ফা-চু গোম-চেঙ বা গোমচেঙৰ চোলা (Gumsheng) হ'ল চাওফা বা আহোম স্বৰ্গদেউসকলে পৰিধান কৰা এবিধ পৰম্পৰাগত চোলা। গোমচেং হৈছে দেখাত সাপৰ নিচিনা ফুল থকা আৰু মিহি, এবিধ চীন দেশীয় পাট-কাপোৰ বা সূতা।১ ৰজাকে ধৰি উচ্চপদস্থ ৰাজবিষয়াসকলে মেজাংকৰি, কিংখাপ আৰু গোমচেঙৰ সূতাৰে তৈয়াৰী আৰু সোণালী সূতাৰে বুটা বছা চোলা পৰিধান কৰিছিল। এই গোমচেঙৰ চোলা কঁকাললৈকে পৰা আৰু তলফালে সামান্য বহল। আধুনিক কালৰ ইউৰোপীয় শৈলীৰ ছাৰ্টৰ দৰে এই চোলাৰ সন্মুখৰ ফালে ফলা অংশকেইটা সমান আৰু বুটাম লগোৱা নাছিল। ইয়াৰ সলনি এটা মূৰ পথালিকৈ বাঁওফালে টানি নি বাঁও কাষলতিৰ তলত লগাই ৰখাৰ ব্যৱস্থা আছিল। আহোমসকল পাটকাই পৰ্বত পাৰ হৈ অসমলৈ (সেই সময়ৰ সৌমাৰপীঠ) আহোঁতে চ্যু-কা-ফাই পিন্ধা চোলাত ড্ৰেগনৰ ছবি অংকিত আছিল। কালক্ৰমত এই ড্ৰেগনৰ ৰূপ সলনি হৈ আহোমসকলৰ ৰাজকীয় প্ৰতীক ড্ৰেগনসদৃশ উৰণীয়া সিংহ ঙি ঙাও খামৰ আকৃতি লাভ কৰে। সাধাৰণ লোকসকলে ঙি-ঙাও-খামক আহোমসকলৰ ঘাই দেৱতা চুম-ছেং (চুম-ফা-ৰুঙ-ছেঙ-মুং বা চোমদেও-ছেংদেও) বুলি গণ্য কৰিছিল। কালক্ৰমত অনা-আহোমসকলৰ মুখ বাগৰি চুম-ছেঙ শব্দটোৱেই গোম-ছেং বা গোমচেং হ'ল বুলিও মতবাদ আছে।২ আন এক মতবাদ অনুসৰি গোম অৰ্থাৎ সাপৰ দৰে পখৰা পাট সূতাৰে তৈয়াৰী হোৱাৰ বাবে এই চোলাক গোমচেঙৰ চোলা বোলা হয়। বেঙেনাআটী সত্ৰৰ যাদুঘৰত স্বৰ্গদেউ গদাধৰ সিংহৰ চোলা সংৰক্ষিত হৈ আছে। চোলাটোত সোণপানী চৰোৱা সূতাৰে ড্ৰেগনৰ ছবি গুণা কৰা আছে।
বিৱৰণ
২২১ খ্ৰীষ্টপূৰ্বৰ আগলৈকে আহোমৰ পূৰ্ব পুৰুষৰ বংশধৰ বুলি পৰিগণিত আৰু ছুং-কুৱ (বৰ্তমানৰ চীনদেশ) শাসন কৰা টাই সম্প্ৰদায়সমূহৰ মাজত প্ৰচলিত চিলাই কৰা পোচাক সম্পৰ্কে কনফুছিয়াছে বিৱৰণ দাঙি ধৰিছে। এই বিৱৰণ অনুসৰি অতীজৰ পৰা চোলাটোৰ নিৰ্দিষ্ট এক জোখ-মাপ আছিল। দেহৰ অংগ দেখা পোৱাকৈ ই চুটি নাছিল যদিও মাটিত চুঁচৰি যোৱাকৈ দীঘলো নাছিল। বাহিৰমুৱা হৈ থকা কাপোৰৰ টুকুৰাবোৰ লগ লগাই কাষতে চিলাই কৰি থোৱা হৈছিল। কঁকালত পৰা যোৰাটো বহলে তলত ওলমি থকা ঘেৰটোৰ আধা আছিল। চোলাটোৰ লগত হাত দুখন কাষলতিৰ তলত কিলাকুটি দুটা মুকলিমুৰীয়াকৈ লৰচৰ কৰি থাকিব পৰাকৈ যোৰা দিয়া হৈছিল। হাতৰ ওলমি থকা অংশটো উজাই নি কিলাকুটিৰ ওচৰত চিলাই কৰি থুপ খুৱাই দিয়া হৈছিল। ঘূৰণীয়া হাতখনৰ মাজেদি খ্ৰুপ্-তাং বা নমস্কাৰ কৰিবৰ বাবে হাতখন নিয়াৰিকৈ উলিয়াই ল'ব পৰাকৈ চোলাটো চিলোৱা হৈছিল। ইয়াৰ কলাৰটো আছিল ঘূৰণীয়া।২
সাহিত্যত উল্লেখ
পুৰণি বিহুগীত আৰু জনা গাভৰুৰ গীতত স্বৰ্গদেৱে পিন্ধা গোমচেঙৰ চোলাৰ বিষয়ে উল্লেখ পোৱা যায়। এই বিহুগীতৰ প্ৰসংগত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 'মিৰি জীয়ৰী' নামৰ উপন্যাসত লেখকে টোকাত লিখিছে যে "অসমত গোমচেঙ্ নামৰ এবিধ বৰ উৎকৃষ্ট কাপোৰ আছিল।" ৩ কছাৰী ৰজা নৰনাৰায়ণে আহোম ৰজা চুখামফালৈ অন্যান্য সামগ্ৰীৰ লগতে গোমচেঙৰ কাপোৰ উপহাৰ হিচাপে প্ৰেৰণ কৰাৰ কথা বুৰঞ্জীত উল্লেখ পোৱা যায়।৪
বিহুগীতত আছে যে-
স্বৰ্গদেৱ ওলালেবাটচ'ৰাৰ মুখলৈ
দুলীয়াই পাতিলে দোলা,
কাণত জিলিকিলেমকৰে কুণ্ডলে
গাত গোমচেঙৰ চোলা।৫
জনা গাভৰুৰ গীতত উল্লেখ আছে-
জোকাৰি পিন্ধিলেগোমচেঙৰ চোলাটি
মাজত বাখৰামি কৰা,
কঁকালত মাৰিলেজৰদৰ টঙালি
দেখিলে জিলমিল কৰা।৫
তথ্যসূত্ৰ
- ↑ গোমচেং. xobdo.org
- ↑ আহোম পৰিধাৰণ বুৰঞ্জী. বিকাশপেডিয়া
- ↑ ৰজনীকান্ত বৰদলৈ. মিৰি জীয়ৰী. অসমীয়া ৱিকিউৎস
- ↑ D. Nath. (1989). History of the Koch Kingdom, C. 1515-1615. Mittal Publications. পৃ. 52-53. ISBN 81-7099-109-9
- ↑ লীলা গগৈ. অসমীয়া গীতি-সাহিত্যত বুৰঞ্জীৰ সাঁচ. অসম সাহিত্য সভা. পৃ. ১৫-১৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোমচেঙৰ চোলা” প্ৰবন্ধৰ সংশোধন ৩৬৮০২৮ (৫ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।