অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
প্ৰেম অমৃতৰ নদী
প্ৰেম অমৃতৰ নদী (Prem Amritoro Nodi) হৈছে অসমৰ গল্পকাৰ, সাহিত্যিক, নাট্যকাৰ, ঔপন্যাসিক চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি বিশিষ্ট উপন্যাস। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজীৰ আখ্যানেই এই গ্ৰন্থখনৰ মূল আধাৰ। ১৯৯৯ চনত এই উপন্যাসখন প্ৰকাশিত হৈছিল।
-
পৰাণ কুমাৰ বৰুৱা
পৰাণ কুমাৰ বৰুৱা (Paran Kumar Baruah) অসমৰ এগৰাকী সাহিত্যিক আছিল। তেওঁ সাহিত্যৰ বিভিন্ন দিশৰ লগতে সমালোচনা আৰু অনুবাদো কৰিছিল। তেওঁ কুৰিখনতকৈও অধিক কিতাপ লিখিছিল। এইবোৰৰ ভিতৰত “শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম’’ শীৰ্ষক গ্ৰন্থখনৰ বাবে তেওঁ ভীমৰাও আম্বেদকাৰ বঁটা লাভ কৰিছিল।
-
পৰিচয় (গ্ৰন্থ)
পৰিচয় (ইংৰাজী: Parichay) হৈছে অসমৰ সাহিত্যিক দণ্ডিনাথ কলিতাৰ দ্বাৰা লিখিত এখন সামাজিক উপন্যাস৷ উপন্যাসখন পোনপ্ৰথমবাৰৰ বাবে ১৯৫০ চনত প্ৰকাশিত হৈছিল৷
-
পৰিস্মিতা সিং
পৰিস্মিতা সিং (Parismita Singh; জন্ম: ১৯৭৯/১৯৮০) এগৰাকী ভাৰতীয় লেখিকা, চিত্ৰকৰ, গ্ৰাফিক ঔপন্যাসিক আৰু শিক্ষাবিদ। পাও কালেকটিভৰ প্ৰতিষ্ঠাপক সদস্য। তেওঁৰ গ্ৰন্থ দ্য হোটেল এট দ্য এণ্ড অৱ দ্য ৱৰ্ল্ড, শক্তি ভাট প্ৰথম গ্ৰন্থ বঁটাৰ বাবে চৰ্টলিষ্ট হৈছিল আৰু ভাৰতত প্ৰকাশিত প্ৰথম গ্ৰাফিক উপন্যাসসমূহৰ ভিতৰত…
-
পৰিৱেশৰ বাবে সামান্য কাম (গ্ৰন্থ)
পৰিৱেশৰ বাবে সামান্য কাম (Pariveshar babe xamanya kam) ড° দীনেশ চন্দ্ৰ গোস্বামীৰ পৰিৱেশ বিষয়ক জনপ্ৰিয় বিজ্ঞানৰ এখন প্ৰবন্ধ সংকলন। ২০১৭ চনৰ আগষ্ট মাহত অসম বুক ট্ৰাষ্ট, গুৱাহাটী -১, অসমৰ পৰা সংকলনটি প্ৰকাশিত হয়।
-
পৰীক্ষিত হাজৰিকা
পৰীক্ষিত হাজৰিকা অসমৰ এগৰাকী অধ্যাপক আৰু গৱেষক। তেখেতৰ জন্ম হৈছিল নলবাৰী জিলাৰ নদ্দীৰ চুৰচুৰী গাঁৱৰ হাজৰিকা পাৰাত ১৯৩৪ চনত। পিতৃৰ নাম ৰঘুৰাম হাজৰিকা আৰু মাতৃৰ নাম ডালিমীপ্ৰিয়া হাজৰিকা।
-
পৰেশ চৌধুৰী
পৰেশ চৌধুৰী অসমৰ এগৰাকী ছাত্ৰনেতা আৰু অসমৰ ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভাৰতীয় খাদ্য নিগমৰ এগৰাকী বিষয়া আছিল।
-
পৰেশ বৈশ্য
