গোৰেশ্বৰ বিধানসভা সমষ্টি (ইংৰাজী: Goreswar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত এই নতুন সমষ্টিটো গঠন কৰা হয়।১
এই সমষ্টিটো তামুলপুৰ জিলাৰ অন্তৰ্গত আৰু ই দৰং–ওদালগুৰি (লোকসভা সমষ্টি)ৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| বৰ্ষ | বিধায়ক | ৰাজনৈতিক দল |
|---|---|---|
| ২০২৬ | ভিক্টৰ কুমাৰ দাস | ভাৰতীয় জনতা পাৰ্টী |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত গোৰেশ্বৰ সমষ্টিত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে বিজয় সাব্যস্ত কৰে।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৰেশ্বৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৬৩ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।