অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
কুৰুৱা
কুৰুৱা (Pallas's Fish Eagle, বৈজ্ঞানিক নাম-Haliaeetus leucoryphus)), এবিধ ডাঙৰ আকাৰৰ শেন চৰাই৷ ইয়াৰ দেহ মটীয়া বৰণৰ৷ শৰাইঘাট অভিধানত কুৰুৱা-ক osprey (Pandion haliaetus) বুলি উল্লেখ কৰিছে ।
-
কৃষ্ণনাথ শৰ্মা
কৃষ্ণনাথ শৰ্মা (Krishna Nath Sharma) অসমৰ যোৰহাট জিলাৰ এগৰাকী গান্ধীবাদী নেতা, সমাজ-সংস্কাৰক আৰু স্বাধীনতা সেনানী। পেচাত তেওঁ আছিল এগৰাকী অধিবক্তা। যোৰহাটৰ এটি ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা শৰ্মা ১৯২৬ চনত অসমত অনুষ্ঠিত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ৰ পাণ্ডু মহাসভাৰ মূল আয়োজক আছিল।
-
কৃষ্ণাই নদী
কৃষ্ণাই নদী হৈছে ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী। কৃষ্ণাই নদী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত উৎপন্ন হৈছে। কৃষ্ণাই নদী গোৱালপাৰা জিলাৰ মাটিয়াত দুধনৈ নদীৰ সৈতে মিলিত হয় আৰু তাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সঙ্গম ৰখাৰ আগতে মৰনৈ নদী হিচাপে নাম লৈছে।
-
কৃষ্ণানন্দ ব্ৰহ্মচাৰী
কৃষ্ণানন্দ ব্ৰহ্মচাৰী (Krishnananda Brahmachari, ১৮৯৬–১৯৯১) অসমৰ এগৰাকী সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু আছিল।
-
কেচেৰু গছ
কেচেৰু (বৈজ্ঞানিক নাম: Heteropanax fragrans) Araliaceae পৰিয়ালৰ এবিধ চিৰসেউজ উদ্ভিদ। বৃক্ষজাতীয় এই উদ্ভিদজোপাৰ পাত এৰী পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে। মিজো ভাষাত ইয়াক চাংখেন নামেৰে জনা যায়। এই গছবিধ চীন, ভূটান, ভাৰত, ইণ্ডোনেছিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।
-
কেতেকেশ্বৰ দেৱালয়
তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়।
-
কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ
কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কোকৰাঝাৰ (Central Institute of Technology Kokrajhar) কোকৰাঝাৰ জিলাত অৱস্থিত। এই ৰাজহুৱা অভিযান্ত্ৰিক প্ৰতিষ্ঠানখন ২০০৬ চনত ভাৰত চৰকাৰে স্থাপন কৰে। ই উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত।
-
কৈহাটী
কৈহাটী (Koihati) ভাৰতৰ অসম ৰাজ্যৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। গাঁওখনৰ এটা অংশক সৰু কৈহাটী (স্থানীয় ভাষাত 'সৰ কৈহাটী') আৰু আনটো অংশক বৰ কৈহাটী বোলা হয়।
-
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়(Kokrajhar Govt. College); (তেতিয়াৰ কোকৰাঝাৰ মহাবিদ্যালয়) ১৯৫৯ চনত কোকৰাঝাৰ চহৰখনৰ মাজমজিয়াত কলেজ স্থাপিত কৰা হৈছিল। আৰ্থ-সামাজিকভাৱে পিছপৰা জনজাতীয় লোকসকলৰ লগতে অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীসমূহকো উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কলেজখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
-
কোকৰাঝাৰ বিধানসভা সমষ্টি
কোকৰাঝাৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ভাৰতীয় নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। এই সমষ্টিটো অনুসূচিত জনজাতি ৰ বাবে সংৰক্ষিত।