পৰেশ বৈশ্য ( ইংৰাজী: Paresh Baishya) এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক আৰু সমাজকৰ্মী। তেখেত শিক্ষা আৰু সাংবাদিকতাৰ উত্তৰণ আৰু সামাজিক পৰিবৰ্তনৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী। কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।
-
পৱিত্ৰ অসম
পৱিত্ৰ অসম অসমৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে মহেশ্বৰ নেওগৰ দ্বাৰা সংকলিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় অক্টোবৰ ১৯৬০ চনত। প্ৰকাশক অসম সাহিত্য সভা। গ্ৰন্থখনত অসমৰ প্ৰতিখন জিলাৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে।
-
ফণীন্দ্ৰনাথ গায়ন
ফণীন্দ্ৰনাথ গায়ন অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক আৰু সমাজকৰ্মী। সাহিত্যৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ শিশুৰ বাবে লিখা সাহিত্যৰ বাবে জনপ্ৰিয়।
-
ফা-চিন
ফা-চিন (𑜏𑜢𑜃𑜫, লাও: ສິ້ນ; থাই: ซิ่น, ผ้าซิ่น; টাই নুৱা: ᥔᥤᥢᥲ) বা আহোম মেখেলা হৈছে হাতেৰে নিৰ্মিত পৰম্পৰাগত টাই জাতিৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা মেখেলা।
-
ফাইলাও বসুমতাৰী
ফাইলাও বসুমতাৰী (ইংৰাজী: Pwilao Basumatary; জন্ম: ৫ মাৰ্চ ১৯৯৩) এজন ভাৰতীয় বক্সাৰ। ২০১১ চনৰ আন্তৰ্জাতিক বক্সিং এছ'চিয়েচন (এমেচাৰ) মহিলা যুৱ আৰু জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত আণ্টালিয়াত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
-
ফাবাংকূট উৎসৱ
ফাবাংকূট উৎসৱ উৎসৱ ডিমা হাচাও জিলাত বসবাস কৰা কম জনসংখ্যাৰ ’বেইটে’ সম্প্ৰদায়ৰ পয়োভৰপূৰ্ণ জাতীয় উৎসৱ৷ এই উৎসৱ কৃষিকৰ্মৰ লগত জড়িত৷ কৃষিকৰ্মৰ লগত জড়িত আন আন উৎসৱসমূহ হ’ল, কৃষিৰ আৰম্ভণিৰে পৰা একাদিক্ৰমে চেমচ’ই কূট, পামচাৰ কূট, লাবাংকূট আদি৷ তেওঁলোকৰ উৎসৱসমূহ প্ৰধানকৈ দুই ভাগত ভগাব পাৰি,…
-
ফাৰকান্তি
ফাৰকান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম। ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ মাজতহে এই ফাৰকান্তি উৎসৱৰ প্ৰচলন আছে। এই শ্ৰাদ্ধ অনুষ্ঠানত ইনাই-বিনাই কান্দি একধৰণৰ শোকগীত পৰিৱেশন কৰা হয়। ইয়াকে ফাৰকান্তি গীত বোলা হয়।
-
ফিলিপ ৰিচাৰ্ড থৰ্নহাগ গৰ্ডন
ফিলিপ ৰিচাৰ্ড থৰ্নহাগ গৰ্ডন বা পি আৰ টি গৰ্ডন (Philip Richard Thornhagh Gurdon, ১৮৬৩-১৯৪২) এগৰাকী ব্ৰিটিছ সামৰিক বিষয়া, ঔপনিবেশিক ভাৰতৰ প্ৰশাসনিক বিষয়া আৰু নৃত্তত্ববিদ আছিল। পিতৃৰ নাম মেজৰ জেনেৰেল এভিলীন পুল্টনী গৰ্ডন (Evelyn Pulteney Gurdon)আৰু মাতৃ মেৰী জেন ছেণ্ডিমেন (Mary Jane Sandeman)।
-
ফুখাও চাম ৱা মটক
ফুখাও চাম ৱা মটক ড° কৰবী বৰুৱা গগৈয়ে ৰচনা কৰা এখন গৱেষণামূলক গ্ৰন্থ। টাই ভাষাৰ শব্দৰে গ্ৰন্থখনৰ নামকৰণ কৰা হৈছে আৰু ইয়াৰ অৰ্থ হ'ল ফুখাও অথবা মটক। গ্ৰন্থখনত মটক জনগোষ্ঠীৰ বিভিন্ন দিশ সামৰি ১৮টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে (দ্বিতীয় সংস্কৰণত আৰু ২টা প্ৰবন্ধ সংযোগ কৰা হয়)।
-
ফুলগুৰীয়া জনগোষ্ঠী
ফুলগুৰীয়া হ'ল অসমৰ অন্যতম এটি খিলঞ্জীয়া বড়ো-কছাৰী মূলীয় জনগোষ্ঠী। সমাজবিজ্ঞানী আৰু ব্ৰিটিছ নৃবিজ্ঞানী ছিডনী এণ্ডেলৰ মতে, অসমৰ কছাৰী জনগোষ্ঠীৰ যিবোৰ উপদল বা শাখা আছে, তাৰ ভিতৰত ফুলগুৰীয়া অন্যতম।
-
ফুলটোকা চৰাই
ফুলটোকা চৰাই (Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।
-
ফেলকন উৎসৱ
ফেলকন উৎসৱ (Falcon Festival) হৈছে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছুত উদ্যাপন কৰা এক বাৰ্ষিক উৎসৱ। প্ৰতি বছৰে অক্টোবৰ–নৱেম্বৰ মাহত এই উৎসৱ অনুষ্ঠিত কৰা হয়। বছৰৰ এই সময়টোত, এই অঞ্চললৈ অহা আমুৰ ফেলকন (Falco amurensis) নামৰ পৰিভ্ৰমী চৰাইটোৰ সংৰক্ষণৰ প্ৰতি সজাগতা অনাৰ লক্ষ্যৰে এই উৎসৱ অনুষ্ঠিত কৰা হয়।
-
ফৈজনুৰ আলি
ফৈজনুৰ আলি ( Faijnur Ali) আসাম এশ্যোছিয়েছনৰ প্ৰতিষ্ঠাপক সদস্য আৰু পিছলৈ কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী হৈ অসম বিধান সভা আৰু ভাৰতীয় সংসদৰ সদস্য হৈছিল। তেওঁ এগৰাকী গান্ধীবাদী নেতা আছিল।
-
বকতা জাপিসজীয়া
বকতা জাপিসজীয়া গাঁও (Bokata Japihajia Village) হৈছে অসমৰ এখন গাঁও। গাঁওখন শিৱসাগৰ জিলাৰ বকতা মৌজাৰ পূৱ প্ৰান্তত অৱস্থিত এখন গাঁও। গাঁওখন শিৱসাগৰ মহকুমাৰ অন্তৰ্গত। গাঁওখন নেমুগুৰি থানা, ডাকঘৰ হলগুৰি (চেপন) অধীনত অৱস্থিত। গাঁওখনৰ সীমা দুটা জানেৰে নিৰূপিত কৰিছে বালিজান আৰু বিনুৱাজান।
-
বকো, কামৰূপ
বকো হৈছে ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাত অৱস্থিত এখন চহৰ। চহৰখন ১৩৯ খন গাঁওৰে গঠিত। ই গুৱাহাটী পৰা প্ৰায় ৬০ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
-
বগা চকুৱা টিপচী
বগা চকুৱা টিপচী (Zosterops palpebrosus) বগা চকুৱা পৰিয়ালৰ এটি সৰু পেচেৰিন চৰাই। ইহঁতক চছমা চকুৱা বা বগা চকুৱা টিপচী বুলিও কোৱা হয়। ইহঁত সৰু সৰু গোটত বিভক্ত হৈ বিচৰণ কৰে। অমৃত (nectar) আৰু সৰু সৰু পোক-পৰুৱা খায়।
