. Daily News and Analysis
- ↑ Baksi, Dibyojyoti. (17 April 2013). Documentary on the impact of Rang De Basanti. Hindustan Times
- ↑ Dhoom 3 (2013). Bollywood Hungama
- ↑ P.K. (2014). Bollywood Hungama
- ↑ (20 January 2015). 60th Britannia Filmfare Awards 2014: Complete nomination list. The Times of India
- ↑ (9 June 2015). A voice from afar. The Hindu
- ↑ (24 February 2016). Aamir Khan's day out with Dangal team and his on-screen daughters. Deccan Chronicle
- ↑ (15 January 2017). 62nd Filmfare Awards 2017: Winners' list. The Times of India
- ↑ (18 October 2017). Secret Superstar movie review: Aamir Khan, Zaira Wasim’s Diwali release is high on emotions. Hindustan Times
- ↑ Nominations for the 63rd Jio Filmfare Awards 2018. filmfare.com
- ↑ (12 May 2017). Thugs of Hindostan: Katrina Kaif is our last thug, confirms Aamir Khan. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমিৰ খান” প্ৰবন্ধৰ সংশোধন ৫৩০৮৯৯ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।