গৰখীয়া সবাহ প্ৰধানকৈ উজনি অসমত প্ৰচলিত এটা অনুষ্ঠান। এই অনুষ্ঠান ভগৱান কৃষ্ণক সন্তুষ্ট কৰিবলৈ কৰা হয়। অসমৰ বিভিন্ন ঠাইত এই উৎসৱ ৰাজহুৱাভাৱে পালন কৰা হয়।১২৩
পালন
এই উৎসৱত গাঁৱৰ মানুহে গৰখীয়াসকলক নিজ ঘৰলৈ নিমন্ত্ৰন কৰে আৰু সভক্তিৰে নানাবিধ খাদ্যসম্ভাৰেৰে আপ্যায়িত কৰে। ইয়াৰ ভিতৰত প্ৰধান হ’ল চাউলগুৰি, কল, গুড় আদিৰে তৈয়াৰী ঘোল বা মোহনভোগ। হিন্দু ধৰ্মমতে গৰুক ভগৱানৰূপে জ্ঞান কৰা হয় আৰু যিহেতু গৰু ভগৱান কৃষ্ণৰ লগত সততে থাকে, গতিকে গৰখীয়াসকলক আপ্যায়িত কৰা মানেই ভগৱান কৃষ্ণকো আপ্যায়িত কৰা হয় বুলি মানুহে বিশ্বাস কৰে। অসমৰ বিভিন্ন অঞ্চলত এই উৎসৱ পালন কৰাৰ ধৰণ কিছু বেলেগ হোৱা দেখা যায়। সাধাৰণতে বাৰজন গৰখীয়াক নিমন্ত্ৰণ কৰা হয়। আপ্যায়নৰ পিছত তেওঁলোকৰ প্ৰতিজনকে এডালকৈ সৰু লাঠি, এখনকৈ কটাৰী, নতুন কাপোৰ আৰ একোটাকৈ সিকি উপহাৰ দিয়াটো এক প্ৰকাৰৰ নিয়ম। ৪
কাৰণ
- নিঃসন্তান দম্পতীয়ে পুত্ৰ সন্তান কামনাৰ্থে গৰখীয়া সেৱাৰ আয়োজন কৰে।
- গো-জাতিৰ শ্ৰীবৃদ্ধিৰ কামনাত কোনোৱে গোপাল পূজা আগবঢ়ায়।
- সৰু ল'ৰাৰ অসুখ-বিসুখ হলে বা বয়স অনুযায়ী বাঢ়িব নোৱাৰিলে ল’ৰাৰ আৰোগ্য কামনাৰে অথবা গৰু-গাই হেৰাই পোৱাৰ পাছত বহুতে গৰখীয়া সেৱা পাতে।
- এজন প্ৰখ্যাত জ্যোতিষীৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি ড° ভৃগুমোহন গোস্বামীয়ে লিখিছে যে, শনিৰ কোপ দৃষ্টিৰ পৰা হাত সাৰিবলৈ মানুহে গৰখীয়া সেৱা পাতে।
পৰম্পৰা
অঞ্চলভেদে গৰখীয়া সবাহৰ পৰম্পৰাৰ মাজত সাদৃশ্য বৈসাদৃশ্য পৰিলক্ষিত হয়। এই সবাহ নিজা ঘৰত অথবা ৰাজহুৱাকৈ আয়োজন কৰা হয়। এই সকামত পোন প্ৰথমে কেইজনক নিজ গৃহলৈ আমন্ত্ৰণ কৰা হয়, তেওঁলোকক ঘৰৰ চোতালখন হাৰি-মচি ঢাৰি পাৰি ধূপ-চাকি জ্বলাই তাত বহিবলৈ দিয়া হয়। তাৰ পাছত সেৱা জনাই খাবলৈ দিয়া হয়। শেষত তেওঁলোকক পুনৰ সা-সন্মানেৰে সেৱা জনাই বিদায় দিয়া হয়।
গৰখীয়া সকলক আপ্যায়ন কৰোঁতে কোনো কোনোৱে ভীম কল, পিঠাগুৰ, গাখীৰ, গুৰেৰে আপ্যায়ন কৰে। আকৌ কেনোৱে লাড়ু, পিঠা, পায়সেৰে আপ্যায়ন কৰে। যদিহে সবাহখন ৰাজহুৱাকৈ আয়োজন কৰে তেতিয়া গোটেই সমাজখন একগোট হৈ ৰাজহুৱাকৈ খোৱা-লোৱাৰ ব্যৱস্থা কৰি গৰখীয়াক আপ্যায়িত কৰি ৰাইজে খাদ্য গ্ৰহণ কৰে। কামৰূপ জিলাৰ বৰকুৰিহা সৰুবুঢ়া আতা সচঙত প্ৰতিবছৰে পৰম্পৰাগতভাবে এই সবাহৰ আয়োজন কৰে। কামৰূপৰ ডিমৰীয়া অঞ্চলত যেতিয়া ৰাজহুৱাকৈ ইয়াক আয়োজন কৰে, তেতিয়া সবাহৰ আগদিনা গাঁৱৰ পুৰুষ- স্ত্ৰীয়ে উপবাসে থাকি সবাহৰ দিনা সকলোৱে মিলি নাম লয় আৰু খেতিৰ মংগল কামনা কৰে। ভোগৰ বাবে লাড়ু- পিঠা, পায়স-পৰমান আয়োজন কৰে। অঞ্চল ভেদে অথবা জাতিভেদে বেলেগ বেলেগ সময়ত এই সবাহৰ আয়োজন কৰা হয়। কোনোৱে কাতি, কোনোৱে মাঘ আকৌ কোনোৱে বহাগ মাহত।
লোক-বিশ্বাস
- গৰখীয়া সবাহত গৰখীয়াক সন্তুষ্ট কৰিব নোৱাৰিলে গৃহস্থৰ অপায়- অমংগল হব বুলি বিশ্বাস কৰে।
- গাঁৱৰ নিৰক্ষৰ লোকসকলৰ কোনো নিঃসন্তান হ’লে গৰখীয়া সবাহ পাতি গৰখীয়াক খুৱাই সন্তুষ্ট কৰি কাপোৰ আৰু এডাল এচাৰি দান কৰিলে সন্তানসম্ভৱা হয় বুলি বিশ্বাস কৰে।
- এই সবাহ পাতিলে গৰু-গাইৰ বেমাৰ-আজাৰ নহয় আৰু লগতে খেতি ভাল হয় বুলি জনবিশ্বাসৰ প্ৰচলন আছে।
- কোনো ল’ৰা-ছোৱালী যদি খোজ কাঢ়িব নোৱাৰে, বিভিন্ন বেমাৰ-আজাৰ হৈ থাকে বা কথা ক’ব নোৱাৰা হয় সেয়া গৰখীয়া লেথাত পৰা বুলি বিশ্বাস কৰি গৰখীয়া সবাহৰ আয়োজন কৰে। গৰখীয়াহঁতক সন্তুষ্ট কৰিলে এই দুখবোৰ দূৰ হয় বুলি বিশ্বাস কৰে।
- শনিগ্ৰহৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ গৰখীয়া সবাহ পাতে।
সহায়ক গ্ৰন্থপঞ্জী
- অসমীয়া লোক-সংস্কৃতিৰ আভাস- ড০ নবীনচন্দ্ৰ শৰ্মা,(পৃ-২৬৩)
- অসমৰ সংস্কৃতি-কোষ, মুখ্য সম্পাদনা- ড০ নাৰায়ণ দাস, সম্পা- পৰমানন্দ ৰাজবংশী,(পৃ- ১৭৪)
তথ্যসূত্ৰ
- ↑ গাঁৰখিয়া সভা মহোৎসৱ আৰম্ভ তামুলপুৰত, শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ ঠান সত্ৰত অনুষ্ঠিত অনুষ্ঠান. Asomiya Pratidin
- ↑ গাঁৰখিয়া সভা ভোগ অনুষ্ঠিত গালাকিত. Dainandin Barta
- ↑ গাঁৰখিয়া সভা মহোৎসৱত নানা অনুষ্ঠান. Public App
- ↑ এনাজৰী ডট কম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰখীয়া সবাহ” প্ৰবন্ধৰ সংশোধন ৫১৭৪৮৬ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।