গোপীকাবল্লভ গোস্বামী মহাপুৰুষ শংকৰদেৱৰ এজন অনুগামী। একশৰণ নাম ধৰ্মত প্ৰৱেশ কৰা নানা বিসঙ্গতি লক্ষ্য কৰি শংকৰদেৱৰ ধৰ্মীয় দৰ্শনক শুদ্ধ ৰূপত প্ৰতিষ্ঠিত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা এজন ব্যক্তি পণ্ডিত শিৰোমণি গোপীকাবল্লভ গোস্বামী। ১
জন্ম পৰিচয় আৰু শিক্ষা
গোপীকাবল্লভ গোস্বামীৰ জন্ম হয় ১৮৭৬ চনত। তেখেতৰ পিতৃ হৈছে গোলাঘাটৰ দিছিৰী গঞা সত্ৰৰ দশমজন সত্ৰাধিকাৰ হেড়েম্বশ্বৰ দেৱগোস্বামী।১ গোপীকাবল্লভ গোস্বামীয়ে গোলাঘাটৰ বেজৰবৰুৱা স্কুলৰ পৰা দ্বিতীয় স্থানসহ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৯৫ চনত উচ্চ শিক্ষা লোৱাৰ মানসেৰে কোচ বিহাৰ ৰাজ্য ভিক্টোৰিয়া কলেজত নামভৰ্তি কৰে। পৰবৰ্তী কালত তেওঁ আইন বিষয়ত অধ্যয়ন কৰিছিল যদিও নানান কাৰণত সেইয়া অসমাপ্ত হৈ ৰয় আৰু এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰে। ১
কৰ্মজীৱন
গোস্বামীয়ে নিজে অধ্যয়ন কৰা গোলাঘাট বেজবৰুৱা স্কুল আৰু নগাঁওৰ শিলঘাট মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকবৃত্তিত নিয়োজিত হৈ কৰ্মজীৱন আৰম্ভ কৰে। সেই সময়তে আইনৰ পাঠ্যক্ৰমো সমাপ্ত কৰাৰ লগতে অতি কম দিনৰ ভিতৰত উকীলৰূপে সমাজত পৰিচয় দাঙি ধৰে। ১
সংস্কাৰমুখী আন্দোলনত গোস্বামী
মহাপুৰুষীয়া ধৰ্মত প্ৰবেশ ঘটা বিসংগতি দূৰ কৰিবলৈ গঢ়ি তোলা সংস্কাৰমুখী আন্দোলনত হলধৰ ভূঞা আৰু ৰমাকান্ত মুক্তিয়াৰ আতাৰ সংগী আছিল গোপীকাবল্লভ গোস্বামী। ১ ৰায়চাহাব ঘনশ্যাম বৰুৱা নামৰ মহাপুৰুষীয়া ধৰ্মমতৰ এজন অনুৰাগীৰ প্ৰভাৱত গোপীকাবল্লভ গোস্বামীৰ মনলৈ আহিছিল সংস্কাৰমুখী আন্দোলনৰ দৃষ্টিভঙ্গী আৰু চিন্তা-চৰ্চা। গোপীকাবল্লভ গোস্বামীয়ে সমাজক সংস্কাৰমুখী কৰিবলৈ স্বগৃহত প্ৰায় বাৰ তেৰ বছৰ ধৰি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল। তেনে সময়তে ঘনশ্যাম বৰুৱাৰ অনুপ্ৰেৰণা লাভ কৰে আৰু মহাপুৰুষীয়া ধৰ্মক শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাত ব্ৰতী হয়।১
গোপীকাবল্লভ গোস্বামীয়ে অসমৰ সমাজ জীৱনত শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম-দৰ্শনৰ অৱক্ষয় আৰু বিকৃত ৰূপ প্ৰত্যক্ষ কৰি এনেদৰে কৈছিল-"মহাপুৰুষৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত তাৰাৰ প্ৰচাৰিত পবিত্ৰ ধৰ্মৰ মাজত অসংখ্য সম্প্ৰদায় সৃষ্টি হ'ল। ইয়াৰ ফলত ঈৰ্ষা, ঘৃণা, বিদ্বেষ আৰু অভিমান আদিৰ উৎপত্তি হৈ প্ৰজাৰ ভিতৰত নানা প্ৰকাৰৰ অশান্তিৰ উদ্ভৱ হ'ল, নিৰ্মল পবিত্ৰ ধৰ্মৰ ঘোৰ লৰচৰ হ'ল। যি সমাজৰ এনেকুৱা অৱস্থা, সেই সমাজৰ অধঃপতন নোহোৱাকৈ পাৰে কেনেকৈ?"১
মৃত্যু
১৯৪৮ চনৰ ১৯ জুনত গোপীকাবল্লভ গোস্বামীৰ দেহাৱসান হয়। ১
অন্যান্য ব্যক্তিৰ উক্তি
অসমৰ বুৰঞ্জীবিদ, কবি হিতেশ্বৰ বৰবৰুৱাই তেওঁৰ ৰচিত বুৰঞ্জী আহোমৰ দিনত গোপীকাবল্লভ গোস্বামীৰ সম্পৰ্কে লিখিছে-"গোলাঘাটৰ নামজ্বলা উকীল, পণ্ডিত শ্ৰীযুত গোপীকা বল্লভ গোস্বামী দিছিৰা গঞা সত্ৰৰ কৃষ্ণমিশ্ৰ বংশৰেই পদুমফুল।" ১
তথ্যসূত্ৰ
- ↑ ড॰ প্ৰদীপ হাজৰিকা. (২০১২, ফেব্ৰুৱাৰী). শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ইতিহাস. পৃ. ২৬৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোপীকাবল্লভ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৬৯৮৪০ (২৫ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।