অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
বাৰবাসী আই
বাৰবাসী আই ( Barabasi Aai) শংকৰদেৱৰ শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাৰ পত্নী আছিল৷ তেওঁ নিজেও শংকৰদেৱত শৰণ লৈ আইসকলৰ মাজত ধৰ্ম প্ৰচাৰত আগভাগ লৈছিল৷ বাৰটি সজ গুণৰ অধিকাৰী আছিল বাবে তেওঁৰ নাম বাৰবাসী থোৱা হৈছিল৷ শংকৰদেৱত শৰণ লোৱাৰ আগতে ভবানন্দ এগৰাকী ব্যৱসায়ী আছিল৷ নানা ধৰণৰ ব্যৱসায় কৰি কৰি ডিঙ্গানগৰত…
-
বাৰেকুৰি
বাৰেকুৰি অসমৰ তিনিচুকীয়া জিলাৰ এখন গাঁও। ই তিনিচুকীয়া চহৰৰপৰা প্ৰায় ১৯ কিলোমিটাৰ দূৰত অৱস্থিত। বাৰেকুৰি কেইবাখনো সৰু সৰু গাঁও একেলগ হৈ গঠিত এক বৃহৎ গ্ৰাম্য বসতি। বাৰেকুৰি বিশেষকৈ হলৌ বান্দৰৰ সৈতে স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া সহাৱস্থানৰ বাবে পৰিচিত।
-
বাৰেমতৰা
অসমীয়া ভাষাত ব্যঞ্জনবৰ্ণ আৰু স্বৰবৰ্ণৰ মাত্ৰা যোগ হৈ সৃষ্টি হোৱা আখৰৰ ক্ৰমক বাৰেমতৰা বোলা হয়। হিন্দী ভাষাত ইয়াক বাৰহখড়ী (बारहखड़ी) নামেৰে জনা যায়। তলত অসমীয়া বৰ্ণসমূহৰ বাৰেমতৰা তালিকা দিয়া হৈছে।
-
বাৰ্তাপখিলী
বাৰ্তাপখিলী অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী৷ ভাষা, সাহিত্য, সংস্কৃতি বিষয়ৰ আৰু আঠাইশ বছৰ ধৰি প্ৰকাশ পাই অহা আলোচনীখনৰ ইণ্টাৰনেচনেল ষ্টেণ্ডাৰ্ড ছিৰিয়েল নাম্বাৰ হ’ল ISSN 2249-9865৷
-
বাৰ্তালাপ
বাৰ্তালাপ (Baartalaap) এটি ডিজিটেল মিডিয়া প্ৰতিষ্ঠান। ২০২১ চনৰ ২৩ জুন তাৰিখে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা বাৰ্তালাপ হৈছে এটা মনোৰঞ্জনধৰ্মী অনুষ্ঠান।ইয়াৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীত।
-
বিকালী মহাবিদ্যালয়
বিকালী মহাবিদ্যালয় (Bikali College) নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে ধূপধৰা অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৮২ চনৰ ১৪ এপ্ৰিল তাৰিখে এটি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সংগঠন 'বিকালী মৌজা উন্নয়ন সমিতি'ৰ অধীনত ৫২খন গাঁৱৰ জনসাধাৰণৰ দ্বাৰা প্ৰতিষ্ঠিত।
-
বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি
বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি(Bichitra Abhigyata aru Anubhuti) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২০ টা প্ৰবন্ধ আছে।
-
বিজ্ঞান জগতত অসমীয়া মহিলা
সোতৰ, ওঠৰ আৰু ঊনৈশ শতিকাত বেছিভাগ মহিলাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু গৱেষণাগাৰত প্ৰৱেশাধিকাৰ নাছিল। ১৮৬৮ চনত প্ৰথমবাৰৰ বাবে পেৰিছ বিশ্ববিদ্যালয়ত (ছৰবন) মহিলাক নামভৰ্তি কৰিবলৈ দিয়া হৈছিল।১৮৭২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ত মহিলাক বিজ্ঞান পঢ়িবলৈ নামভৰ্তি কৰিবলৈ অনুমতি দিয়াত মহিলাক এনে সুবিধা দিয়া…
-
বিজ্ঞান নগৰী, গুৱাহাটী
বিজ্ঞান নগৰী, গুৱাহাটী অসমৰ গুৱাহাটীৰ উপকণ্ঠ অঞ্চল টেপেচিয়া, সোণাপুৰত অৱস্থিত এটা বৃহৎ বিজ্ঞান শিক্ষা আৰু প্ৰদৰ্শনী কেন্দ্ৰ। ২০২৬ চনৰ ১০ মাৰ্চত উদ্বোধন কৰা এই কেন্দ্ৰটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ বিজ্ঞান কেন্দ্ৰ হিচাপে পৰিগণিত হয়।
-
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ (Science College, Kokrajhar) হৈছে ১৯৯৫ চনত স্থাপিত অসমৰ কোকৰাঝাৰত অৱস্থিত এখন সাধাৰণ বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
বিদুৰভাই (চলচ্চিত্ৰ)
ত্ৰৈলোক্য বৰুৱা বলিন বৰা উদ্দীপনা বৰা হীৰক জ্যোতি বৰদলৈ শৰ্মিষ্ঠা দাস পংকজ মহন্ত বিদুৰভাই (ইংৰাজী: Bidurbhai) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এখন কমেডি-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
বিদ্যা নিকেতন, ৰাজগড়
বিদ্যা নিকেতন, ৰাজগড় হৈছে ৰাজগড় অঞ্চলৰ এখন বিদ্যালয়। ১৯৯৪ চনৰ ১৫ মাৰ্চ তাৰিখে ২নং নভকতীয়া অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়। বিদ্যালয়খন জয়পুৰ ব্লক আৰু ৰাজগড় মণ্ডলৰ অন্তৰ্গত।
-
বিনন্দ বৰুৱা
বিনন্দ বৰুৱা (Binanda Boruah) আছিল গল্পকাৰ, নাট্যকাৰ। ১৯২৮আৰু ১৯২৯চনত ' অসম ছাত্ৰ সন্মিলন'ৰ মুখপত্ৰ' মিলন' ৰ সম্পাদক আছিল।
-
বিনয় মোহন শইকীয়া
বিনয় মোহন শইকীয়া (Binoy Mohan Saikia) এজন লেখক, সম্পাদক আৰু বিদ্যুৎ বিতৰণ কোম্পানীৰ জ্যেষ্ঠ বিষয়া। ২০২৩ চনলৈকে তেখেতে বাইছখন মৌলিক গ্ৰন্থ, ষোল্লখন অনুবাদ গ্ৰন্থ আৰু দহখন সম্পাদনা গ্ৰন্থ প্ৰকাশ কৰিছে। অসমীয়া জীৱনী গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।
-
বিপদৰ বন্ধু
বিপদৰ বন্ধু (Bipodor Bondhu) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে।
-
বিপাশা বৰা
বিপাশা বৰা (Bipasha Borah) হৈছে এগৰাকী অসমীয়া গল্পকাৰ।
-
বিপুল কুমাৰ দত্ত
বিপুল কুমাৰ দত্ত ( Bipul Kumar Dutta) অসমৰ নলবাৰী জিলাৰ নিজ পকোৱা গাঁৱৰ এগৰাকী প্ৰগতিবাদী কবি আৰু অনুবাদক। তেওঁ অসমীয়া আৰু বাংলা ভাষাত সাহিত্য চৰ্চা কৰিছিল আৰু বাংলাদেশতো তেওঁৰ জনপ্ৰিয়তা আছিল। প্ৰগতিশীল চিন্তা আৰু চেতনাৰে কাব্য সাহিত্যক সমৃদ্ধ কৰা কবিগৰাকীৰ ১৩ জুন ২০২৫ত মৃত্যু হয়।
-
বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়
বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে নিউ বঙাইগাঁৱৰ ৰেলৱে টাউনশ্বিপৰ কেন্দ্ৰীয় কলনী অঞ্চলত ১৯৬৫ চনত প্ৰতিষ্ঠিত এখন বাংলা মাধ্যমৰ বিদ্যালয়। এই বিদ্যালয় SEBAৰ অধীনত চলা বঙালি মাধ্যমৰ বিদ্যালয়।
-
বিভিন্ন নৰক
বিভিন্ন নৰক (Bivinno Norok) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। দাৰিদ্ৰৰ বিষয়ে কেইখনমান ৰচনা সন্নিৱিষ্ট সংকলনখন প্ৰথম ১৯৬৬ চনৰ জুলাই মাহত মিত্ৰ এজেঞ্চি এণ্ড কোম্পানীয়ে তিনিচুকীয়াৰ পৰা প্ৰকাশ কৰে।
-
বিভিন্ন ভাষাৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা
বিনামূলীয়া ইণ্টাৰনেট সংস্কৰণ (ই-পেপাৰ): অন্যান্য: অসমীয়া প্ৰতিদিন জনসাধাৰণ (বৰ্তমান বন্ধ) দৈনিক অগ্ৰদূত দৈনিক অসম অৰুণোদই অসম সাহিত্য সভা পত্ৰিকা গৰীয়সী জোনাকী নতুন আৱিষ্কাৰ প্ৰান্তিক বিস্ময় মৌচাক ৰংমন ৰূপকাৰ === বৰ্তমান প্ৰচলিত বাত
-
বিভূতি লহকৰ
বিভূতি প্ৰসাদ লহকৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু পৰিস্থিতি বিজ্ঞানী (Ecologist)। তেওঁ অসমৰ ঘাঁহনি অঞ্চলৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয় আছিল অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নল গাহৰিৰ বিস্তৃতি অধ্যয়ন।
-
বিভৱ কুমাৰ তালুকদাৰ
বিভৱ কুমাৰ তালুকদাৰ (Bibhab Kumar Talukdar) এজন ভাৰতীয় সংৰক্ষণবিদ আৰু জীৱবিজ্ঞানী। তেওঁ অসমৰ গুৱাহাটীত অৱস্থিত বন্যপ্ৰাণীৰ অগ্ৰণী বেচৰকাৰী সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক। ই ভাৰতৰ এটা বৈজ্ঞানিক, ঔদ্যোগিক গৱেষণা কেন্দ্ৰ আৰু আগশাৰীৰ পৰিৱেশ সংস্থা।
-
বিমল মজুমদাৰ
বিমল মজুমদাৰ একাধাৰে লেখক, সম্পাদক, ঔপন্যাসিক, অধ্যাপক৷ তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷
-
বিশ্বেশ্বৰ বৈদ্যাধিপ
বিশ্বেশ্বৰ বৈদ্যাধিপ আছিল অসমত বৃটিছ শাসনৰ কালছোৱাৰ প্ৰাৰম্ভণি পৰ্যায়ৰ বুৰঞ্জী লেখকসকলৰ অন্যতম। তেখেত কুলত দৈৱজ্ঞ আৰু পুৰন্দৰ সিংহৰ দ্বিতীয় আমোলত প্ৰধান বৈদ্য বা বৈদ্যাধিপতি আছিল। এওঁৰ আন এটা নাম হৈছে বিকাৰাম। পতনমুখী আহোম শাসনতন্ত্ৰক ভেটি কৰি লিখা তেওঁৰ সৃষ্টিকৰ্ম হ'ল- বেলিমাৰৰ বুৰঞ্জী।
-
বিষহৰি থান
দিঘেলী, নলবাৰী, অসম। বিষহৰি থানৰ প্ৰতিষ্ঠাৰ সময়ৰ শুংসূত্ৰ বিচাৰ:
-
বিষ্ণু ভাৰতী
বিষ্ণু ভাৰতী আছিল শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক কবি। তেওঁ ভাগৱতৰ চতুৰ্থ স্কন্ধৰপৰা বিষয়বস্তু সংগ্ৰহ কৰি 'ধ্ৰুৱ চৰিত্ৰ' আৰু 'ভাগৱত-ৰত্ন' নামে দুখন পুথি ৰচনা কৰে। 'ভাগৱত ৰত্ন', গ্ৰন্থখন দ্বাদশ স্কন্ধ ভাগৱতৰ সাৰ স্বৰূপ। এই গ্ৰন্ধখন ভাগৱত আচাৰ্যৰ 'ভাগৱত-কথাসূত্ৰ'ৰ একে পৰ্যায়ৰ।
-
বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ)
বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীভিত্তিক এখন গ্ৰন্থ। গ্ৰন্থখনৰ লিখক হৈছে তিলক দাস। তিলক দাসে গ্ৰন্থখনৰ নাম সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত “বিষ্ণু ৰাভা,এতিয়া কিমান ৰাতি” নামৰ কবিতাটোৰ অনুকৰণত ৰাখিছিল।
-
বিষ্ণু ৰাভা স্মৃতি উদ্যান
বিষ্ণু ৰাভা স্মৃতি উদ্যান বা সমন্বয় ক্ষেত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ। ২০০৫ চনত এই সমন্বয় ক্ষেত্ৰখন স্থাপিত হয়। বৰ্তমান এই ক্ষেত্ৰখন উদ্যানৰ দৰে সঁজাই তোলা হৈছে। তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ দ্বাৰা এই উদ্যানখন পৰিচালিত।
-
বিহুৰাম বড়ো
বিহুৰাম বড়ো (बिहुराम बर') ওৰফে বিছৰাম বড়ো এগৰাকী সাহিত্যিক, শিক্ষাবিদ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক।
-
বিৰিঞ্চি কুমাৰ মেধি
বিৰিঞ্চি কুমাৰ মেধি এগৰাকী অসমীয়া গল্পকাৰ। তেওঁ উপন্যাস, শিশুৰ উপযোগী গ্ৰন্থ লিখাৰ লগতে গ্ৰন্থ সম্পাদনাও কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।