অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গুমৰাগ

গুমৰাগ ( Gumrag) অসমত বাস কৰা মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য৷ মিছিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাংত এই নাচ নচা হয়৷ আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ৷ প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়৷ মিচিং ভাষাত ‘আলি’ৰ অৰ্থ হৈছে ‘বীজ’, ‘আঃয়ে’ মানে হৈছে ‘ফল’ আৰু ‘লৃগাং’ মানে হৈছে ‘সিঁচা’।

হালনাগাদ: ২০ মে’ ২০২৫ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

গুমৰাগ ( Gumrag) অসমত বাস কৰা মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য৷ মিচিং জনগোষ্ঠীসকলৰ জাতীয় উৎসৱ আলি আই লৃগাংত এই নাচ নচা হয়৷ আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ৷ প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়৷১ মিচিং ভাষাত ‘আলি’ৰ অৰ্থ হৈছে ‘বীজ’, ‘আঃয়ে’ মানে হৈছে ‘ফল’ আৰু ‘লৃগাং’ মানে হৈছে ‘সিঁচা’।২৩ এই সময়তে, আহুধানৰ বীজ সিঁচাৰ শুভাৰম্ভণিৰ আলি আই লৃগাঙত গুমৰাগ নচা হয়৷ এই নাচক মিছিংসকলে “গুমৰাগ পাক্চ চঃনাম’’ বুলি কয়৷ নৰাছিগা বিহু বা পঃৰাগ উৎসৱতো গুমৰাগ নাচ পৰিৱেশন কৰা হয়৷৪৫ এই উৎসৱত মিছিংসকলে শস্য সিঁচাৰ আৰম্ভণিৰ উলাহতে সকলোৱে মিলিজুলি সমূহীয়াকৈ ভোজ-ভাত খাই নৃত্য-গীত পৰিৱেশন কৰে৷ ঘৰৰ গৃহস্থই আগবেলা পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰে আৰু ডেকাসকলে সন্ধিয়া ঘৰে ঘৰে গৈ ৰঙালী বিহুৰ হুঁচৰিৰ দৰে পদূলিয়ে পদূলিয়ে গুমৰাগ চঃমেন নৃত্য-গীত পৰিৱেশন কৰে টকা-সিকা বা খাদ্যসম্ভাৰ লৈ গৃহস্থই সেৱা কৰে৷ গুমৰাগ নাচৰ দলে গৃহস্থক বছৰটোলৈ আশীৰ্বাদ দিয়ে৷৩

গীত-বাদ্য

গুমৰাগ নাচ ঐনিতমৰ সুৰৰ তালে তালে নচা হয়৷ গুমৰাগ নাচৰ ঐনিতমৰ উপৰি “লালে গীত’’ নামৰ এবিধ বৈশিষ্ট্যপূৰ্ণ ধৰ্মীয় গীতৰ প্ৰচলন আছিল৷ নতুন চামৰ মাজত এই গীতৰ প্ৰচলন কমি গৈছে৷৩ ইয়াৰ লগত সংগত কৰা বাদ্যসমূহ হ’ল, ঢোল, ম'হৰ শিঙৰ পেঁপা, গগনা, বৰকাঁহ, তাল আদি৷ জনবিশ্বাস প্ৰচলিত আছে যে, আলি আই লৃগাঙত গুমৰাগ নানাচিলে আৰু বৰকাঁহ নবজালে বৰষুণ নহয় আৰু শস্যৰ বীজ নগজে৷৪ সেয়ে, মিছিং ডেকা-গাভৰুৱে পথাৰত জাবৰ পুৰি, দলি-চপৰা ভাঙি, কোৰেৰে মাটি চহাই ঐনিতম গাই যায় আৰু গুমৰাগ নাচি আহুধানৰ বাবে ধৰালৈ বৰষুণ নমাই আনে৷৬ এই নৃত্যত পুৰণিকলীয়া লীনং আৰু মাৰাবাং নামৰ বাদ্যও সংগত কৰা হয়৷৫৩ গুমৰাগ নাচৰ ঢোলৰ চেওঁ হ’ল “গুমৰাগ গুমৰাগ, কাদু কাদু গুমৰাগ৷ আলি আই গুমৰাগ, কাদু কাদু গুমৰাগ’’৷৩

সাজ-পাৰ

নাচত ডেকা-গাভৰু উভয়ে অংশগ্ৰহণ কৰাৰ উপৰি সকলো বয়সৰ লোকে নৃত্যস্থলীত সমবেত হয়৷ গুমৰাগ নাচত মিছিং ডেকাসকলে পুৰুষৰ জাতীয় সাজ মিবু গালোগ্৪ আৰু গনৰ, উগন দুমেৰ১ নামৰ জাতীয় সাজ পিন্ধে আৰু গাভৰুসকলে মহিলাৰ মিছিং জাতীয় সাজ ৰিঃবি গাচেং, গাপা গাঃৰে আদি পৰিধান কৰে৷৪

নৃত্য ভংগী

গুমৰাগ নাচ যিহেতু ঘাইকৈ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙত পৰিৱেশন কৰা হয়, সেয়ে এই নৃত্যৰ ভংগীমায়ো কৃষিৰ বিভিন্ন কৰ্মক প্ৰকট কৰে৷ নাচৰ ভংগীত মাটি চহ কৰা, কঠিয়া তোলা, ভূঁই ৰোৱা, তাঁত বোৱা, ধান কটা, শস্য পথাৰত হালি-জালি থকা, কুলাৰে ধান জৰা আদি কথা বৰ্ণিত হয়৷৪ এনে ধৰণৰ মুদ্ৰাক মিছিং ভাষাত “দাকেঃ-কেঃনাক’’ বুলি কোৱা হয়৷৫ গাঁৱৰ কোনো মুখীয়াল মানুহ এঘৰত গুমৰাগ নাচৰ আৰম্ভণি কৰা হয় আৰু তাৰ পাছত ঘৰে ঘৰে পৰিৱেশন কৰে৷ এই নৃত্যত গীততকৈ নাচৰ প্ৰাধান্য বেছি৷ ডেকা-গাভৰু আটায়ে শাৰী শাৰীকৈ বৃত্তাকাৰে থিয় দি নাচে৷ কোৱা হয় যে, লৃগাঙত নচা নৃত্য গীতৰ সৈতে সংগত কৰা গীত আৰু ঢোলৰ চেওঁ তেওঁলোকে আন উৎসৱ পাৰ্বনত ব্যৱহাৰ নকৰে৷ গুমৰাগ নাচ উৰ্বৰতা বৃদ্ধি আৰু ঐন্দ্ৰজালিক ক্ৰিয়াৰে সমৃদ্ধ৷৭

তথ্যসূত্ৰ

  1. ↑ আলি আই লৃগাং
  2. ↑ আলি আই লৃগাং আৰু গুমৰাগ
  3. ↑ পেগু, গণেশ. (১৯৯৬). ৰহণীয়া মিচিং সমাজ আৰু ভাষা সংস্কৃতিৰ গতিবিধি. পৃ. ৩১
  4. ↑ গুমৰাগ নৃত্য
  5. ↑ বিশ্ৰামমূলক নাচ
  6. ↑ পেগু, গণেশ. (১৯৯৬). ৰহণীয়া মিচিং সমাজ আৰু ভাষা সংস্কৃতিৰ গতিবিধি. পৃ. ২৯
  7. ↑ আলি আই লৃগাঙৰ তাৎপৰ্য

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্যঅসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুমৰাগ” প্ৰবন্ধৰ সংশোধন ৫১০৮৩১ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।