গৰিমা শইকীয়া গাৰ্গ (ইংৰাজী ভাষা: Garima Saikia Garg) হৈছে এগৰাকী প্ৰসিদ্ধ অসমীয়া কষ্টিউম ডিজাইনাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক১ তথা অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ পত্নী।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
গৰিমা শইকীয়া গাৰ্গৰ জন্ম অসমৰ গোলাঘাট জিলাত হৈছিল। তেওঁ গোলাঘাটৰ শান্তিপুৰৰ সুৰেন্দ্ৰনাথ শইকীয়া আৰু ৰুণুমী শইকীয়াৰ একমাত্ৰ জীয়ৰী। তেওঁ উচ্চ শিক্ষাৰ বাবে প্ৰযুক্তিবিদ্যা শাখা বাছনি কৰি B.Tech (Civil Engineering) সম্পূৰ্ণ কৰিছিল।২ শিক্ষাজীৱনতে তেওঁ CPWD (Central Public Works Department)ত ইণ্টাৰ্ণশ্বিপ কৰিছিল আৰু একেদৰে লেখামেলা, সম্পাদনা আৰু ব্লগিঙত আগ্ৰহ প্ৰকাশ কৰিছিল।২ তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সম্পূৰ্ণ কৰে। ইয়াৰ লগতে তেওঁ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ টেবুল টেনিছ খেলুৱৈ।
দাম্পত্য জীৱন
গৰিমা শইকীয়াই ৪ ফেব্ৰুৱাৰী ২০০২ তাৰিখে জুবিন গাৰ্গৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩৪ তেওঁলোকৰ চিনাকি ফেন-মেইলৰ জৰিয়তে হৈছিল। এগৰাকী অনুৰাগী হিচাপে গৰিমাই প্ৰথমে জুবিনলৈ চিঠি পঠিয়াইছিল, এই ঘটনাই পৰৱৰ্তীকালে দুয়োজনৰে দাম্পত্য যাত্ৰাৰ সূচনা ঘটায়।
তেওঁলোকৰ দাম্পত্য জীৱন ব্যক্তিগত–শিল্পীসুলভ বন্ধনৰে ভৰ-পূৰ্ণ আছিল আৰু গৰিমাই জুবিনৰ সৃষ্টি, সংগীত আৰু চলচ্চিত্ৰ ব্যৱস্থাপনাত উল্লেখযোগ্য ভূমিকা লৈছিল।৫ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে ডিজাইন কৰা ভালেমান সাজ-পোছাক জুবিন গাৰ্গে পৰিধান কৰিছিল।৬ তেওঁ সহ-প্ৰযোজক হিচাপেও একাধিক ছবিত জুবিন গাৰ্গৰ সৈতে কাম কৰিছে।
পেচাগত জীৱন
গৰিমা শইকীয়া গাৰ্গ এগৰাকী সফল কষ্টিউম ডিজাইনাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক।
তেওঁৰ কাম কেইবাখনো উল্লেখযোগ্য অসমীয়া চলচ্চিত্ৰত দেখা যায়—
- মিছন চাইনা (২০১৭) — কষ্টিউম ডিজাইনৰ ভূমিকাত২
- কাঞ্চনজংঘা (২০১৯) — কষ্টিউম ডিজাইনৰ দায়িত্ব২
- চিকাৰ — কষ্টিউম ডিজাইনৰ দলত
প্ৰযোজক হিচাপেও তেওঁ কাৰ্যকৰীভাৱে সংযুক্ত হৈছিল। বিশেষকৈ, জুবিন গাৰ্গৰ অন্তিম চলচ্চিত্ৰ ৰৈ ৰৈ বিনালেত গৰিমাই প্ৰযোজক হিচাপে কাম কৰিছে।৫ তেওঁ চলচ্চিত্ৰখন ২০২৫ বৰ্ষৰ ৩১ অক্টোবৰ তাৰিখে দেশজুৰি মুক্তি দিয়াৰ কথা সদৰি কৰে।৭
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত
২০২৫ চন চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গৰ মৃত্যু ঘটে। এই সময়ত গৰিমাই শান্তিৰ আহ্বান জনাই জনসাধাৰণক উত্তেজনাৰপৰা বিৰত থাকিবলৈ অনুৰোধ জনায়।৮
তেওঁ তদন্ত প্ৰক্ৰিয়াত সহযোগিতা বজাই ৰাখি জুবিন গাৰ্গৰ অটোপচি প্ৰতিৱেদন তদন্তকাৰী সংস্থালৈ নিজেই জমা দি দায়িত্বশীলতা প্ৰকাশ কৰে।৯
জুবিনৰ জন্মদিন (১৮ নৱেম্বৰ ২০২৫) উপলক্ষ্যে গৰিমাই সামাজিক মাধ্যমত এগৰাকী আৱেগঘন বাৰ্তা প্ৰকাশ কৰি তেওঁলোকৰ স্মৃতি আৰু একাত্মতাৰ কথা উল্লিখিত কৰে।১০
প্ৰভাৱ
গৰিমা শইকীয়া গাৰ্গ অসমৰ চলচ্চিত্ৰ শিল্পৰ এগৰাকী উল্লেখযোগ্য মহিলা ব্যক্তিত্ব। তেওঁ আৰু জুবিন গাৰ্গ, দুয়োকে লৈ গঠিত শিল্পী দম্পতীক অসমীয়া সংস্কৃতিৰ আধুনিক যুগৰ অন্যতম প্ৰভাৱশালী দম্পতী হিচাপে গণ্য কৰা হয়।
বাহ্যিক সংযোগ
- assaminfo.com-ত গৰিমা শইকীয়া গাৰ্গ সম্পৰ্কে তথ্য।
- shekunj.com-ত গৰিমা শইকীয়া গাৰ্গ সম্পৰ্কে তথ্য।
তথ্যসূত্ৰ
- ↑ Garima Saikia Garg – Wife Of Legendary Assamese Singer Zubeen Garg. AssamInfo
- ↑ Who is Garima Saikia Garg? Meet acclaimed costume designer. The Times of India
- ↑ Desk, TOI Entertainment. (2025-09-19). Who is Garima Saikia Garg? Meet wife of late singer Zubeen Garg and acclaimed costume designer. The Times of India
- ↑ (18 November 2016). Assam: Zubeen Garg to celebrate his birthday by releasing music album of 'Mission China'!. The North East Today
- ↑ Garima Saikia Garg Biography. NorthGuwahati.com
- ↑ ঠাকুৰ, কপিল. (২০১১). পিতৃৰ দৃষ্টিত জুবিন. চন্দ্ৰ প্ৰকাশ. পৃ. ৫৭
- ↑ (25 September 2025). জুবিন গাৰ্গৰ চূড়ান্ত ছবি ৰয় ৰয় বিনালে মুক্তিৰ তাৰিখ নিশ্চিত কৰিছে কণ্ঠশিল্পীৰ পত্নী গৰিমা শইকীয়াই. The Economic Times
- ↑ Garima Saikia Garg appeals for peace. IndiaTodayNE
- ↑ Garima returns Zubeen’s autopsy report. The Assam Tribune
- ↑ On Zubeen’s birthday Garima posts emotional message. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰিমা শইকীয়া গাৰ্গ” প্ৰবন্ধৰ সংশোধন ৬০২৫৪৮ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।