বিকালী মহাবিদ্যালয় (Bikali College) নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে ধূপধৰা অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৮২ চনৰ ১৪ এপ্ৰিল তাৰিখে এটি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সংগঠন 'বিকালী মৌজা উন্নয়ন সমিতি'ৰ অধীনত ৫২খন গাঁৱৰ জনসাধাৰণৰ দ্বাৰা প্ৰতিষ্ঠিত। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১২
ইতিহাস
ঐতিহাসিক ‘হাব্ৰাঘাট পৰগনা'ৰ এটি অংশৰে বিকালী মহাবিদ্যালয়ৰ নামকৰণ কৰা হৈছে। মহাবিদ্যালয়খন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা ধূপধৰা বজাৰৰ পৰা ০.৭৫ কিলোমিটাৰ দূৰত ধূপধৰা দ্বিতীয় খণ্ডৰ অন্তৰ্গত। মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ দায়িত্ব গাঁৱবাসীয়ে কান্ধপাতি লয় আৰু ১৯৭৪ চনৰ ৩০ নৱেম্বৰ তাৰিখে প্ৰয়াত উপেন্দ্ৰ নাৰায়ণ সৰণিয়াৰ সভাপতিত্বত প্ৰথম সভা অনুষ্ঠিত হয় আৰু তত্কালীন বিধায়ক আনন্দী বালা ৰাভাক সভাপতি আৰু ইসমাইল আলীক সহ-সভাপতি মনোনীত কৰা হয়। ১৯৯২ চনত মহাবিদ্যালয়খন deficit grant- in- aid system লৈ অনা হয়। ২০০৪ চনত প্ৰথম ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাক (NAAC) দলৰ পৰামৰ্শ অনুযায়ী বাণিজ্য শাখা আৰম্ভ হয় আৰু বৰ্তমান এই শাখাত হিচাপবিদ্যা, বিত্ত আৰু ব্যৱস্থাপনাকে আদি কৰি মেজৰ বিষয়সমূহৰ লগতে পৰিপূৰ্ণ হৈছে। পাৰ্শ্বৱৰ্তী অঞ্চল আনকি মেঘালয়ৰ পশ্চিম গাৰো পাৰ্বত্যৰ দৰে দূৰৱৰ্তী স্থানৰ পৰা শিক্ষাৰ্থীসবক আকৰ্ষণ কৰিবলৈ এই মহাবিদ্যালয়খনে সক্ষম হয়। পলমকৈ, এই মহাবিদ্যালয়খনত বিজ্ঞান শাখাও সংযোগ কৰা হৈছে।
শাখা
প্ৰতিষ্ঠানটোৱে উচ্চ মাধ্যমিক স্তৰত কলা, বাণিজ্য, বিজ্ঞান শাখা সৰবৰাহ কৰে আৰু প্ৰায় সকলো বিষয়ে স্নাতক স্তৰত সামৰি লোৱা হৈছে। কৰ্মজীৱনমুখী বা কেৰিয়াৰ প্ৰগ্ৰামাৰৰ লগতে পি.জি. অসমীয়া আৰু ভূগোলৰ কোৰ্স সফলভাৱে চলাই নিয়া হৈছে।
মান্যতা
২০১৬ চনত মহাবিদ্যালয়খনে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘বি’ গ্ৰেড পাবলৈ সক্ষম হয়।৩ মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় মঞ্জুৰি কমিশন (ভাৰত)' (University Grants Commission (India)) দ্বাৰাও স্বীকৃত।৪
বিভাগ
কলা শাখা
- অসমীয়া
- বড়ো
- ইংৰাজী
- শিক্ষা
- অৰ্থনীতি
- বুৰঞ্জী
- ৰাজনীতি
- ভূগোল
বাণিজ্য শাখা
- বিত্ত
- হিচাপবিজ্ঞান
- ব্যৱস্থাপনা
- পৰিসংখ্যা
বিজ্ঞান শাখা
- গণিত
- পদাৰ্থ বিজ্ঞান
- ৰসায়ন বিদ্যা
- উদ্ভিদ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
অধ্যক্ষসকল
| নাম | কাৰ্যকাল | তথ্য প্ৰসংগ |
|---|---|---|
| ড॰ মলিনা দেৱী ৰাভা | -২০২০ | ৫ |
| ড॰ এম. গোপাল সিং | ২০২০-২০২০ | |
| ড॰ মনোজ গগৈ | ২০২০-বৰ্তমানলৈ |
তথ্যসূত্ৰ
- ↑ Affiliated Colleges. Guahati University
- ↑ Provincialised colleges affiliated to Guahati University. Directorate of Higher Education, Assam
- ↑ CCycle311586. National Assessment & Accreditation Council
- ↑ Colleges in Assam. University Grants Commission
- ↑ Principal of Bikali College, Dhupdhara
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিকালী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৬৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।