-
কোচ জনগোষ্ঠী
কোচ জনগোষ্ঠী (ইংৰাজী: Koch people) বা কোচসকল ভাৰতৰ অসম আৰু মেঘালয় আৰু উত্তৰ বাংলাদেশৰ এটা সীমান্তত বাস কৰা এটা সৰু জনগোষ্ঠী। এই জাতিৰ কিছুলোকে বড়ো-গাৰো ভাষা পৰিয়ালাৰ কোচ ভাষা ব্যৱহাৰ কৰে, আনহাতে আন কিছুমানে স্থানীয় প্ৰজাতিৰ ভাৰত-আৰ্য্য ভাষা ব্যৱহাৰ কৰে। ই ভাৰতৰ মেঘালয়ৰ এটা অনুসূচিত জনজাতি।
-
কোষকান্ত দেৱগোস্বামী
কোষকান্ত দেৱগোস্বামী অসমৰ মাজুলীৰ পৰম্পৰাগত মুখাশিল্পৰ এগৰাকী যশস্বী শিল্পী তথা চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ২০১৩ চনত দেৱগোস্বামী প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়।
-
ক্ষ
ক্ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ অন্তৰ্ভুক্ত আখৰ যদিও ই স্বতন্ত্ৰ বৰ্ণ নহয়। ই এটা যুক্ত বৰ্ণ হে। ক আৰু ষ বৰ্ণ সংযুক্ত হৈ (ক্ + ষ) ক্ষ হয়। ইয়াৰ উচ্চাৰণ খিয়ো। শব্দটোত ক’ত ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ণটোৰ উচ্চাৰণ বেলেগ বেলেগ হয়। ই এক অস্পষ্ট ব্যঞ্জনবৰ্ণ।
-
কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি
কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি (ইংৰাজী: Karimganj North Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি
কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি (ইংৰাজী: Karimganj South Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
কৰুণা কান্ত কলিতা
কৰুণা কান্ত কলিতা (Korunakanta Kalita)অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত, ১৯৪৩ বৰ্ষৰ ১ মাৰ্চত। পিতৃৰ নাম নন্দিৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা।
-
ক’লা নুনী
ক’লা নুনী ( black mulberry, বৈজ্ঞানিক নাম: Morus nigra) Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ এচিয়া আৰু আইবেৰিয়ান উপদ্বীপৰ থলুৱা উদ্ভিদ। এই দুই স্থানত ইমানেই প্ৰাচীন কালৰ পৰা ক’লা নুনীৰ খেতি কৰা হয় যে ইয়াৰ সঠিক প্ৰাকৃতিক সময় নিৰূপণ কৰাটো কঠিন।
-
ক’লাই কোছ
ক’লাই কোছ ( Kolai Koch) ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেওঁৰ ঘৰ নগাঁও জিলাৰ শেনচোৱাত৷ ক’লাই কোছৰ জন্ম হয় ১৯১৬ চনত৷ তেওঁৰ পিতাকৰ নাম মাণিক আৰু মাকৰ নাম বাতৈ৷ মাক-বাপেকৰ দুটি সন্তানৰ ভিতৰত ক’লাই কোছ ডাঙৰ আৰু ভায়েকৰ নাম ৰামেশ্বৰ৷ নিচেই কম বয়সতে পিতৃহাৰা হোৱা ক’লাই কোছে পঞ্চম মানলৈ পঢ়ি অধিক…
-
খগেন গগৈ
খগেন গগৈ (Khagen Gogoi) অসমৰ এগৰাকী কণ্ঠশিল্পী। বিহুগীত আৰু দেহবিচাৰৰ শিল্পী হিচাপে তেওঁক বিশেষভাৱে জনা যায়। কণ্ঠশিল্পীগৰাকীয়ে অবিভক্ত শিৱসাগৰ জিলাৰ (বৰ্তমানৰ চৰাইদেউ জিলা) সোণাৰিৰ সমীপৱৰ্তী লংপটীয়া গাঁৱত জন্মলাভ কৰে।
-
খাচী আৰু জয়ন্তীয়া পাহাৰ
খাচী আৰু জয়ন্তীয়া পাহাৰ পূৰ্বে মূলতঃ অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল। এই অঞ্চল বৰ্তমান ভাৰতীয় ৰাজ্য মেঘালয়ৰ (পূৰ্বৰ অসম) অন্তৰ্গত। পূব জয়ন্তীয়া পাৰ্বত্য জিলা, পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা, পূব খাচী পাৰ্বত্য জিলা আৰু পশ্চিম খাচী পাৰ্বত্য জিলাৰ বৰ্তমান ইয়াৰ অংশ।