-
বগা বাবাৰ মাজাৰ
বগা বাবাৰ মাজাৰ ( Boga Baba Mazhar) বা বগা ফকীৰৰ মাজাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াৰ পাঁচআলি অঞ্চলত অৱস্থিত ইছলাম ধৰ্মালম্বীৰ উপাসনাস্থলী। ইয়াত চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টিৰ মাজাৰ। চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি স্থানীয়ভাৱে বগা বাবা হিচাপে বিখ্যাত আছিল।
-
বগা বালিমাহী
বগা বালিমাহী, ( White Wagtail, বৈজ্ঞানিক নাম-Motacilla alba) এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷
-
বগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয়, জালাহ
বগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয় চমুকৈ বি.বি. কিষাণ মহাবিদ্যালয়। মহাবিদ্যালয়খন অসমৰ ২০০৩ চনত গঠিত বি.টি.এ.ডি. অন্তৰ্গত বাক্সা জিলাৰ জলাহঘাটত অৱস্থিত। ১৯৭৮ চনত ভাৰত -ভূটান সীমান্তৰ ওচৰৰ বাক্সা জিলাৰ উত্তৰ-পূব কোণত আৰু জনবসতি থকা জালাহ ব্লক অঞ্চলৰ শিক্ষা আগ্ৰহী ল'ৰা-ছোৱালীক উচ্চ শিক্ষা প্ৰদানৰ বাবে…
-
বগী (উপন্যাস)
গ্ৰন্থ সমালোচনা "বগী" (জীৱনভিত্তিক উপন্যাস):গোবিন কুমাৰ খাউণ্ড
-
বগেজাৰী নৃত্য
বগেজাৰী নৃত্য (Bogejari Dance) ভাৰতৰ অসমৰ পাতিৰাভা জনগোষ্ঠীৰ এক পৰম্পৰাগত লোকনৃত্য। প্ৰধানকৈ মহিলাৰদ্বাৰা পৰিৱেশিত এই নৃত্যই ৰাভা জনগোষ্ঠীৰ ইতিহাস, লোককথা আৰু সামাজিক জীৱনক প্ৰতিফলিত কৰা এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰকাশক প্ৰতিনিধিত্ব কৰে।
-
বঙাল
অসমত বহিৰাগতসকলক বুজাবলৈ ব্যৱহাৰ কৰা এটা শব্দ হ’ল ‘বঙাল’। স্বাধীনতাৰ পূৰ্বৰ কালছোৱাত বংগৰ পৰা অহা ঔপনিৱেশিক বিষয়া (আমোলা) আৰু স্বাধীনতাৰ পৰৱৰ্তী সময়ত হিন্দু বঙালী শৰণাৰ্থীসকলৰ দ্বাৰা অসমত বসতি স্থাপন কৰা হৈছিল। পূব বংগৰ পৰা আহি অসমত বসবাস কৰা মুছলমান কৃষকসকলক বৰ্তমান ‘মিঞা’ বুলি কোৱা হয়।
-
বঙ্কোৱাল
বংকোৱাল হৈছে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ উত্তৰত অৱস্থিত এটা অঞ্চল। বোকাখাত ৰাজহচক্ৰৰ অধীনৰ মহুৰা মৌজাৰ বানে গৰকা এটা অঞ্চল বংকোৱাল। মিচিং সকলৰ তামাৰ গোষ্ঠীৰ লোকসকল এই অঞ্চলটোত বাস কৰে। এই লোক সকলক অসমীয়াভাষী মিচিং বুলিও কোৱা শুনা যায়।