অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বাৰবাসী আই

বাৰবাসী আই ( Barabasi Aai) শংকৰদেৱৰ শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাৰ পত্নী আছিল৷ তেওঁ নিজেও শংকৰদেৱত শৰণ লৈ আইসকলৰ মাজত ধৰ্ম প্ৰচাৰত আগভাগ লৈছিল৷ বাৰটি সজ গুণৰ অধিকাৰী আছিল বাবে তেওঁৰ নাম বাৰবাসী থোৱা হৈছিল৷ শংকৰদেৱত শৰণ লোৱাৰ আগতে ভবানন্দ এগৰাকী ব্যৱসায়ী আছিল৷ নানা ধৰণৰ ব্যৱসায় কৰি কৰি ডিঙ্গানগৰত…

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৩৫
সংশোধনৰ পৰামৰ্শ

বাৰবাসী আই ( Barabasi Aai) শংকৰদেৱৰ শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাৰ পত্নী আছিল৷ তেওঁ নিজেও শংকৰদেৱত শৰণ লৈ আইসকলৰ মাজত ধৰ্ম প্ৰচাৰত আগভাগ লৈছিল৷ বাৰটি সজ গুণৰ অধিকাৰী আছিল বাবে তেওঁৰ নাম বাৰবাসী থোৱা হৈছিল৷১

শংকৰদেৱত শৰণ লোৱাৰ আগতে ভবানন্দ এগৰাকী ব্যৱসায়ী আছিল৷ নানা ধৰণৰ ব্যৱসায় কৰি কৰি ডিঙ্গানগৰত বাস কৰাৰ সময়ত তেওঁ পাণৰ ব্যৱসায় কৰিছিল৷ সেইসময়ত তেওঁৰ সজ আচৰণ আৰু ব্যৱসায়ৰ শ্ৰীবৃদ্ধি দেখি দীঘল কায়থ নামৰ এজন লোকে তেওঁৰ ৰূপৱতী কন্যা বাৰবাসীক তেওঁলৈ বিয়া দিয়ে৷ বিয়াৰ পিছত তেওঁলোক হালধীয়া গ্ৰামত বসবাস কৰিবলৈ লয়৷১ভবানন্দ ডিঙ্গানগৰত যিঘৰ মানুহৰ বাৰীত ঘৰ সাজি বাস কৰি আছিল সেইঘৰৰে দুহিতা বাৰবাসী৷ তেওঁ ভবানন্দৰ ঘৰ-বাৰী পৰিস্কাৰ কৰা আদি কাম কৰি দি ভবানন্দক ভাল পাই মাকৰ আগত তেওঁলৈ বিয়া হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷

মহা গহীন গম্ভীৰ ধীৰ সান্ত দিব্য সুন্দৰী সৰ্ব্ব সুলক্ষণী: তেৱে আতাৰ পৰিচৰ্যা সেৱাখানি কৰিচিল আগতে: সৰা মচা খৰি পানি .......... এদিন মাকত কলে বোলে পিতাত কবা আমাক আৰাতে বিয়া দি থব৷’’২

এই ভবানন্দ পিছলৈ নাৰায়ণ দাস ঠাকুৰ আতা নামে জনাজাত হৈছিল৷

বাৰবাসী আই অতি উদাৰমনা নাৰী আছিল৷ নাৰায়ণ দাস ঠাকুৰ আতাই তেওঁৰ সন্মতিতহে বাৰবাসীক শংকৰদেৱৰ ওচৰত শৰণ দিয়াইছিল৷ তাৰ পিছৰ পৰাই স্বামী-স্ত্ৰী দুয়ো ভকতৰ সেৱাতে তেওঁলোকৰ সকলো ধন-সম্পদ ব্যয় কৰিছিল৷ মধাই নামৰ ভিক্ষু এজনক ভিক্ষাবৃত্তি এৰি তেওঁ শংকৰদেৱৰ ধৰ্মত মন সঁপি দিবলৈ উপদেশ দি তেওঁৰ যাৱতীয় খৰচ নিজে বহন কৰিছিল৷ ঠাকুৰ আতাই পত্নীক সোণৰ আঙুঠি গঢ়াই দিয়াত আপত্তি কৰি সেই ধন দৰিদ্ৰ ভকতসকলৰ বাবে ব্যয় কৰিবলৈ দিছিল৷ সংসাৰী হয়ো দুয়ো উদাসীন আছিল৷৩

শংকৰদেৱ পাটবাউসীত থাকোঁতে নৰনাৰায়ণ ৰজাই কেইজনমান ব্ৰাহ্মণৰ মিছা অভিযোগত তেওঁক ধৰিবলৈ গৰমলি পঠিয়ায়৷ খবৰ পাই তেও শএই ঠাইৰ পৰা আঁতৰি যোৱাত গৰমলিয়ে নাৰায়ণ দাস ঠাকুৰ আতা আৰু গোকুল চান্দ আতৈ ধৰি নিয়ে৷ স্বামীৰ অনুগামিনী হৈ বাৰবাসীও তেওঁলোকৰ পিছে পিছে যায়৷ ৰজাৰ দূতে ঠাকুৰ আতা আৰু গোকুল চান্দক ধৰি পোতাশালত থয়৷ কিন্তু দয়াপৰবশ হৈ হৰিগতি নামৰ গৰমলিজনে বাৰবাসীক নিজৰ ঘৰতে আশ্ৰয় দি ৰাখে৷ অন্তঃসত্বা আই তাতেই থাকি স্বামীৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰি দিন নিয়ায়৷ কিছুদিন পিছত গৰমলিৰ ঘৰতে বাৰবাসীৰ এটা পুত্ৰসন্তান জন্ম হয়৷ পিছত ৰজাই তেওঁলোকক মুক্তি দিয়াত বাৰবাসীয়ে সন্তানসহ স্বামীক দেখা কৰি শংকৰ গুৰুৰ কাষলৈ আহে আৰু শংকৰদেৱে সন্তানটোৰ নাম পৰমানন্দ ৰাখে৷১২ পৰমানন্দৰ পিছত তেওঁলোকৰ কেইবাটিও সন্তান জন্ম হৈছিল৷ গুৰু চৰিতত আছে, সাংসাৰিক দিশৰ প্ৰতি সম্পূৰ্ণ উদাৰ দুয়ো স্বামী-স্ত্ৰীয়ে তেওঁলোকৰ কিমান সন্তান আছে তাৰে হিচাপ নাজানিছিল৷ এবাৰ শংকৰদেৱে ঠাকুৰ আতাক সোধাত পত্নীক সুধি ক’ম বুলিছিল যদিও বাৰবাসীয়েও সদুত্তৰ দিব নোৱাৰিছিল৷ ধৰ্ম আৰু কৰ্মত সমানে নিমজ্জিত আছিল তেওঁলোকৰ মন৷ বৃন্দাবনী বস্ত্ৰ বোৱাৰ সময়ত ঠাকুৰ আতাই গুৰু দায়িত্ব পালন কৰাৰ সময়ত বাৰবাসীয়েও স্বামীক নানা ধৰণে সহায় কৰিছিল তেওঁ নিজেও নিপুণ শিপিনী আছিল৷ ঘোষা-পদ তেওঁৰ মুখস্থ আছিল৷ আইসকলক তেওঁ নেতৃত্ব দি আগুৱাই নিছিল৷১ স্বামী ঠাকুৰ আতাৰ মৃত্যুৰ পিছত বাৰবাসী আইৰ বিষয়ে চৰিত পুথিসমূহত উল্লেখনীয় কথা পোৱা নাযায়৷

তথ্যসূত্ৰ

  1. ↑ দাস, অৰ্জুন চন্দ্ৰ. (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃ. ৪৯
  2. ↑ নেওগ, মহেশ্বৰ(সম্পা:). (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃ. ৭১-৭২
  3. ↑ বৰা, ৰেণু. (২০১৬). বাৰবাসী আই. মৌচাক

সম্পৰ্কিত শ্ৰেণী

অসমৰ নাৰীনৱবৈষ্ণৱ ধৰ্মমহাপুৰুষীয়া ধৰ্মৰ অনুগামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰবাসী আই” প্ৰবন্ধৰ সংশোধন ৪৭১৪৯০ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।