-
খাচী জনগোষ্ঠী
খাচী জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম আৰু বাংলাদেশৰ এটা অষ্ট্ৰো-এছিয়াটিক জনগোষ্ঠী। পূব অংশত, বিশেষকৈ খাচী পাহাৰত, খাচীসকলে সংখ্যাগৰিষ্ঠ জনসংখ্যা গঠন কৰে, য 'ত তেওঁলোকে অঞ্চলটোৰ জনসংখ্যাৰ ৭৪.৩% জনসংখ্যা প্ৰতিনিধিত্ব কৰে।মেঘালয়ৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪৮% তেওঁলোকৰে গঠিত, যাৰ ফলত তেওঁলোক…
-
খাৰখোৱা
খাৰখোৱা এটা অসমীয়া শব্দ যাৰ দ্বাৰা এনে এজন লোকক বুজোৱা হয় যিজন আৱশ্যকীয়ভাৱে অসমীয়া নৃগোষ্ঠীয় মূলৰ আৰু মধ্যযুগীয় অসম মুলুকৰ বাসিন্দাৰ বংশধৰ। খাৰখোৱা শব্দটি অসমীয়া ব্যংগাত্মক, বিদ্ৰূপাত্মক আৰু কেতিয়াবা গহীন সাহিত্যত আৰু লগতে সাধাৰণ কথা-বতৰাত এজন খাঁটি অসমীয়া সাধাৰণ লোকক বুজাবলৈ সততে ব্যৱহাৰ…
-
খুমটাই বিধানসভা সমষ্টি
খুমটাই বিধানসভা সমষ্টি (ইংৰাজী: Khumtai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
খ্যেক ফুৰালুং
ফুৰালুং বা খ্যেক ফুৰালুং বা খ্যেক ফ্ৰালুং (𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫,অৰ্থ:মহান ড্ৰেগনৰ আৰাধনা) হৈছে টাই-আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ফুৰালুং ধৰ্মৰ এক অনুষ্ঠান যত সৃষ্টিকৰ্তা ড্ৰেগন ফুৰালুংৰ আৰাধনা কৰা হয়।সাধাৰণতে মে-দাম-মে-ফিৰ আগদিনা সন্ধ্যা এই অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ১০১ গছ চাকি জ্বলাই বন্দনা কৰা হয়।
-
গ
গ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'গ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'গ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'গ'-ক এনেদৰে লিখা যায়।
-
গগনচন্দ্ৰ অধিকাৰী
গগনচন্দ্ৰ অধিকাৰী (Gagan Chandra Adhikari জন্ম: ১ জুন ১৯৪১ – মৃত্যু: ৩০ ছেপ্টেম্বৰ ২০২০) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত।
-
গঙা চিলনীৰ পাখি (উপন্যাস)
গঙা চিলনীৰ পাখি (Ganga Silonir Pakhi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৬৫ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনৰ আধাৰত ছবি-নিৰ্মাতা পদুম বৰুৱাই ১৯৭৬ চনত একে নামেৰে এখনি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।
-
গঙাচিলনী
গঙাচিলনী (Indian River Tern, বৈজ্ঞানিক নাম-Sterna aurantia) এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। পাকিস্তানৰ পৰা পূবে ভাৰতীয় উপমহাদেশৰ মাজেৰে ম্যানমাৰ, থাইলেণ্ড আৰু কম্বোডিয়ালৈকে অন্তৰ্দেশীয় নদীৰ কাষৰ ই বাসিন্দা আৰু প্ৰজননকাৰী, য'ত ই সহজলভ্য নহয়৷ বেছিভাগ ষ্টেৰ্না টাৰ্ণৰ দৰে ইয়াক প্ৰায়…
-
গহপুৰ বিধানসভা সমষ্টি
গহপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Gohpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও বিশ্বনাথ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
গিলবাৰ্টছন চাংমা
গিলবাৰ্টছন চাংমা অসমৰ এগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ।