গোকুল পাঠক অসমৰ বৰপেটাৰ এগৰাকী প্ৰখ্যাত লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক। তেখেত একেৰাহে গায়ক, বাদক, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, কবি, ইতিহাস প্ৰণেতা, সুবক্তা আৰু প্ৰকৃত সমাজসেৱক আছিল।১ তেখেতক ২০০১ চনত অসম চৰকাৰে বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯২৬ চনৰ ১৪ অক্টোবৰত সৰভোগ-বৰনগৰৰ আমগুৰি-সাপনা নামৰ গাওঁত গোকুল পাঠকৰ জন্ম হয়৷ তেওঁৰ দেউতাক আছিল লোকশিল্পী গহীন চন্দ্ৰ পাঠক আৰু মাতৃ পদ্মাৱতী পাঠক৷ দেউতাকৰ পৰাই গোকুল পাঠকে শৈশৱতে বিভিন্ন লোকবাদ্য যেনে খোমক, একতাৰা, খোল, খঞ্জৰি, দোতাৰা আদিৰ লগতে লোকগীতৰো প্ৰশিক্ষণ লাভ কৰে৷
তেওঁ কেতেকীবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে৷ বৰনগৰ জুৰোৰাম পাঠক হাইস্কুলৰ পৰা ১৯৪৭ চনত গোকুল পাঠকে প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ তাৰপিছত তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজ আৰু বৰপেটাৰ মাধৱ চৌধুৰী কলেজত কলেজীয়া শিক্ষা লাভ কৰে৷২
সাংসাৰিক জীৱন
১৯৫০ চনত শিক্ষয়ত্ৰী দেৱবালা পাঠকৰ সৈতে তেখেত বিবাহপাশত আৱদ্ধ হয় যদিও ১৯৫৪ চনত পত্নীবিয়োগ ঘটে। তেখেতৰ দুটি সন্তান।১
কৰ্মজীৱন
১৯৪১-১৯৪৭ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত গোকুল পাঠকে মুক্তি আন্দোলনক লৈ ৰচিত তেওঁৰ প্ৰথমখন গানৰ সংকলন 'মুক্তি অভিযান' প্ৰকাশ কৰে৷ পৰৱৰ্ত্তী কালত তেওঁ 'কৃষকৰ জয়গান', 'অবিচাৰ' আদি গ্ৰন্থ ৰচনা কৰে৷ কলেজত অধ্যয়ন কৰি থকা কালত তেওঁ কমিউনিষ্ট দলত সক্ৰিয়ভাৱে অংশ ল'বলৈ আৰম্ভ কৰে৷ ফলত পুলিচৰ হেঁচাত তেওঁ বৰপেটালৈ আহি শিক্ষা গ্ৰহণ কৰিব লগা হয়৷
তেওঁ পোন্ধৰ বছৰ কাল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে লোকগীত পৰিবেশন কৰে৷
অৱদান
গোকুল পাঠকে 'আমাৰ দেশ' নামৰ এখন বাতৰি কাকত উলিয়াইছিল আৰু ১৯৬৮ চনৰপৰা ১৯৯০ চনলৈ কাকতখন তেখেতে নিজে সম্পাদনা কৰিছিল। তেখেতে 'ৰূপান্তৰ' নামৰ এখন আলোচনীৰো সম্পাদক আছিল। এই আলোচনীখন তেখেতে ১৯৬১ চনৰপৰা ১৯৬৮ চনলৈ চলাই আছিল।১
গ্ৰন্থ
- লেৰেলা ফুলৰ সৌৰভ বিচাৰি (গীতৰ সংকলন)
- মুক্তি অভিযান (গীতৰ সংকলন)
- কৃষকৰ জয়গান
- অবিচাৰ
- বৰপেটা সত্ৰৰ ইতিহাস
- হাদিৰাই চকুলো টোকে
- এই বিপ্লৱ কিয়
- জীয়া নৈৰ পাৰ
- নল দময়ন্তী
- ধৰ্ম শ্ৰেষ্ঠ কৃষ্ণ ভকতি
- ৰাইজৰ মেল
- তথাপিতো হোৱা নাই ক্লান্ত
- বসন্ত বাহাৰ
- সুৰ মঞ্জৰী
- গাই যাওঁ মুকুতিৰ জয়গান
- টঙালি বান্ধিবৰ হ'ল
- সীতা কবৰত ফুলক অগ্নিফুল
- ৰঙে ৰঙে একতাৰ
- বাস্তু প্ৰকাশ
- সতী ৰাধিকা
- অৰুণালৈ বিয়াৰ বজাৰৰ চিঠি
- পোহৰৰ বাটেদি
- খেতিয়ক
- লুইতপৰীয়া বিষ্ণু ৰাভা
- অসম অসমীয়াৰ
- নৱ জাগৰণ
- শিঙৰী ঘৰৰ শিঙা
- ভুৰুকাত মহাভাৰত
বঁটা আৰু সন্মান
- বিষ্ণু ৰাভা বঁটা (২০০১)
- অনন্তৰাম দাস বঁটা
- হাউলী বঁটা
- বৰপেটা বঁটা
- বৰপেটা ৰত্ন
- শিল্পী পেন্সন (১৯৮৯)
- সাহিত্যিক পেন্সন (২০০৯)
মৃত্যু
২০২০ চনৰ ১০ মে' তাৰিখে বৰপেটা জিলাৰ ব্যক্তিগত চিকিৎসালয় 'অংকুৰম'ত ৯৫ বছৰ বয়সত বাৰ্দ্ধক্যজনিত কাৰণত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।১
তথ্যসূত্ৰ
- ↑ (১১ মে' ২০২০). লোক সংস্কৃতিৰ বিশিষ্ট সাধক, সংগীত শিৰোমণি গোকুল পাঠকৰ দেহাৱসান. পৃ. ১,১৩ পৃষ্ঠা
- ↑ (২২ ডিচেম্বৰ, ২০১৩). অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোকুল পাঠক” প্ৰবন্ধৰ সংশোধন ৩৮৪৯৯৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।