বিভূতি প্ৰসাদ লহকৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু পৰিস্থিতি বিজ্ঞানী (Ecologist)।১ তেওঁ অসমৰ ঘাঁহনি অঞ্চলৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয় আছিল অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নল গাহৰিৰ বিস্তৃতি অধ্যয়ন।
গৱেষণা
ড॰ বিভূতি লহকৰে অসমৰ মানাহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিৰ পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন দিশৰ ওপৰত গৱেষণা চলাই আহিছে। ২
মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটা দশক ধৰি তেওঁ কৰি অহা প্ৰচেষ্টাৰ বাবে ২০১১ চনত উদ্যানখন বিপদাক্ৰান্ত ৱৰ্ল্ড হেৰিটেজ চাইট (World Heritage in Danger) ৰ তালিকাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয়। মানাহৰ কাষৰীয়া গাঁৱসমূহত তেওঁ ভালেসংখ্যক সভা আৰু আলোচনাচক্ৰৰ আয়োজন কৰি স্থানীয় লোকক উদ্যানখনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰি আহিছে। তদুপৰি স্থানীয় যুৱকসকলক দৰকাৰী প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত তেওঁ অৱদান যোগাইছ। তেওঁ এশৰো অধিক যুৱক-যুৱতীক জীৱবৈচিত্ৰ্যৰ জৰীপ আৰু ট্যুৰ গাইড হোৱাৰ প্ৰশিক্ষণ দিছে বুলি জনা যায়। ৩
বিভূতি লহকৰে মানাহত সামাজিক সংৰক্ষণৰ আৰু হোলোঙাপাৰ গিবন অভয়াৰণ্যত হলৌ বান্দৰৰ গৱেষণাৰ বাবে ৰাফৰ্ডছ ফাউণ্ডেশ্যনৰ পৰা পুঁজি লাভ কৰিছে।৪
বঁটা আৰু সন্মান
- আই ইউ চি এন ৱৰ্ল্ড হেৰিটেজ হিৰ’ বঁটা (IUCN World Heritage Hero Award)৫
তথ্যসূত্ৰ
- ↑ (25 August 2016). Assam ecologist nominated for IUCN award. দ্য আছাম ট্ৰিবিউন
- ↑ (25 July 2008). Land-use and land-cover change and future implication analysis in Manas National Park, India using multi-temporal satellite data. Current Science VOL. 95, NO. 2, 25 JULY 2008
- ↑ www.iucn.org/theme/world-heritage/our-work/globa
- ↑ Bibhuti Prasad Lahkar: Strengthening the Conservation Regime of Manas World Heritage Site Through Community Participation. The Rufford Foundation
- ↑ Bibhuto Lahkar. IUCN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভূতি লহকৰ” প্ৰবন্ধৰ সংশোধন ৫৩৪০৬৬ (২০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।